ETV Bharat / bharat

Upcoming election in NE: উত্তৰ-পূৱৰ ৩ খন ৰাজ্যত চৰকাৰ গঠনৰ লক্ষ্য বিজেপিৰ

author img

By

Published : Jan 18, 2023, 10:45 AM IST

চলিত বছৰতে উত্তৰ-পূৱৰ ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । আটাইকেইখন ৰাজ্যতে বিজেপিয়ে স্থিতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে (Upcoming election in NE)। বিজেপিও নিশ্চিত যে তেওঁলোকে এইবাৰ তিনিওখন আসনত জয়ী হোৱাটো নিশ্চিত ।

Upcoming election in NE
উত্তৰ-পূৱৰ ৩ খন ৰাজ্যত চৰকাৰ গঠনৰ লক্ষ্য বিজেপিৰ

নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন আৰু তাৰ প্ৰাকক্ষণত উত্তৰ-পূৱৰ তিনিখনকৈ ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (NE 3 states election)। সেয়ে ইতিমধ্যে নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে । বিজেপি দলৰ এতিয়া লক্ষ্য উত্তৰ-পূৱৰ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন ।

তিনিওখন ৰাজ্যতে বিজেপি দলে চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে নিশ্চিত হৈছে । যাৰ বাবে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিবলৈ ৰাজ্যকেইখনৰ স্থানীয় নেতাসকলক শীৰ্ষ নেতৃত্বই নিৰ্দেশ দিছে । নিৰ্বাচনী দিশটো পৰ্যালোচনাৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত বাহৰ পাতি আছে উত্তৰ-পূৱৰ কেইবাগৰাকী নেতা ।

উল্লেখ্য যে তিনিওখন ৰাজ্যতে ফেব্ৰুৱাৰী-মাৰ্চৰ মাজত নিৰ্বাচন অনুষ্ঠিত হ'ব । যদিও ত্ৰিপুৰা বিজেপিৰ হাতত আছে । কিন্তু মেঘালয় আৰু নাগালেণ্ডত শাসকীয় মিত্ৰজোঁটৰ অংশ বিজেপি দল ।

নিৰ্বাচন সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যই কয় যে ত্ৰিপুৰাত ক্ষমতা বজাই ৰাখিব পাৰিব বুলি তেওঁলোক নিশ্চিত (Tripura election 2023)। ত্ৰিপুৰাৰ ৰাইজে বিজেপিক পুনৰ শাসনৰ গাদীত বহুৱাব বুলিও তেওঁ একপ্ৰকাৰ নিশ্চিত ।

বিৰোধীৰ স্থিতি সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছ আৰু বাওঁ মৰ্চাৰ মাজৰ যিকোনো সম্ভাৱ্য মিত্ৰতাই ত্ৰিপুৰাত কাম নকৰে । তেওঁৰ মতে চিপিএম আৰু কংগ্ৰেছৰ নেতাসকলৰ বিষয়ে জনসাধাৰণ অৱগত (Tripura BJP slams oppositions)। তেওঁ অভিযোগ কৰা মতে বাওঁপন্থী দল আৰু কংগ্ৰেছে ৰাজ্যখনত শাসন চলোৱাৰ সময়ত জনসাধাৰণৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল ।

ইফালে ত্ৰিপুৰা বিধানসভাত মুঠ ৬০ খন আসন আছে (Tripura total assembly seats)। ইয়াৰ ভিতৰত ২০ খন আসন জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩৬ খন, ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰাই (IPFT) ৮ খন আৰু চিপিআইএম দলে ১৬ খন আসন লাভ কৰিছিল । বিজেপি মেঘালয়ৰ সভাপতি আৰ্নেষ্ট মাৱৰিয়েও একেটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এইবাৰ নিশ্চিতভাৱে মেঘালয়ত বিজেপিয়ে চৰকাৰ গঠন কৰিব (Meghalaya election 2023)।

তেওঁ কয় যে বিজেপিয়ে মেঘালয়ত চৰকাৰ গঠনৰ বিষয়ে আত্মবিশ্বাসী । কেন্দ্ৰীয় চৰকাৰৰ ইতিবাচক প্ৰদৰ্শনে নিশ্চিতভাৱে বিজেপিক বিধানসভা নিৰ্বাচনত এক প্লাছ পইণ্ট প্ৰদান কৰিব বুলিও তেওঁ আশাবাদী । ইফালে নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে দলটোৱে এইবাৰ অকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব ।

মেঘালয়ত কনৰাড চাংমাৰ এনপিপিত ২০ খন, ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিৰ (ইউডিপি) ৮ খন, বিজেপিৰ ৩ খন আৰু ৬০ জনীয়া বিধানসভাত পিপলছ ডেমক্ৰেটিক ফ্ৰণ্টৰ (পিডিএফ) দুখন আসন আছে । আনহাতে বিৰোধী অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ (TMC) ৮ খন আৰু এনচিপিৰ ১ খন আসন আছে । বৰ্তমান প্ৰায় ১৮ খন আসনে খালী হৈ আছে (Meghalaya assembly seats)। মেঘালয়ত এইবাৰ টিএমচিয়ে অধিক আসন লাভৰ বাবে তৎপৰতা আৰম্ভ কৰিছে । কিয়নো দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে ইতিমধ্যে দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে ।

ইফালে নাগালেণ্ডত, বিজেপিয়ে নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ (NDPP) সৈতে ২০:৪০ আসন ভাগ-বতৰা সমন্বয়ৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে (Nagaland election 2023)।

যিহেতু নাগালেণ্ড বিধানসভাত ৬০ খন আসন আছে । এনডিপিপিৰ সভাপতি চিংৱাং কোনিয়াকে কৈছে যে আসন ভাগ বতৰা ইতিমধ্যে চূড়ান্ত কৰা হৈছে । নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত ৪০: ২০ আসন ভাগ-বতৰাৰ ভিত্তিত প্ৰতিদ্বন্দিতা চূড়ান্ত কৰিছে দল দুটাই । বিজেপিয়ে ২০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব । অহা কেইদিনমানৰ ভিতৰত দিল্লীত আসনসমূহ চিনাক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে (Nagaland assembly seats)।

নাগালেণ্ডত বৰ্তমান নেচনেল পিপলছ ফ্ৰণ্টৰ (NPF) ২৬ খন, এনডিপিপিৰ ১৮ খন, বিজেপিৰ ১২ খন, এনপিপিৰ দুখন, জেডিইউৰ এখন আৰু নিৰ্দলীয় এখন আসন আছে । নাগালেণ্ডত কোনো বিৰোধী নাই কিয়নো সকলো এনপিএফৰ সদলস্যই এনডিপিপিৰ নেতৃত্বত ইউনাইটেড ডেমক্ৰেটিক এলায়েন্স (UDA)ত ইতিমধ্যে যোগদান কৰিছে ।

লগতে পঢ়ক :Collegium controversy: ন্যায়াধীশ নিযুক্তিৰ কলেজিয়ামত অন্তৰ্ভুক্তিৰ পৰিকল্পনা কেন্দ্ৰৰ: মমতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.