নেশ্যনেল ডেস্ক,27 নৱেম্বৰঃ বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীক বিজেপিৰ দ্বাৰা ৰাজ্যসভালৈ মোনোনীত কৰা হৈছে ৷ লোক জনশক্তি পাৰ্টীৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাশ পাশ্বানৰ মৃত্যুৰ পিছতে ৰাজ্যসভাত আসন খালী হৈ পৰাত সুশীল কুমাৰ মোডীক ৰাজ্যসভাৰ মজিয়ালৈ মনোনাত কৰাৰ সিদ্ধান্ত কৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৷
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কয় দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিয়ে সুশীল কুমাৰ মোডীৰ নামটো ৰাজ্যসভাৰ বাবে চূড়ান্ত কৰে ৷ উল্লেখ্য যে, ৰাজ্যসভাৰ আসনৰ বাবে বিহাৰত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ 3 ডিচেম্বৰ আৰু অহা 14 ডিচেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন ৷
লগতে পঢ়ক-আজিৰ প্ৰয়োজন অথবা ৰাজনৈতিক স্বাৰ্থ : এক ৰাষ্ট্ৰ, এক নিৰ্বাচন