ETV Bharat / bharat

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, বিজেপিয়ে দেশজুৰি কৰিব পোনপটীয়া সম্প্ৰচাৰ

author img

By ANI

Published : Jan 6, 2024, 1:44 PM IST

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিজেপি দলে বিশেষ পদক্ষেপ হাতত লৈছে (Ram Mandir consecration)। দলে ইতিমধ্যে অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লৈছে । দলীয় কৰ্মীসকলক ইয়াৰ বাবে পৰ্দাকে ধৰি আন ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

BJP plans nationwide live telecast
ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা বিজেপিয়ে দেশজুৰি কৰিব পোনপটীয়া সম্প্ৰচাৰ

নেশ্যনেল ডেস্ক,৬ জানুৱাৰী : অহা ২২ জানুৱাৰীত মুকলি হ'ব নৱনিৰ্মিত ৰাম মন্দিৰ । ইফালে ভাৰতীয় জনতা পাৰ্টীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশাল কাৰ্যসূচী সমগ্ৰ দেশৰে বুথ পৰ্যায়ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে ।

দলীয় সূত্ৰৰ মতে বিজেপি কৰ্মীসকলক বুথ পৰ্যায়ত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া প্ৰচাৰৰ বাবে বৃহৎ পৰ্দা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰাম মন্দিৰৰ বিশাল প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীক সকলো সাধাৰণ লোকৰ মাজলৈ লৈ যোৱা ।

সূত্ৰটোৰ মতে যাতে ইয়াৰ জৰিয়তে সাধাৰণ ৰাইজে ৰাম মন্দিৰ দৰ্শন কৰিব পাৰে আৰু অভিষেক অনুষ্ঠানৰ সাক্ষী হ'ব পাৰে । ইয়াৰ উপৰিও, বিজেপি কৰ্মীসকলক ব্যক্তিগত পৰ্যায়ত সামাজিক কামত জড়িত হ'বলৈও উৎসাহিত কৰা হয় । লগতে কৰ্মীসকলক কম্বল বিতৰণ কৰিবলৈ, সামূহিক ভোজৰ আয়োজন কৰিবলৈ বা প্ৰয়োজনীয় লোকসকলক সহায় কৰিবলৈও আহ্বান জনোৱা হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত ৰাম মন্দিৰত অনুষ্ঠিত হ'ব লগা কাৰ্যসূচীত উপস্থিত থাকিব । অনুষ্ঠানটোৱে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ভাৰত আৰু বিদেশৰ কেইবাজনো ভিভিআইপি অতিথিয়ে অযোধ্যাত পৱিত্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল অনুষ্ঠানৰ এসপ্তাহ পূৰ্বৰে পৰা বৈদিক নীতি-নিয়মৰ মাজেৰে কাৰ্যসূচী আৰম্ভ হ'ব । বাৰাণসীৰ পুৰোহিত লক্ষ্মী কান্ত দীক্ষিতে ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ মুখ্য ৰীতি-নীতি পালন কৰিব । ১৪ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অযোধ্যাই অমৃত মহোৎসৱ উদযাপন কৰিব । ১০০৮ চনৰ হুণ্ডি মহাযজ্ঞৰো আয়োজন কৰা হ'ব, য'ত হাজাৰ হাজাৰ ভক্ত উপস্থিত থাকিব । ইতিমধ্যে অযোধ্যাত হাজাৰ হাজাৰ ভক্তৰ বাবে কেইবাটাও শিবিৰ স্থাপন কৰা হৈছে ।

ৰাম জন্মভূমি ন্যাসৰ মতে ১০,০০০-১৫,০০০ লোকৰ বাবে ব্যৱস্থা কৰা হ'ব । স্থানীয় কৰ্তৃপক্ষই বিশাল অনুষ্ঠানটোৰ লগত সংগতি ৰাখি দৰ্শনাৰ্থীসকলৰ প্ৰত্যাশিত বৃদ্ধিৰ বাবে সাজু হৈছে আৰু সকলো ভক্তৰ বাবে থকা-খোৱাৰ উপৰিও নিৰাপত্তাৰ ব্যৱস্থাও কৰা হৈছে ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ মূল দ্বাৰত স্থাপন কৰা হ’ল হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.