ETV Bharat / state

যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চাৰি হত্যাকাৰীক - COURT VERDICT IN MURDER CASE

পুত্ৰৰ হত্যাৰ ন্যায় লাভ কৰিলে মাতৃয়ে । চাৰি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান ৰঙিয়া অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ ।

Rangia district and sessions judges court delivers verdict in murder case
যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চাৰি হত্যাকাৰীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 1:17 PM IST

ৰঙিয়া : ৰঙিয়া অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান । চাৰি হত্যাকাৰীক বিহা হ'ল যাৱজ্জীৱন কাৰাদণ্ড । সুদীৰ্ঘ ১৮ বছৰ মূৰত শাস্তি প্ৰদান চাৰি হত্যাকাৰীক । ঘটনাৰ বিৱৰণী অনুসৰি, ২০০৬ চনৰ ১৩ মে'ৰ সন্ধিয়া ৭:৩০ মান বজাত ৰঙিয়াৰ বালিসত্ৰৰ ৰেণু বৈশ্যৰ ঘৰত প্ৰৱেশ কৰিছিল এটা দুৰ্বৃত্তৰ দলে । কোনো কথাৰ অৱতাৰণা নকৰাকৈ উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৰাতুল বৈশ্য নামৰ যুৱকজনক ।

দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰ, জাঠি-জোং লৈ হানি খুচি নৃশংসভাৱে হত্যা কৰিছিল । সেই সময়ত ৰাতুল বৈশ্যৰ মাতৃ ৰেণু বৈশ্যই বাধা আৰোপ কৰিছিল পাঁচ নৰপিশাচক । কিন্তু পুত্ৰক হত্যা কৰাতে ক্ষান্ত নাথাকি পাঁচ দানৱে মাতৃকো নৃশংসভাৱে আক্ৰমণ কৰিছিল । মাতৃয়ে কেইবাদিনো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ অৱশেষত সুস্থ হৈ উঠিছিল ।

যাৱজ্জীৱন কাৰাদণ্ড বিহিলে চাৰি হত্যাকাৰীক (ETV Bharat Assam)

ঘটনা সন্দৰ্ভত মৃত ৰাতুল বৈশ্যৰ ভ্ৰাতৃ হৰিচৰণ বৈশ্যই কঞা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ১৩/২০০৬ গোচৰৰ ভিত্তিত ৰঙিয়া মহকুমা ন্যয়িক দণ্ডাধীশৰ আদালতত ১০১/১০ ৰ ৩০২/৩৪ আইপিচি ধাৰাত গোচৰ ৰুজু হৈছিল । অৱশেষত সুদীৰ্ঘ ১৮ বছৰৰ অন্তত পুত্ৰ হত্যাকাৰীৰ ন্যায় লাভ কৰিলে ৰঙিয়া বালিসত্ৰৰ দুৰ্ভগীয়া পৰিয়ালটোৱে । ৰঙিয়া অতিৰিক্ত সত্ৰ আৰু জিলা ন্যায়াধীশৰ ৰায়দানত সন্তোষ প্ৰকাশ মাতৃ ৰেণু বৈশ্য আৰু পৰিয়ালৰ ।

ৰঙিয়াৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ বিশেষ আদালতে হত্যাকাৰী চাৰিজন ক্ৰমে বনজিৎ বৈশ্য, বসন্ত বৈশ্য, সুৰেন বৈশ্য আৰু তিলক বৈশ্যক সাক্ষী প্ৰমাণৰ ভিত্তিত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে । লগতে ৫ হাজাৰ টকাকৈ জৰিমনা বিহে ।

আদালতে শনিবাৰে তেওঁলোকৰ চূড়ান্ত শাস্তি ঘোষণা কৰাৰ পিছতে নলবাৰী কাৰাগাৰলৈ প্ৰেৰণ কৰে চাৰি অপৰাধীক । এই ৰায়দানত ভুক্তভোগী মাতৃ আৰু পৰিয়ালে ন্যায় পোৱাৰ লগতে আদালতৰ ৰায়ত সন্তুষ্টি লাভ কৰা বুলি জনায় ।

উল্লেখ্য যে, ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ডটোত জড়িত আছিল ৫ জন হত্যাকাৰী । গোচৰ চলি থকা সময়তে ধৰ্মেশ্বৰ বৈশ্য নামৰ এজন হত্যাকাৰীৰ স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত চাৰি হত্যাকাৰীয়ে শাস্তি লাভ কৰে বুলি চৰকাৰী অধিবক্তা দেৱজিত শইকীয়াই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ন্যায় প্ৰদান, দুই ধৰ্ষণকাৰীক শাস্তি আদালতৰ - Rape case in Dhemaji

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.