ETV Bharat / bharat

পুডুচেৰীত নিৰ্বাচনী ইস্তাহাৰ মুকলি বিজেপিৰ - BJP RELEASE MANIFESTO AT PUDUCHERRY

অহা মাহত হ'বলগীয়া পুডুচেৰীৰ বিধানসভা নিৰ্বাচনকলৈ তৎপৰ বিজেপি । শুকুৰবাৰে বিজেপিয়ে মুকলি কৰে দলৰ নিৰ্বাচনী ইস্তাহাৰ । নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে তেওঁলোকে নৱম শ্ৰেণীৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া লেপটপ প্ৰদান কৰিব ।

পুডুচেৰীত নিৰ্বাচনী ইস্তাহাৰ মুকলি বিজেপিৰ

author img

By

Published : Mar 26, 2021, 8:30 PM IST

নেশ্যনেল ডেস্ক,২৬ মাৰ্চ: অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব পুডুচেৰীৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত এতিয়া ৰাজনৈতিক দলসমূহৰ ভিতৰত বিশেষকৈ বিজেপিয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । বিজেপিয়ে ইতিমধ্যে ৯ খন আসন বুজাবুজিৰে এন আৰ কংগ্ৰেছৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰিছে ।

পুডুচেৰীত নিৰ্বাচনী ইস্তাহাৰ মুকলি বিজেপিৰ
পুডুচেৰীত নিৰ্বাচনী ইস্তাহাৰ মুকলি বিজেপিৰ

সমান্তৰালকৈ শুকুৰবাৰে বিজেপিয়ে মুকলি কৰে দলৰ নিৰ্বাচনী ইস্তাহাৰ । ইস্তাহাৰত উল্লেখ কৰা মতে যদি পুডুচেৰীত পুনৰ তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ আহে তেনেহ'লে প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ মহিলাৰ শিক্ষা বিনামূলীয়া হ'ব । নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে তেওঁলোকে নৱম শ্ৰেণীৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া লেপটপ প্ৰদান কৰিব । বিদ্যালয় শিক্ষাৰ এক পৃথক বিভাগ, পোছাক নিৰ্মাণ প্ৰযুক্তি উদ্যান, মহাকবি ভাৰাথিয়াৰৰ ১৫০ ফুটৰ প্ৰতিমূৰ্তিৰ লগতে বিজেপিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে এই ইস্তাহাৰৰ জৰিয়তে ।

সমান্তৰালকৈ বিজেপিয়ে গৰ্ভৱতী মহিলাৰ বাবে বিনামূলীয়া ৰাজহুৱা পৰিবহন, মহামাৰীৰ সময়ত আত্মসহায়ক মহিলা গোটৰ বাবে ঋণ ৰেহাই আদিৰ দৰে কিছুমান ব্যৱস্থাৰো প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰে বিজেপিয়ে । কেৱল এয়াই নহয় কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় শাসিত অঞ্চলত ১০ শতাংশ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ।

ৰাজহুৱা খণ্ডৰ চাকৰিত মহিলাসকলৰ বাবে ৫০ শতাংশ সংৰক্ষণ আৰু আৰক্ষী বিভাগত ৩৩ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দি বিশেষকৈ মহিলাসৱলীকৰণক আহিলা হিচাপে লৈ এই ইস্তাহাৰ প্ৰকাশ কৰিছে বিজেপিয়ে ।

লগতে পঢ়ক:দুই হত্যাকাৰীক মৃত্যুদণ্ডৰ শাস্তি উত্তৰ ত্ৰিপুৰা জিলা আৰু সত্ৰ ন্যায়ালয়ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.