নেশ্যনেল ডেস্ক,13 এপ্ৰিল: কেৰালাৰ পাঁচজন বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে চলচিত্ৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে কেৰালাৰ কাদাম্পাঝিপুৰমৰ ভাইলিয়ামকুনু মন্দিৰৰত "নিয়ম নাধি" নামৰ এখন চলচিত্ৰৰ দৃশ্যগ্ৰহণৰ কাম চলি আছিল ৷
অভিযোগ অনুসৰি এই চলচিত্ৰখনৰ দৃশ্যগ্ৰহণত পাঁচজনকৈ বিজেপি কৰ্মীয়ে বাধা দিয়ে ৷ তদুপৰি কেমেৰাকে ধৰি লক্ষাধিক টকাৰ সা-সামগ্ৰী ধ্বংস কৰে বিজেপি কৰ্মীকেইজনে ৷ ইতিমধ্যে কৰ্মীকেইজনক আটক কৰিছে কেৰালা আৰক্ষীয়ে ৷ বিজেপি কৰ্মী কেইজনৰ নাম ক্ৰমে শ্ৰীজিত, সুব্ৰমণিয়াম, বাবু, সচিদানন্দন আৰু সবৰীশ ।
উল্লেখ্য যে, চলচিত্ৰখনৰ হিন্দু-মুছলিম সংঘাতৰ এক দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে বিজেপি কৰ্মীকেইজনে বাধা প্ৰদান কৰে ৷
লগতে পঢ়ক: মিজোৰামত ভয়াৱহ ৰূপ লৈছে কৰ'ণাই