ETV Bharat / bharat

কেৰালা হ'ব বিজেপিৰ বাবে এক কঠিন যুঁজ - BJP hopes to break UDF vs LDF cycle in Kerala faces uphill task etv bharat assam news

২০১৬ চনত কেৰালা বিধানসভা নিৰ্বাচনত মাত্ৰ এখন আসন দখল কৰা বিজেপিয়ে ২০১৮ চনৰ পৰাই ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছিল । মন কৰিবলগীয়া যে, গেৰুৱা দলটোৱে শবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ ওপৰত দিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক সমৰ্থন কৰি আগবাঢ়িছিল আৰু ইয়াৰ জৰিয়তে ভোটাৰসকলৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছিল ।

BJP hopes to break UDF vs LDF cycle in Kerala faces uphill task
কেৰালা হ'ব বিজেপিৰ বাবে এক কঠিন যুঁজ
author img

By

Published : Apr 5, 2021, 11:00 AM IST

গেৰুৱা দল বিজেপিয়ে যোৱা তিনি দশক জুৰি কেৰালাত অব্যাহত ৰখা ইউডিএফ আৰু এলডিএফৰ চৰকাৰখনক ওফৰাব বিচাৰিছে যদিও আপাত দৃষ্টিত সেয়া গেৰুৱা দলৰ বাবে বৰ সহজ কাম নহয় । যিহেতু কেৰালাত বিজেপিৰ বাবে মূল সমস্যা হ'ল দুৰ্বল সাংগঠনিক ভেটি আৰু দলটোক নেতৃত্ব দিব পৰাকৈ ৰাজ্যখনত জনপ্রিয় নেতাৰ অভাৱ ।

যদিও বিজেপিয়ে এই দুয়োটা সমস্যাৰ সমাধান কৰিবলৈও ভাৰতৰ টেকলকেট আৰু মেট্ৰ'মেন খ্যাত ই শ্ৰীধৰণৰ ওপৰতেই ভৰষা কৰিছে তথাপিও বিজেপিৰ বাবে এই পথ এতিয়াও যথেষ্ট কণ্টকময় । অৱশ্যে ৰাজ্যখনৰ মধ্যবিত্ত শ্ৰেণীৰ জন সাধাৰণ আৰু যুৱ ভোটাৰসকলৰ মাজত শ্ৰীধৰণক খুবেই জনপ্ৰিয় দেখা যায় ।

শ্ৰীধৰণে (৮৮) বিজেপিত যোগদান কৰাৰ পিছতেই অৱশ্যে দলটোৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ প্ৰাৰ্থিত্বক নাকচ কৰিছে ৷ কিন্তু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তাৎক্ষণিকভাৱে সেই বিৰোধিতাৰ সমস্যাটো দলৰ স্বাৰ্থত সমাধান কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পলকোদ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা শ্ৰীধৰণৰ সপক্ষে প্ৰচাৰ চলাই আৰু ইউডিএফ আৰু এলডিএফ নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতিক তীব্ৰ সমালোচনা কৰে । প্ৰচাৰত মোডীয়ে কয় যে, ৰাজ্যৰ যুৱ ভোটাৰসকল ইউডিএফ আৰু এলডিএফ চৰকাৰৰ দুৰ্নীতিৰ বাবে যথেষ্ট আশাহত ।

২০১৬ চনত কেৰালা বিধানসভা নিৰ্বাচনত মাত্ৰ এখন আসন দখল কৰা বিজেপিয়ে ২০১৮ চনৰ পৰাই ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছিল । মন কৰিবলগীয়া যে, গেৰুৱা দলটোৱে শবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ ওপৰত দিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক সমৰ্থন কৰি আগবাঢ়িছিল আৰু ইয়াৰ জৰিয়তে ভোটাৰসকলৰ কাষ চপাৰ চেষ্টা অব্যাহত ৰাখিছিল ।

যদিও শবৰীমালা মন্দিৰৰ বিষয়টো বিজেপিৰ বাবে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বৰ বিশেষ সহায়ক হোৱা দেখা নগ’ল; অৱশ্যে মন্দিৰৰ এই বিষয়টোৱে কেৰালাৰ কিছু অঞ্চলত বিজেপিৰ প্ৰভাৱ বিস্তাৰৰ বাবে বাট অলপ হ’লেও সূচল কৰিছিল । পদকুল আৰু পাথমান্থিতা সমষ্টিৰ বাহিৰেও এই মন্দিৰৰ বিষয়টোৱে ৰাজধানী থিৰুৱনন্তপুৰমতো বিজেপিৰ বাবে বাট সূচল কৰিছিল আৰু ইউডিএফ আৰু এলডিএফৰ দুৰ্গত মোক্ষম আঘাত হানিবলৈ সক্ষম হৈছিল ।

যি কি নহওঁক, এয়া সত্য যে, ৰাজনৈতিকভাৱে প্ৰভাৱ বিস্তাৰৰ বাবে বিজেপিক ৰাজ্যখনত এক সবল সাংগঠনিক ভেটিৰ খুবেই প্ৰয়োজন । তাৰোপৰি বিজেপিক দীৰ্ঘ সময়জুৰি সমাজ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি থকা কিছু নেতাৰো প্ৰয়োজন কেৰালাত নিজৰ ভেটি সুদৃঢ় কৰিবলৈ । পিনাৰায়ী বিজয়ন বা অনাম চেন্দী অথবা বিৰোধী দলপতি ৰমেশ চেনিথালাৰ দৰে এখন মুখৰ দলটোত এতিয়া খুবেই প্ৰয়োজন, যিয়ে গেৰুৱা দলৰ স্থিতি কেৰালাত সুদৃঢ় কৰিব পাৰে ।

মন কৰিবলগীয়া কথা যে, নৰেন্দ্ৰ মোডীয়ে যদিও প্ৰতিখন সভা-সমিতিত সদায় হিন্দী ভাষাতেই ভাষণ দিয়ে, কেৰালাৰ পালকুদত অনুষ্ঠিত হোৱা সভাত কিন্তু প্ৰধানমন্ত্ৰী গৰাকীয়ে ইংৰাজীতেই ভাষণ দিয়া পৰিলক্ষিত হয়, যাতে দক্ষিণৰ ৰাজ্যসমূহৰ জনতাৰ সৈতে তেওঁ ভাৱ বিনিময় কৰিব পাৰে ।

ইফালে প্ৰধানমন্ত্ৰী মোডীৰ এই সভাৰ পিছতেই জ্যেষ্ঠ কংগ্ৰেছী নেতা চলমান খুৰছিদে কেৰালাত সভা সম্বোধন কৰি ভোটাৰসকলক মোডী তথা বিজেপিৰ জালত ভৰি নিদিবলৈ সকীয়াই দিয়ে আৰু ইউডিএফ তথা এলডিএফক সমৰ্থন আগবঢ়াবলৈ অনুৰোধ জনাই, যিয়ে দক্ষিণৰ ৰাজ্যসমূহত উন্নয়ন আৰু সমতাৰ ৰাজনীতি কৰি আহিছে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.