ETV Bharat / bharat

Ram Rajya in Rajasthan: ৰাজস্থানত ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ মন বিজেপি চৰকাৰৰ - সবকা সাথ সবকা বিকাশত বিশ্বাস

ৰাজস্থানত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ মন মেলিছে বিজেপি চৰকাৰে ৷ ৰাজ্যখনত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰি দুৰ্নীতিমুক্ত কৰিব বিজেপিয়ে ৷ কিয়নো বিজেপিয়ে সবকা সাথ সবকা বিকাশত বিশ্বাস কৰে ৷ এই কথা উল্লেখ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷

Ram Rajya in Rajasthan
কংগ্ৰেছক আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ
author img

By ANI

Published : Sep 15, 2023, 9:16 AM IST

নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ : ‘‘ৰাজ্যখনক দুৰ্নীতিমুক্ত কৰি আমি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিম ৷ আমি সবকা সাথ সবকা বিকাশত বিশ্বাস কৰো ৷ ৰাজস্থানত চৰকাৰ গঠন কৰাৰ পিচত আমি ৰাজস্থানক দুৰ্নীতিমুক্ত, মহিলাৰ বিৰুদ্ধে সংঘটিত হৈ অহা অপৰাধ আদি সকলো নিমূল কৰিম ।’’ বৃহস্পতিবাৰে ৰাজস্থানত কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰক আক্ৰমণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷

লগতে তেওঁ কয়, ‘‘কংগ্ৰেছে সনাতন ধৰ্মক গ্ৰহণ কৰিবলৈ লাজ পাইছে ৷ তেওঁলোকে সনাতন ধৰ্মৰ অন্ত পেলাব বিচাৰে ৷ তেওঁলোকে হিন্দুক অপমান কৰিব বিচাৰে আৰু তেওঁলোকে সংবিধানক উলংঘা কৰিবলৈ প্ৰয়াস কৰি আছে’’ ৷ ৰাজস্থানত চৰকাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে গান্ধী পৰিয়ালক পৰোক্ষভাৱে আক্ৰমণ কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে আৰু কয়, ‘‘প্ৰতিদিনে কংগ্ৰেছ আৰু তেওঁলোকৰ সমৰ্থিত নেতাসকলে সনাতন ধৰ্মৰ অন্ত পেলাব বিচাৰি আছে । তেওঁলোকে এতিয়া সাংবাদিককো বৰ্জন কৰিবলৈ আৰম্ভ কৰিছে ৷ চেন্নাইত হওক বা বংগতেই হওক, তেওঁলোকে ভয়ত অভিযোগ দাখিল কৰিছে ৷

তেওঁ আৰু কয় যে কংগ্ৰেছ আৰু বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ বহু কঠোৰ শব্দ ব্যৱহাৰ কৰি ‘‘এজন চাহ বিক্ৰেতাই দেশ চলাবনে ?’’ বুলি উপহাস কৰিছিল ৷ ‘‘যেতিয়া কংগ্ৰেছ ক্ষমতাত আছিল তেতিয়া খালী হৈ পৰিছিল সমগ্ৰ কোষাগাৰ ৷ কিন্তু মোদী চৰকাৰে দেশবাসীৰ বাবে বহু উন্নতি কৰাৰ সমান্তৰালকৈ পুনৰ কোষাগাৰ পূৰণ কৰিছে ৷ সাংবাদিকৰ আগত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷

লগতে পঢ়ক : Nuh Violence updates: নুহ হিংসাত উচতনি যোগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়ক মামন খানক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.