ETV Bharat / bharat

Tripura BJP Election Poll: ত্ৰিপুৰাত ২০২৩ত সংখ্যাগৰিষ্ঠতা পোৱাৰ দাবী বিজেপিৰ - MLA Parimal Debbarma

ত্ৰিপুৰাত ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত (2023 Assembly elections in Tripura)৬০ খন আসনতেই বিজয়ী হ'ব বুলি দাবী বিজেপিৰ ত্ৰিপুৰাৰ সভাপতি ৰজীব ভট্টাচাৰ্যৰ । ৰাজ্য়িক সভাপতি ভট্টাচাৰ্যই দাবী কৰি কয় যে তেওঁৰ দলে ২০২৩ চনত পুনৰ চৰকাৰ গঠন কৰিব ।

Tripura BJP Election Poll
ত্ৰিপুৰাত ২০২৩ত বিজেপিৰ সংখ্যাগৰিষ্ঠ আসনৰ দাবী
author img

By

Published : Oct 16, 2022, 7:02 PM IST

আগৰতলা, ১৬ অক্টোবৰ: ত্ৰিপুৰাত ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসনত জয়ী হ'ব বুলি দাবী কৰিছে বিজেপিৰ ত্ৰিপুৰাৰ সভাপতি ৰজীব ভট্টাচাৰ্যই (Tripura BJP President Rajib Bhattacharya)। ধলাই জিলাত এখন সাংগঠনিক সভাত অংশ গ্ৰহণ কৰাৰ পিছত (BJP organizational meeting at Dhalai) এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্য়িক সভাপতি ভট্টাচাৰ্যই দাবী কৰি কয় যে তেওঁৰ দলে ২০২৩ চনত পুনৰ চৰকাৰ গঠন কৰিব । কিয়নো তেওঁৰ দলে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে যথেষ্ট কাম কৰিছে ।

তেওঁ কয়," মই বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত ৰাজ্যখনৰ বিভিন্ন জিলা ভ্ৰমণ কৰিছো আৰু ইয়াৰ অংশ হিচাপে ধলাই জিলাৰ কিছুমান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছো । আমি ৰাজ্যখনত ২০২৩ চনত ক্ষমতা বজাই ৰাখিবলৈ কাম কৰি আছো ।"এইবাৰ ৰাজ্য়খনত ৬০ খন আসনতেই বিজয়ী হ'ব বুলি ৰাজ্য়িক সভাপতি ভট্টাচাৰ্যই দাবী কৰে । ২০১৮ চনৰ নিৰ্বাচন আৰু বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি আহিছে । ইয়াৰ পিছত তেওঁলোকৰ উন্নতিৰ বাবে বহুতো জনপন্থী আঁচনি প্ৰৱৰ্তন কৰিছে বুলি তেওঁ কয় । তেওঁ পুনৰ কয় যে চলিত বিত্তীয় বৰ্ষত ধলাই জিলাত এনৰেগাৰ(MNREGA) কামত প্ৰায় ৪০.৯২ লাখ মানৱ দিন উৎপন্ন হৈছে । ১,০৮৭ তকৈও অধিক দিব্যাংগঞ্জনে চাকৰিৰ কাৰ্ড লাভ কৰিছে।

তেওঁ কয়,"জিলাখনত এতিয়ালৈকে এনৰেগাৰ( MNREGA)৯৫.৪১ শতাংশ পৰিশোধ ইতিমধ্যে কৰা হৈছে । চৰকাৰে ২০০০ টকাৰ সামাজিক পেঞ্চন প্ৰদান কৰিছে । তদুপৰি ৪১,১৮১ গৰাকীয়ে সামাজিক পেঞ্চন লাভ কৰিছে । ৪৮.৯৭ শতাংশ ঘৰ হৰ ঘৰ নাল আঁচনিৰ অধীনত খোৱা পানীৰ (Har Ghar Nal scheme) সৈতে সংযুক্ত আৰু বাকী কাম চলি আছে । আন বহুতো কামে সুন্দৰভাৱে কাম কৰিছে আৰু যাৰ পিছত মই আত্মবিশ্বাসেৰে ক'ব পাৰো যে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব ।"

কংগ্ৰেছ আৰু চিপিআইএমৰ মিত্ৰতা সন্দৰ্ভত তেওঁ কয়,"ত্ৰিপুৰাত মিত্ৰতা নতুন নহয় । চিপিআইএমে ৰাজ্যখনত ২৫ বছৰৰো অধিক সময় ধৰি শাসন কৰি আহিছে আৰু দল সলনি কৰি থকা কংগ্ৰেছৰ কেইজনমান নেতাই চিপিআইএমক ক্ষমতাত ৰখাত সহায় কৰিছে । কংগ্ৰেছ এতিয়া ইতিহাস । অনাগত দিনবোৰত চিপিআইএম ক'তো নাথাকিব।" উক্ত সংবাদমেলত নগৰ উন্নয়ন মন্ত্ৰী মনোজ কান্তি দেৱ (Urban development minister Manoj Kanti Deb),সাংসদ ৰেবাতি ত্ৰিপুৰা (MP Rebati Tripura),বিধায়ক পৰিমল দেব বাৰ্মা (MLA Parimal Debbarma)আৰু সম্ভু লাল চাকমা (MLA Sambhu Lal Chakma) উপস্থিত থাকে ।

লগতে পঢ়ক:Slain Kashmiri Pandit cremated : উগ্ৰপন্থীয়ে হত্যা কৰা কাশ্মীৰী পণ্ডিতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.