ETV Bharat / bharat

বিজেপিয়ে এককভাৱে চৰকাৰ গঠন কৰিব মণিপুৰত : এন বিৰেন সিং - Biren Singh thanks to Manipur people

মণিপুৰত বিজেপিয়ে অকলেই চৰকাৰ গঠন কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী এন বিৰেন সিং ৷ এইবাৰ মিত্ৰতাৰ পৰা বাদ দিব এন পি পি দলক ৷

BJP will form government on its own in Manipur

author img

By

Published : Mar 10, 2022, 6:05 PM IST

নিউজ ডেস্ক, 10 মাৰ্চ : মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে বিজয়ৰ পাচতে উল্লেখ কৰিছে যে, চৰকাৰ গঠন কৰিব পৰাকৈ একক সংখ্যা গৰিষ্ঠতা লাভ কৰিব বিজেপি দলে (N Biren Singh on election result)৷ নিৰ্বাচনত বিজদয় প্ৰমাণ পত্ৰ লাভৰ পাচতে ইম্ফলত সাংবাদিকৰ আগত এই মন্তব্য কৰে বিৰেন সিঙে ৷ হেইঙাং সমষ্টিৰ পৰা জয়লাভ কৰিছে বিৰেন সিঙে (N Biren Singh wins Manipur election)৷ 2002 চনৰ তেওঁ পৰাই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে ৷

‘‘আমি আৰম্ভণিৰ পৰাই এই কথা কৈ আহিছোঁ ৷ এইবাৰ বিজেপিয়ে নিজাববীয়াকৈ মণিপুৰত চৰকাৰ গঠন কৰিব ৷’’ মণিপুৰৰ সাধাৰণ জনতা আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জনাই এইদৰে কয় বিৰেন সিঙে (Biren Singh thanks to Manipur people)৷ অৱশ্যে তেওঁ, ইংগিত দিছে যে, এইবাৰ NPP চৰকাৰৰ অংশ নহয় ৷ তেওঁ লগতে কয় যে, নাগা পিপলচ ফ্ৰন্টৰ পৰা কোনো ধৰণৰ ব্যাঘাত নজন্মে আৰু বিজেপিয়ে তেওঁলোকৰ লগতে মিত্ৰতা অক্ষুন্ন ৰাখিব ৷

উল্লেখ্য যে, 2017 চনত বিজেপিয়ে মণিপুৰত লাভ কৰিছিল 21 খন আসন আৰু কংগ্ৰেছে লাভ কৰিছিল 28 খন আসন ৷ তৎস্বৰ্তেও NPP, NPF, LJP আৰু তৃণমূল কংগ্ৰেছৰ দৰে দলসমূহৰ সহায়ত গেৰুৱা দলে চৰকাৰ গঠন কৰিছিল মণিপুৰত ৷ কিন্তু যোৱা পাঁচ বছৰ মিত্ৰতাত থাকিলেও এইবাৰৰ নিৰ্বাচনত বিজেপি আৰু NPP ৰ সম্পৰ্কত ফাঁট মেলিছে ৷ যাৰ বাবে দুয়োটা দলে নিজাববীয়াকৈ প্ৰাৰ্থী ঠিয় কৰাইছে ৷

বিয়লি পাঁচ বজালৈকে মণিপুৰত 14 খন আসন বিজেপি, কংগ্ৰেছে 3 খনত, NPP য়ে 2 খনত, JD(U) য়ে 5 খনত আৰু অন্যান্যই 5 খন আসনত জয়লাভ কৰিছে ৷

লগতে পঢ়ক : মণিপুৰৰ এন বিৰেন সিং কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.