নেচনেল ডেস্ক,28 মাৰ্চ: উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী 52 বৰ্ষীয় বুথ প্ৰেচিডেণ্টৰ মৃতদেহ পথৰ কাষত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ পিঠাপুৰ মলক গাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী ধীৰেন্দ্ৰ বাহাদুৰ সিঙৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ অভিযোগ অনুসৰি, ধীৰেন্দ্ৰ বাহাদুৰ সিঙে দুটা দলৰ মাজৰ বিবাদত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল আৰু শুকুৰবাৰে নিশা তেওঁক প্ৰহাৰ কৰি হত্যা কৰা হয় ৷
জানিব পৰা মতে, ঘটনাৰ খবৰ পোৱা মাত্ৰকে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ দ্বিবেদী আৰু চক্ৰ বিষয়া অভয় পাণ্ডে ঘটনাস্থলীলৈ ৰাওনা হয় যদিও মৃতকৰ পৰিয়াল আৰু গাঁৱবাসীৰ তীব্ৰ বিৰোধৰ সন্মুখীন হয় ৷ কেইবাঘণ্টা সময় গাঁৱবাসীক বুজোৱাৰ পাছত অৱশেষত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
চক্ৰ বিষয়া অভয় পাণ্ডেয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰা নাই ৷
লগতে পঢ়ক: ঝাৰখণ্ডত জঘন্য ঘটনা