ETV Bharat / bharat

Karnataka poll 2023: কৰ্ণাটক কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ বিজেপি প্ৰাৰ্থীৰ

author img

By

Published : May 10, 2023, 10:29 PM IST

কৰ্ণাটক কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ ৷ বিজেপিৰ এগৰাকী প্ৰাৰ্থীয়ে তেওঁৰ বিৰুদ্ধে আনিছে এই অভিযোগ (Karnataka poll 2023) ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 10 মে’: কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ ৷ কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী তথা গোকাক বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) প্ৰাৰ্থী ৰমেশ জাৰ্কিহোলীয়ে (Ramesh Jarkiholi) উত্থাপন কৰিছে এই অভিযোগ ৷

ৰমেশ জাৰ্কিহোলীয়ে অভিযোগ উত্থাপন কৰি কয় যে, কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে (D K Shivakumar) তেওঁক এখন চিডি প্ৰকাশ কৰাৰ ভয় দেখুৱাই প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰি আহিবলৈ ভাবুকি প্ৰদান কৰিছিল ৷ এই অভিযোগ উত্থাপন কৰি বিজেপি প্ৰাৰ্থী ৰমেশ জাৰ্কিহোলীয়ে বিষয়টো তদন্তৰ বাবে CBI নিৰ্দেশ দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ জনাইছে ৷ লগতে তেওঁ কয়, ‘‘মই শক্তিশালী ৷ কোনো চিডি বা ভাবুকিৰ প্ৰতি ভয় নকৰোঁ ৷’’

‘‘যিয়েই নহওক মই ভয় নকৰোঁ আৰু পিছলৈ নাহো ৷ মই ইতিমধ্যেই বিষয়টো CBIক দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু আগন্তুক মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো ৷’’ তেওঁ লগতে কয় ৷ মাজ নিশা এক ফোনযোগে তেওঁ এই ভাবুকি লাভ কৰা বুলিও তেওঁ উল্লেখ কৰিছে (Blackmailing allegation against D K Shivakumar) ৷

‘‘মোলৈ এটা ফোন আহিছিল ৷ ডি কে শিৱকুমাৰে মাজনিশা 12.30 বজাত মোক ব্লেকমেইল কৰিছিল আৰু বেলাগাভি গ্ৰাম্য সমষ্টিৰ পৰা আঁতৰি আহিবলৈ কৈছিল ৷ লগতে এখন চিডি মুকলি কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৷’’ তেওঁ সংবাদমাধ্যমৰ আগত কয় (Karnataka assembly election 2023) ৷

ইয়াৰ উপৰিও ৰমেশ জাৰ্কিহোলীয়ে দাবী কৰি কয়, ‘‘মোক আকৌ ব্লেকমেইলিং কৰা হ’ব ৷ তেওঁ মোক পুনৰ ব্লেকমেইল কৰিব ৷ তেওঁ মোক ভাবুকি দিয়াৰ কাৰণ হ’ল তেওঁ জানে যে জেপি হাইকমাণ্ডে মোক ভাল পায় ৷’’

উল্লেখ্য যে, জাৰ্কিহোলীৰ বিৰুদ্ধে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে 2021 চনৰ 3 মাৰ্চ তাৰিখে পদত্যাগ কৰিছিল ৷ জাৰ্কিহোলীয়ে অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে আৰু ভিডিঅ'বোৰ ভুৱা বুলি দাবী কৰি আহিছে ৷ ইয়াৰ পূৰ্বে এই বৰ্ষৰ জানুৱাৰী মাহত নেতাজনে যৌন চিডি গোচৰক লৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: Karnataka Polls 2023 : এইটোৱে মোৰ অন্তিম নিৰ্বাচন; ভোটদানৰ পিছত সিদ্দাৰামাইয়াৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.