ETV Bharat / bharat

পশ্চিমবংগ নিৰ্বাচনঃ পুনৰ ১৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ - আলিপুৰদুৱাৰ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে পুনৰ ১৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে । বালুৰঘাট সমষ্টিত অৰ্থনীতিবিদ অশোক লাহিড়ীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গেৰুৱা দলটোৱে । লাহিড়ীক প্ৰথমে আলিপুৰদুৱাৰত টিকট প্ৰদান কৰা হয় যদিও পিছত দলে সুমন কাঞ্জিলালক আলিপুৰদুৱাৰৰ পৰা প্ৰতিদ্বন্দিতা কৰাবলৈ সিদ্ধান্ত লয় ।

পশ্চিমবংগ নিৰ্বাচনঃ পুনৰ ১৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ

author img

By

Published : Mar 23, 2021, 3:03 PM IST

নেশ্যনেল ডেস্ক, ২৩ মাৰ্চ: পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বালুৰঘাট সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব অৰ্থনীতিবিদ অশোক লাহিড়ীয়ে । মঙলবাৰে বিজেপিয়ে ঘোষণা কৰা ১৩ গৰাকীৰ প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে লাহিড়ীৰ নাম । লাহিড়ীয়ে প্ৰথমে আলিপুৰদুৱাৰৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সুযোগ পাইছিল । কিন্তু পিছত তেওঁৰ পৰিৱৰ্তে দলে উক্ত সমষ্টিৰ টিকট সুমন কাঞ্জিলালক প্ৰদান কৰে ।

মঙলবাৰে গেৰুৱা দলটোৱে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে আৰু ১৩ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । পশ্চিমবংগৰ প্ৰাক্তন কংগ্ৰেছ প্ৰধান ছমেন মিত্ৰৰ পত্নী শিখা মিত্ৰই গেৰুৱা দলটোত যোগদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত বিজেপিয়ে চৌৰঞ্জীৰ পৰা দেৱব্ৰত মাঝিক প্ৰত্যাহাৰ কৰে । যোৱা ১৮ মাৰ্চত, বিজেপিয়ে শিখা মিত্ৰক চৌৰঞ্জীত দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । বিজেপিয়ে কালিমপঙত শুভা প্ৰধানক, দাৰ্জিলিঙত নীৰজ তামং জিম্বাক, কুৰ্চিয়ঙত বিষ্ণু প্ৰসাদ শৰ্মাক টিকট প্ৰদান কৰিছে ।

এই তিনিটা সমষ্টিত অহা ১৭ এপ্ৰিলত পঞ্চম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । গেৰুৱা দলটোৱে কাৰান্দিঘীত সুভাষ সিংঘক, ইটাহাৰত অমিত কুমাৰ কুণ্ডু, বাগড়াত বিশ্বজিৎ দাস, বনগাঁও উত্তৰত অশোক ক্ৰিট'নিয়া আৰু গাইঘাটা বিধানসভা সমষ্টিত সুব্ৰত ঠাকুৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । এই সমষ্টিকেইটাত অহা ২২ এপ্ৰিলত ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

লেফটেনেণ্ট জেনেৰেল সুব্ৰত সাহাই ৰশ্বেহাৰীৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিব । সুব্ৰত মৈত্ৰই বাহাৰামপুৰৰ পৰা আৰু শিৱাজী সিংঘ ৰয়ে কাশীপুৰ-বেলগাচিয়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । ২৯৪ আসনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচন অহা ২৭ মাৰ্চৰ পৰা ২৯ এপ্ৰিললৈ আঠটা পৰ্যায়ত অনুষ্ঠিত হ'ব । অহা ২ মে'ত ভোটগণনা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:সম্পত্তি ধংসৰ বিৰুদ্ধে ত্ৰিপুৰা বিধানসভাত বিধেয়ক গৃহীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.