ETV Bharat / bharat

ঠাকৰে আৰু পত্নীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ দাখিল কৰাৰ আহ্বান - ঠাকৰে আৰু পত্নীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে তথা তেওঁৰ পত্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বাবে আহ্বান জনাইছে বিজেপিয়ে ৷ ইতিমধ্যে বিজেপিৰ নাচিক গোটৰ সভাপতিৰ হৈ তিনিজন লোকে ঠাকৰে, তেওঁৰ পত্নী, সামনা(Saamana)ৰ সম্পাদক ৰশ্মি ঠাকৰে আৰু যুৱ সেনাৰ মুৰব্বী(Yuva Sena chief) বৰুণ সৰদেশাইৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৷

BJP seeks FIR against Uddhav Thackeray, his wife and Yuva Sena chief
ঠাকৰে আৰু পত্নীৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ দাখিল কৰাৰ আহ্বান
author img

By

Published : Aug 26, 2021, 8:07 PM IST

নেশ্যনেল ডেস্ক , 26 আগষ্ট : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, তেওঁৰ পত্নী, সামনা(Saamana)ৰ সম্পাদক ৰশ্মি ঠাকৰে আৰু যুৱ সেনাৰ মুৰব্বী(Yuva Sena chief) বৰুণ সৰদেশাইৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাৰ আহ্বান জনাই বুধবাৰে বিজেপিয়ে Nashik city cyber police stationত অভিযোগ দাখিল কৰে ৷ নাচিক আৰক্ষীয়ে নিশ্চিত কৰা মতে বিজেপিৰ নাচিক গোটৰ সভাপতিৰ হৈ তিনিজন লোকে অভিযোগ দাখিল কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, হৃষীকেশ জয়ন্ত আহেৰ(Rishikesh Jayant Aher)এ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে প্ৰথমটো গোচৰ দাখিল কৰিছে ৷ আহেৰৰ অভিযোগ মতে কেন্দ্ৰীয় মন্ত্ৰী ৰাণেৰ মুম্বাইস্থিত বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা সৰদেশাইক নিজৰ চৰকাৰী বাসভৱনত ঠাকৰেয়ে সম্বৰ্ধনা জনোৱা কাৰ্যই এক ভুল বাৰ্তা বহন কৰিছে ৷ যাৰ ফলত আইন-শৃংখলাজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷

তেওঁ লগতে এইবুলিও কয় যে, সৰদেশাইৰ উচটনিমূলক মন্তব্য বিভিন্ন সামাজিক মাধ্যমযোগে সম্প্ৰচাৰিত হৈছিল আৰু সেয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৫৩ (A), ১০৭, ২১২ আৰু চাইবাৰ অপৰাধ আইনৰ অধীনত দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে ৷

একে সময়তে সুনীল ৰঘুনাথ কেদাৰ(Sunil Raghunath Kedar)এ মুখ্যমন্ত্ৰী ঠাকৰেৰ বিৰুদ্ধে দ্বিতীয়টো অভিযোগ দাখিল কৰে ৷ এতিয়া ভিডিঅ' ক্লিপৰ উদ্ধৃতি দি কেদাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ( Yogi Adityanath)ৰ বিৰুদ্ধে ঠাকৰেয়ে অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয় যে, যোগী আদিত্যনাথ কেৱল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু এজন বিজেপি নেতা নহয়, তেওঁ গোৰখপুৰ মঠৰ মহন্ত আৰু বহুতো হিন্দুৰ অনুভূতি তেওঁৰ সৈতে সংলগ্ন হৈ আছে ৷ সেয়ে ঠাকৰেৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৫৩ A (১), ১৫৩ B, ১৮৯, ২৯৫ A, ৫০৪, ৫০৫ (২) আৰু ৫০৬ৰ অধীনত গোচৰ ৰুজু কৰিব লাগে ৷

'সামনা'ত কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক অপমান কৰা এটা সম্পাদকীয় প্ৰকাশ কৰাৰ অভিযোগত শিৱাজী নিভৰুতি বাৰ্কে(Shivaji Nivrutti Barke) মুখ্যমন্ত্ৰী ঠাকৰেৰ পত্নী ৰশ্মি ঠাকৰে আৰু শিৱসেনা নেতাৰ বিৰুদ্ধে তৃতীয়টো অভিযোগ দাখিল কৰে ৷ বাৰ্কে অভিযোগ কৰে যে, শিৱসেনাৰ নেতাগৰাকীয়ে সম্পাদকীয়ৰ বাবে পোষ্টাৰ তৈয়াৰ কৰাৰ লগতে ইয়াক ৰাজহুৱা কৰিছিল ৷ সেয়েহে, ৰশ্মি ঠাকৰে আৰু শিৱসেনাৰ নেতা অজয় বৰাস্তেৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ লগতে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ বাবে তেওঁ আহ্বান জনায় ৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে গ্ৰেপ্তাৰ হৈছিল যদিও ৰায়গড় জিলাৰ মাহাদৰ দণ্ডাধীশ আদালত(magistrate court in Mahad in Raigad district)ত তেওঁ জামিন লাভ কৰে ৷

লগতে পঢ়ক : Yogiক Bhogi আখ্যা দি বিপদত উদ্ধৱ ঠাকৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.