ETV Bharat / bharat

বিজেপিয়ে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে; দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 1:45 PM IST

Kejriwal Slams BJP : বৃহস্পতিবাৰে এক ভিডিঅ' বাৰ্তাত কেজৰিৱালে কয় যে তেওঁৰ সততা হৈছে তেওঁৰ আটাইতকৈ ডাঙৰ সম্পদ । তেওঁ কয়, "লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি মোৰ পিছত লাগি আছে আৰু মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে ।" অৱশ্যে ইয়াৰ মাজতে গেৰুৱা দলৰ নেতাসকলে ইডিৰ চমন এৰাই চলাৰ বাবে তেওঁক সমালোচনা কৰিবলৈ তৎপৰ হৈ পৰিছে ।

বিজেপিয়ে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে; দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
বিজেপিয়ে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে; দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নিউজ ডেস্ক, ৪ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ ভাবমূৰ্তি কলুষিত কৰাৰ চেষ্টা কৰাৰ বাবে বিজেপিক তীব্ৰ আক্ৰমণ কৰে কেজৰিৱালে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে এক ভিডিঅ' বাৰ্তাত তেওঁৰ সততাৰ কথা পুনৰবাৰে দোহাৰে । আনহাতে, তেওঁৰ মুখ বন্ধ কৰাৰ বাবে চলোৱা কেন্দ্ৰৰ শাসন ব্যৱস্থাক তীব্ৰ সমালোচনা কৰে ।

তেওঁ কয়, "লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি মোৰ পিছত লাগি আছে আৰু মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে ।"

উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰৰ তৃতীয়টো চমনো এৰাই যায় আৰু ইডিৰ জাননীক অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে ।

আনহাতে, কাৰাগাৰত থকা তেওঁৰ দলৰ সহকৰ্মীসকলৰ সন্দৰ্ভত বক্তব্য ৰাখি আপৰ আহ্বায়কগৰাকীয়ে কয় যে সৎ নেতাসকলে আক্ৰমণৰ সন্মুখীন হৈছে । কাৰণ তেওঁলোকে গেৰুৱা দলত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছে । কেজৰিৱালে এই পদক্ষেপক 'মুক্ত গুণ্ডাগিৰি' বুলি অভিহিত কৰি দাবী কৰে যে চমনবোৰ অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত ।

ইফালে গোচৰটোত কাৰাগাৰত থকা তেওঁৰ দলৰ সহকৰ্মী মনীষ ছিছোডিয়া আৰু সঞ্জয় সিঙৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰি কেজৰিৱালে বিজেপিৰ হেঁচাত আপোচ নকৰা আৰু তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে দুয়োকে প্ৰশংসা কৰে ।

ইফালে বিজেপি নেতাসকলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ইডিৰ চমন উপেক্ষা কৰাৰ বাবে উপহাস কৰি তীব্ৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে কয়, "আম আদমী পাৰ্টীৰ নেতাসকলে হুলস্থুল কৰি আছে যে তেওঁলোকৰ মুখ্যমন্ত্ৰীক যিকোনো সময়তে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে... তেওঁলোকে চুৰি আৰু দুৰ্নীতি কৰিছে আৰু এতিয়া তেওঁলোকেই হুলস্থূলৰ সৃষ্টি কৰিছে ।"

"অনুসন্ধানকাৰী সংস্থাটোৱে আপোনাক সাক্ষ্য দিয়াৰ সুযোগ দিছে । কিন্তু আপুনি পলাই থাকি পলাতকৰ দৰে আচৰণ কৰি আছে ।" সচদেৱে লগতে কয় ।

আনহাতে, বিজেপিৰ মুখপাত্ৰ বাঞ্চুৰি স্বৰাজে কয় যে কেজৰিৱালে পাহৰি গৈছে যে তেওঁ আইনৰ ঊৰ্ধ্বত নহয় । "ইডিয়ে তিনিটা চমন প্ৰেৰণ কৰিছে, কিন্তু মুখ্যমন্ত্ৰীয়ে তদন্তৰ পৰা পলায়ন কৰিছে । তেওঁ তদন্তত জড়িত হ'ব নিবিচাৰে ।" স্বৰাজে কয়।

উল্লেখ্য যে তথাকথিত ধন আত্মসাতৰ গোচৰত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক চতুৰ্থবাৰৰ বাবে চমন জাৰি কৰিব পাৰে ।

লগতে পঢ়ক :ই ডিৰ চমন এৰাই চলাৰ বাবে বিপদত পৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.