নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: ত্ৰিপুৰাত বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰক লৈ দলটোক সমালোচনাৰে থকা-সৰকা কৰিলে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা চি পি এমৰ জ্যেষ্ঠ নেতা ৰাধাচৰণ দেৱবাৰ্মাই । সোমবাৰে চি পি এমৰ জ্যেষ্ঠ নেতাগৰাকীয়ে বিজেপিৰ ইস্তাহাৰক 'বিশ্বাসঘাটকতাৰ আন এক দস্তাবেজ' আখ্যা দি ইস্তাৰহাৰখনত থকা ২৭ বিষয় বিশ্লেষণ কৰে ।
তেওঁ কয় যে, বিজেপিয়ে কৰিব বুলি ইস্তাহাৰখনত প্ৰতিশ্ৰুতি দিয়া অধিকাংশ কাম ইতিমধ্যে স্বায়ত্ব শাসিত জিলা পৰিষদৰ অঞ্চলত আৰম্ভ হৈছে । দেৱবাৰ্মাই লগতে কয় যে, বাওঁপন্থী দলে বৰ্তমান শাসন কৰি থকা পৰিষদে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ আৰু ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ অধীনস্থ অঞ্চলত বাস কৰা লোকসকলক সক্ষম কৰাৰ ক্ষেত্ৰত হেমাহি কৰা নাই । বিজেপিয়ে ইস্তাহাৰখনত প্ৰতিশ্ৰুতি দিয়া কামবোৰ বাওঁপন্থী দলে শাসিত পৰিষদে পূৰ্বেই আৰম্ভ কৰিছে ।
পৰিষদে বিদ্যালয়ৰ পাঠ্যপুথিত ক'কবৰ'কৰ পৰা কুকিলৈকে প্ৰায় সকলো ভাষা অন্তৰ্ভুক্ত কৰিছে । আনকি, বৰ্তমান ক'কবৰ'ক ভাষা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিকোৱা হৈছে । ইয়াৰ উপৰিও তেওঁলোকে জনজাতিৰ প্ৰচলিত আইন সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু পৰিষদত অনুমোদন জনোৱাৰ পিছত ইতিবাচক সন্মতিৰ বাবে প্ৰেৰণ কৰা পাঁচখন আইনৰ প্ৰস্তাৱ চৰকাৰে গৃহীত কৰা নাছিল ।
নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন প্ৰসংগত তেওঁ কয় যে, "তেওঁলোকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে । কিন্তু ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি অতি শোচনীয় অৱস্থাত থকাৰ সময়ত এনে সিদ্ধান্ত গ্ৰহণ কৰা সমীচিন নহয় । বৰ্তমান ৰাজ্যখনৰ এমবিবিএছ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে যোগ্য চাকৰি লাভ কৰা নাই । এনে পৰিস্থিতিত চৰকাৰে আন এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পৰিকল্পনা কৰাৰ বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ নহয় বুলি তেওঁ মন্তব্য কৰে ।
ফুটবল একাডেমী আৰু মাৰ্শ্বিয়েল আৰ্ট একাডেমী স্থাপনৰ দৰে বিষয়বোৰ উত্থাপন কৰি তেওঁ কয় যে, ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ অঞ্চলত পূৰ্বে স্থাপন কৰা একাডেমীবোৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতি লাভৰ ক্ষেত্ৰত ৰাজ্যৰ খেলুৱৈসকলক উপকৃত কৰিছিল । কিন্তু ক্ৰীড়া বিভাগৰ অৱলহেলাৰ বাবে এই একাডেমীবোৰ এতিয়া এলাগী হৈ পৰি আছে ।
তেওঁ লগতে কয় যে, বিজেপি আৰু মিত্ৰজোঁটৰ অংশীদাৰ আই পি এফ টিয়ে এই অঞ্চলত চলি থকা উন্নয়নমূলক কাৰ্যকলাপৰ বিষয়ে একো নাজানে । তথ্যবোৰৰ প্ৰতি গুৰুত্ব নিদি তেওঁলোকে এখন ইস্তাহাৰ প্ৰস্তুত কৰিছে, যি কেৱল বাওঁপন্থী দল শাসিত পৰিষদে এতিয়ালৈকে কি কৰিছে সেই বিষয়েহে প্ৰতিফলিত কৰিছে । দেৱবাৰ্মায়ে লগতে টি আই পি আৰ এ আৰু নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা আন ৰাজনৈতিক দলৰ সমালোচনা কৰে ।