ETV Bharat / bharat

পেগাচাছ কাহিনীৰ সৈতে চৰকাৰৰ সংযোগৰ তিলমানো প্ৰমাণ নাই: বিজেপি - পেগাচাছ আৰু কংগ্ৰেছ

পেগাচাছ স্নুপিং(Pegasus snooping) ঘটনাক লৈ দেশৰ ৰাজনীতিত লাগিছে তোলপাৰ ৷ ঘটনাৰ জড়িত থকাৰ সন্দৰ্ভত সকলো অভিযোগ নস্যাৎ ভাৰত চৰকাৰৰ ৷ অমিত শ্বাহক অপসাৰণৰ লগতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ সৰৱ ভূমিকাৰ পাচতে কংগেছক বিজেপিৰ প্ৰতিআক্ৰমণ ৷ পেগাচাছ স্পাইৱেৰ(Pegasus spyware) ঘটনাৰ সৈতে চৰকাৰ জড়িত থকাৰ অভিযোগ প্ৰমাণ কৰিবলৈ তিলমানো প্ৰমাণ নাই বুলি দাবী বিজেপিৰ ৷

BJP says not a shred of evidence to link it or govt with Pegasus story

author img

By

Published : Jul 19, 2021, 10:00 PM IST

নেশ্যনেল ডেস্ক, 19 জুলাই: পেগাচাছ স্নুপিং(Pegasus snooping)ৰ ঘটনাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ লগতে বিভিন্ন পক্ষ সৰৱ হৈ উঠাৰ লগে লগে বিজেপি(BJP) দলেও কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ পেগাচাছ স্পাইৱেৰ(Pegasus spyware) ঘটনাত বিজেপি চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অপসাৰণৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে তদন্তৰ দাবী জনোৱাৰ পাচতে বিজেপি দলেও নিজৰ ভাৱমূৰ্তি ৰক্ষাৰ্থে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত বিজেপি চৰকাৰ জড়িত থকাৰ অভিযোগ চৰকাৰে ইতিমধ্যে নস্যাৎ কৰিছে যদিও কংগ্ৰেছৰ সৰৱ ভূমিকাৰ পাচতে বিজেপিয়ে দাবী কৰিছে যে, বিষয়টোৰ সৈতে শাসকীয় দল বা মোডীৰ সংযোগ প্ৰমাণ কৰাৰ বাবে তিলমানো প্ৰমাণ নাই ৷ এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে সমগ্ৰ অভিযোগৰ আঁৰৰ প্ৰমাণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷ যিটো সংবাদগোষ্ঠীয়ে এই বাতৰি প্ৰকাশ কৰিছে সেই সংবাদগোষ্ঠীটোৱে পূৰ্বতেও পাচত অশুদ্ধ প্ৰমাণিত হোৱা এনে বহু বাতৰি প্ৰকাশ কৰিছে বুলি তেওঁ অভিযোগ কৰে ৷

লগতে পঢ়ক: 'পেগাচাছ' স্পাইৱেৰ: অভিযোগ প্ৰত্যাখান ভাৰত চৰকাৰৰ

তেওঁ কয় যে, যিসকলে বাতৰিটো প্ৰথমতে প্ৰকাশ কৰিছে তেওঁলোকে নিজেই কৈছে যে, ডাটাবেছত এটা নিৰ্দিষ্ট সংখ্যাৰ উপস্থিতিয়ে ই পেগাচাছৰ দ্বাৰা সংক্ৰমিত বুলি নিশ্চিত নকৰে ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাত্ৰ এটা দিন পূৰ্বে এই বাতৰি প্ৰকাশ কৰাকলৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷ ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অপসাৰণৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কংগ্ৰেছে তদন্তৰ দাবী জনোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ বিৰোধী দলটোৱে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: পেগাচাছ স্পাইৱেৰ: প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী কংগ্ৰেছৰ

তেওঁ কয় যে, কংগ্ৰেছ দলে পৰাজয়ৰ সন্মুখীন হৈ দিনে দিনে ডুবিবলৈ আৰম্ভ কৰিছে আৰু সেয়েহে সংসদৰ কাৰ্যসূচীত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যে তেওঁলোকে এই ভিত্তিহীন পৰিকল্পনা কৰিছে ৷ প্ৰসাদে লগতে এইবুলিও কয় যে, "বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা ভিত্তিহীন মন্তব্যক বিজেপিয়ে তীব্ৰভাৱে খণ্ডন কৰাৰ লগতে গৰিহণা দিছে ৷ ৫০ বছৰতকৈও অধিক সময় ধৰি ভাৰত শাসন কৰি থকা এটা দলৰ মান্যতাত এই ঘটনা এক নতুন নিম্নতা হিচাপে বিবেচিত হ'ব ৷" সমগ্ৰ অভিযোগ খণ্ডন কৰি তেওঁ পুনৰ কয় যে, "আমাৰ তথ্য প্ৰযুক্তি মন্ত্ৰীয়ে আজি এই কথা নিশ্চিত কৰিছে যে, কেৱল ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫(Indian Telegraph Act, 1885)ৰ ধাৰা 5(2) আৰু তথ্য প্ৰযুক্তি আইন 2000(Information Technology Act 2000)ৰ ৬৯ ধাৰা(Sec 69)ৰ অধীনত প্ৰাসংগিক নিয়ম অনুসৰিহে ইলেক্ট্ৰনিক যোগাযোগৰ আইনী অৱৰোধৰ কৰিব পাৰি ৷ সেয়েহে অবৈধ নিৰীক্ষণ কোনোপ্ৰকাৰে সম্ভৱ নহয় ৷ "

লগতে পঢ়ক: ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি : আমেৰিকাই উদঙাব চীনৰ প্ৰকৃত স্বৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.