ETV Bharat / bharat

পশ্চিমবংগত পপিয়া অধিকাৰীক প্ৰহাৰ উত্তেজিত লোকৰ

author img

By

Published : Apr 6, 2021, 10:28 PM IST

Updated : Apr 7, 2021, 8:12 AM IST

মঙলবাৰে পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ সময়তে একাংশ লোকৰ আক্ৰোশৰ বলি হ'ল উলুবেৰিয়া দক্ষিণ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পপিয়া অধিকাৰী । চিকিৎসাধীন হৈ থকা বিজেপি কৰ্মী সুশান্ত মণ্ডলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বলৈ চিকিৎসালয়লৈ গৈ থকাৰ সময়তে এই বিক্ষিপ্ত ঘটনা সংঘটিত হয় ।

বিজেপি নেত্ৰী পপিয়া অধিকাৰীক প্ৰহাৰ একাংশ উত্তেজিত লোকৰ

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল: পশ্চিমবংগৰ উলুবেৰিয়া দক্ষিণ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পপিয়া অধিকাৰীক প্ৰহাৰ কৰিলে একাংশ ক্ষুব্ধ লোকে । ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে মঙলবাৰে এই ঘটনা সংঘটিত হয় । জানিব পৰা মতে, উলুবেৰিয়াত সুশান্ত মণ্ডল নামৰ এগৰাকী বিজেপি কৰ্মীক দুৰ্বৃত্তই তৰোৱালেৰে আক্ৰমণ কৰিছিল ।

ইয়াৰ পিছতে বিজেপি কৰ্মীগৰাকীক উলুবেৰিয়া চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই বিষয়ে অৱগত হোৱাৰ পিছতে পপিয়া অধিকাৰীয়ে একাংশ দলীয় কৰ্মীক লগত লৈ সুশান্ত মণ্ডলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বলৈ চিকিৎসালয়লৈ গৈছিল ।

কিন্তু আদবাটতে একাংশ লোকে তেওঁৰ গাড়ীখন ৰখাই বিজেপি কৰ্মীসকলৰে হতাহাতিত লিপ্ত হয় । ইয়াৰ মাজতে এজন লোকে পপিয়া অধিকাৰীক আক্ৰমণ কৰে । এই ঘটনা সংঘটিত হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

এতিয়ালৈকে দুয়ো পক্ষই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । আনহাতে এই ঘটনা তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰা হৈছে । ইফালে, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সুজাতা মণ্ডল খানে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে আৰামবাঘত বিজেপিৰ বিৰুদ্ধে বিশৃংখলতাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: ক’ভিড-19 সম্পৰ্কীয় উৰাবাতৰি নাকচ বিশ্ব স্বাস্থ্য সংস্থাৰ

Last Updated : Apr 7, 2021, 8:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.