স্প’ৰ্টছ ডেস্ক: পাকিস্তানে আয়োজন কৰিবলৈ সাজু হৈছে চেম্পিয়নছ ট্ৰফী 2025 ৷ অৱশ্যে সুৰক্ষাজনিত আৰু ৰাজনৈতিক কাৰণত টীম ইণ্ডিয়াই পাকিস্তান ভ্ৰমণ নকৰাৰ কথা ইতিমধ্যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক জনাইছে বি চি চি আইয়ে ৷
ইয়াৰ মাজতে পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিবলৈ টীম ইণ্ডিয়াক দেশখনলৈ পঠিয়াবলৈ হেঁচা প্ৰয়োগ কৰিছে বি চি চি আইৰ ওপৰত । পাকিস্তানে বিষয়টোত আই চি চিৰ হস্তক্ষেপো বিচাৰিছে ৷
ক্ৰিকেট আৰু সন্ত্ৰাসবাদ কেনেদৰে একেলগে সম্ভৱ ?
পাকিস্তানে ভাৰতীয় ক্ৰিকেট দলক দেশখনত ক্ৰিকেট খেলিবলৈ আমন্ত্ৰণ জনোৱাৰ চেষ্টা কৰি থকাৰ সময়তে একপ্ৰকাৰ সন্ত্ৰাসবাদকো উদগনি দিছে । শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ই তাৰেই ইংগিত বহন কৰিছে ৷
এই ভিডিঅ'টোত সন্ত্ৰাসবাদী জাকিউৰ ৰেহমান লখভিক দেখা গৈছে । প্ৰায় 3 মিনিটৰ এই ভিডিঅ'টোত সন্ত্ৰাসবাদীজনক শাৰিৰীক অনুশীলন কৰি থকা দেখা গৈছে । লখভিৰ চিনা-পৰিচয়ৰ লোকসকলে সন্ত্ৰাসবাদীজনক অবু বাচী বুলি চিনাক্ত কৰে ৷
উল্লেখ্য যে, পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ বাবে লাহোৰত ভাৰতৰ মেচ আয়োজন কৰিবলৈ সাজু হৈছে । পিছে এই ভাইৰেল ভিডিঅ’টো লাহোৰৰ বুলিয়েই দাবী কৰিছে একাংশ সংবাদ মাধ্যমে ৷ গতিকে য’ত এজন সন্ত্ৰাসবাদী মুকলি মনেৰে এনেদৰে ঘূৰা-ফুৰা কৰিব পাৰে, তাত টীম ইণ্ডিয়াই কেনেদৰে খেলিবলৈ যাব ?
এই সন্ত্ৰাসবাদীজন আন কোনো নহয়, 26/11 ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিউৰ ৰেহমান লখভি ।
মুখা খোল খালে পাকিস্তানৰ
একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰসংঘই ইতিমধ্যে লখভিক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে । পাকিস্তানে জাকিউৰ ৰেহমান লখভিক নিজৰ ভাবমূৰ্তি বচাবলৈ 2021 চনত বিশ্বৰ দৃষ্টিত 15 বছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰিছিল ।
কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, লখভিয়ে ৰাৱালপিণ্ডি আৰু লাহোৰত এক আৰামদায়ক জীৱন-যাপন অতিবাহিত কৰি আছে । অৱশ্যে ইটিভি ভাৰতে ভিডিঅ’টোৰ সত্যাসত্য দাবী নকৰে ।
লগতে পঢ়ক: পাকিস্তানৰ মূৰত মাধমাৰ; আই চি চিয়ে বাতিল কৰিলে চেম্পিয়নছ ট্ৰফীৰ পৰিভ্ৰমণ