ETV Bharat / bharat

অহা দুদিনৰ ভিতৰতে ঘোষণা হ'ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম - বি এছ য়েডিয়ুৰাপ্পা

মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া সংসদীয় পৰিষদৰ বৈঠকত এক সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi), বিজেপি সভাপতি জে পি নাড্ডা (J P Nadda), কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ (Amit Shah), ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ আৰু কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ সিঙে নতুন নেতৃত্বৰ বিষয়ে আলোচনা কৰিবলৈ দলীয় সংসদীয় পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিব বুলি আশা কৰা হৈছে ।

Karnataka CM
অহা দুদিনৰ ভিতৰতে ঘোষণা হ'ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম
author img

By

Published : Jul 27, 2021, 1:45 PM IST

নেশ্যনেল ডেস্ক, ২৭ জুলাই : দীৰ্ঘদিন ধৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদক লৈ বিতৰ্ক চলি থকাৰ মাজতে পদত্যাগ কৰে মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই (B S Yediyurappa) । তেওঁৰ পদত্যাগৰ পাছতে এতিয়া পুনৰ দলৰ ভিতৰচ'ৰাত লগতে ৰাজ্যজুৰি এক বিশেষ বিষয়ক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে । সেয়া হৈছে কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

জানিব পৰা মতে ইতিমধ্যে হাই কামাণ্ডো নতুন মুখ্যমন্ত্ৰী নিযুক্তিৰ বাবে সাজু হৈছে । বিজেপি দলৰ এক সূত্ৰৰ মতে এই সন্দৰ্ভত মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া সংসদীয় পৰিষদৰ বৈঠকত এক সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi), বিজেপি সভাপতি জে পি নাড্ডা (J P Nadda), কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ (Amit Shah), ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ আৰু কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ সিঙে নতুন নেতৃত্বৰ বিষয়ে আলোচনা কৰিবলৈ দলীয় সংসদীয় পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক- কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা আদালতৰ

সূত্ৰটোৱে এইটোও নিশ্চিত কৰিছে যে দলটোৱে মঙলবাৰে ৰাজ্যখনলৈ পৰ্যবেক্ষক প্ৰেৰণ কৰিব । কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল, জ্যেষ্ঠ নেতা ধৰ্মেন্দ্ৰ প্ৰধান আৰু ভূপেন্দ্ৰ যাদৱক ৰাজ্যখনলৈ পৰ্যবেক্ষক হিচাপে প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । পৰ্যবেক্ষকসকলে বুধবাৰে বিজেপি বিধায়কসকলৰ সৈতে দিনজোৰা বৈঠকত মিলিত হ'ব ।

জ্যেষ্ঠ নেতাসকলে ৰাজ্যখনৰ বিধায়কসকলৰ পৰা মতামত গ্ৰহণ কৰাৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া বিধায়িনী দলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । কৰ্ণাটক বিজেপিৰ সভাপতি নলিন কুমাৰ কাটিল আৰু অৰুণ সিঙে ইতিমধ্যে জনাইছে যে সংসদীয় পৰিষদৰ বৈঠকত নতুন মুখ্যমন্ত্ৰী বাছনি কৰা হ'ব আৰু প্ৰক্ৰিয়াটো দুইৰ পৰা তিনি দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব । ইফালে জানিব পৰা মতে নতুন মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰৰ ভিতৰত শপত ল'ব ।

ইফালে য়েডিৰুপ্পাৰ পদত্যাগৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে য়েদিয়ুৰাপ্পাৰ গৃহ চহৰত প্ৰতিবাদ হোৱা দেখা গৈছে । য়েদিয়ুৰাপ্পাৰ পদত্যাগৰ লগে লগে নাড্ডা, শ্বাহ আৰু সংসদীয় পৰিক্ৰমা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দিল্লীত ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰে ।

লগতে পঢ়ক :কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.