ETV Bharat / bharat

Bypoll results 2022: বিজেপি প্ৰাৰ্থী আকাশ চাক্সেনাৰ বিজয় - বিজেপি প্ৰাৰ্থী আকাশ চাক্সেনাৰ বিজয়

উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ প্ৰবীন নেতা আজম খানৰ (SP MLA Azam Khan)দুৰ্গ উৎখাত কৰি বিজেপি প্ৰাৰ্থী আকাশ চাক্সেনাৰ জয় (BJP candidate Akash Saxena won)৷

BJP candidate Akash Saxena won in Rampur by election
Bypoll results 2022: বিজেপি প্ৰাৰ্থী আকাশ চাক্সেনাৰ বিজয়
author img

By

Published : Dec 8, 2022, 6:07 PM IST

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ প্ৰবীন নেতা আজম খানৰ (SP MLA Azam Khan)দুৰ্গ উৎখাত কৰি বিজেপি প্ৰাৰ্থী আকাশ চাক্সেনাৰ জয় (BJP candidate Akash Saxena won)৷ 26 তম ৰাউণ্ডত বিজেপিৰ প্ৰাৰ্থী আকাশ চাক্সেনাই 50,435 টা ভোট লাভ কৰি 11,803 টা ভোটৰ ব্যৱধানত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী অসীম ৰাজাক পৰাস্ত কৰে ৷ অসীম ৰাজাই লাভ কৰে 38,632 টা ভোট ৷

২৫ তম ৰাউণ্ডত বিজেপিৰ আকাশ চাক্সেনাই 47,505 টা ভোট লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিৰ অসীম ৰাজাই 36,440 টা ভোট লাভ কৰিছিল ৷ আকাশ চাক্সেনাৰ বিজয়ে বিজেপি কৰ্মীসকলৰ মাজত আনন্দৰ বন্যা বৈছে ৷ ঢোলে-দগৰে বিজেপিৰ কৰ্মীসকলে আকাশ চাক্সেনাৰ বিজয় উৎসৱ পালন কৰে ৷

উল্লেখ্য যে আজম খানে আক্ৰোষমূলক ভাষণ দিয়াৰ পিছতে তেওঁক কাৰাদণ্ড বিহা হৈছিল ৷ তাৰ পিছপে পৰা ৰামপুৰ সদৰ বিধানসভা আসনখন খালী হৈ আছিল ৷ অসীম ৰাজাই এই আসনৰ বাবে সমাজবাদী পাৰ্ৰ্টিৰ হৈ বিজেপি প্ৰাৰ্থী আকাশ চাক্সেনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷

তাৎপৰ্যপূৰ্ণ যে আকাশ চাক্সেনাক আজম খানৰ শক্তিশালী বিৰোধী বুলি গণ্য কৰা হয় (Rampur by election 2022)৷ ৰামপুৰত 10 জন প্ৰাৰ্থীয়ে সদৰত আৰু 14 জন প্ৰাৰ্থীয়ে খাটাউলিত প্ৰতিদ্বন্দিতা কৰিছিল ৷ এই নিৰ্বাচনী প্ৰচাৰত আজম খানৰ ভাষণৰ বিষয়েও আলোচনা কৰিছিল আকাশ চাক্সেনাই ৷

ইফালে মইনপুৰী লোকসভাৰ উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী ডিম্পল যাদৱে 2.31 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে (Dimple Yadav wins Mainpuri Lok Sabha seat) । 26 নং ৰাউণ্ডৰ গণনাত বিয়লি 2.30 বজালৈকে 4,82,392 টা ভোট লাভ কৰে ডিম্পল যাদৱে । আনহাতে, বিজেপিৰ প্ৰাৰ্থী ৰঘুৰাজ শাক্যই লাভ কৰে 2,51,094 টা ভোট । অৱশেষত 2.31 লাখ ভোটৰ ব্যৱধানত ডিম্পল যাদৱক বিজয়ী ঘোষণা কৰা হয় ।

আনহাতে ডিম্পল যাদৱৰ বিজয়ৰ কথা ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে সমাজবাদী পাৰ্টিৰ কৰ্মীসকল । সমষ্টিটোত আৰম্ভ হয় সমাজবাদী পাৰ্টীৰ বিজয়োল্লাস ৷

লগতে পঢ়ক: Mainpuri Bye poll: দুই লক্ষাধিক ভোটৰ ব্যৱধানত জয়লাভ ডিম্পল যাদৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.