ETV Bharat / bharat

Lok Sabha Election 2024: দিল্লীত বিজেপিৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক - BJP meeting in June 11

আহি থকা বিধানসভা নিৰ্বাচন আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ ১১ জুনত বিজেপিৰ বৈঠক (BJP meeting in Delhi)। প্ৰতিখন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীক এই বৈঠকত উপস্থিত থকাৰ নিৰ্দেশ কেন্দ্ৰীয় নেতৃত্বৰ ।

Lok Sabha Election 2024
দিল্লীত বিজেপিৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক
author img

By

Published : Jun 9, 2023, 12:01 PM IST

নেশ্যনেল ডেস্ক, ৯ জুন: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰিছে (Lok Sabha Election 2024)। ভাৰতীয় জনতা পাৰ্টিয়েও বিজয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা চলাইছে । বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছে শাসকীয় দলটোৱে । তাৰ অংশস্বৰূপে অহা ১১ জুনত নতুন দিল্লীত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক বিজেপিৰ । বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলক দিল্লীৰ এই বৈঠকত উপস্থিত থাকিবলৈ জনোৱা হৈছে (BJP calls meeting of CMs and Deputy CMs)।

দলীয় সূত্ৰৰ মতে, বৈঠকৰ উদ্দেশ্য আগন্তুক বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ওপৰত হোৱাৰ সম্ভাৱনা আছে । বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু সাধাৰণ সম্পাদক বি এল সন্তোষৰ লগতে ৰাজ্যিক সংগঠনৰ সম্পাদকসকলো উপস্থিত থাকিব ।

ইয়াৰ মাজতে বুধবাৰে, জে পি নাড্ডাই উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত দলীয় কৰ্মীসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় ৷ তেওঁ দলীয় কৰ্মীসকলক সক্ৰিয় হৈ থাকিবলৈ আৰু জনসাধাৰণৰ কাষলৈ যোৱাৰ বিভিন্ন উপায় বিচাৰিবলৈ নিৰ্দেশ দিয়ে (BJP tiffin meeting)। বিজেপিৰ এটা সূত্ৰই কোৱা মতে যে সেই বৈঠকত বিজেপিৰ মুৰব্বী জে পি নাড্ডাই দলটোৰ নতুন আৰু পুৰণি কৰ্মীসকলক এটা গুৰুত্বপূৰ্ণ মন্ত্ৰণা দিয়ে । এই সময়ছোৱাত তেওঁ দলীয় কৰ্মীসকলক কয় যে, তেওঁলোকে তৃণমূল পৰ্যায়ৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আৰু জনসাধাৰণৰ মন জয় কৰাৰ বাবে বিভিন্ন উপায় বিচাৰিব লাগিব ।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি জে পি নাড্ডাই দলীয় কৰ্মীসকলক স্ব-শৃংখলাবদ্ধ হৈ থাকিবলৈ আৰু ইজনে সিজনৰ সৈতে ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায় । দলীয় সূত্ৰৰ মতে, বিজেপি সভাপতিগৰাকীয়ে কৰ্মীসকলক কয় যে, অহংকাৰ ত্যাগ কৰিবলৈ সকলোকে যথেষ্ট অনুশাসনৰ প্ৰয়োজন । কৰ্মীসকলক অধিক দায়বদ্ধতা হ'বলৈ তেওঁ আহ্বান জনায় । নিৰাশ হ'ব নালাগে আৰু আনৰ সমালোচনা বন্ধ কৰি ইজনে সিজনৰ সৈতে ঐক্যবদ্ধ হৈ থাকিবলৈও তেওঁ কৰ্মীসকলক আহ্বান জনায় ।

কৃষকৰ সমস্যা বা সমাজৰ বিভিন্ন জলন্ত সমস্যাক লৈ যদি কোনো লোকে বা বিৰোধীয়ে আক্ৰমণ বা প্ৰশ্ন কৰিবলৈ চেষ্টা কৰে এনে বিষয়বোৰ নম্ৰভাৱে চম্ভালিবলৈ চেষ্টা কৰা উচিত বুলিও নাড্ডাই কৰ্মীসকলক কয় (J P Nadda at tiffin meeting)। আনকি সেইসকলক নিশ্চিত কৰিব লাগে যে, বিজেপি সদায় সমাজৰ সৈতে আছে ।

তেওঁ উল্লেখ কৰা মতে বিজেপিয়ে সমাজ কল্যাণৰ বাবে কাম কৰে । সেয়ে কেতিয়াও কাৰো প্ৰতি আক্ৰমণাত্মক নহ'বলৈ তেওঁ কৰ্মীসকলক আহ্বান জনায় । নাড্ডাই বৈঠকত দাবী কৰা মতে বিজেপি কেৱল ভাৰতৰে সৰ্ববৃহৎ দল নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ দল । নাড্ডাৰ মতে চীনৰ কমিউনিষ্ট পাৰ্টিতকৈও ডাঙৰ বিজেপি ।

লগতে পঢ়ক :Wrester protest: নাবালিকা মল্লযুঁজাৰুৰ পিতৃৰ ভাষ্য সলনি; প্ৰতিশোধৰ বাবে ভুৱা অভিযোগ উত্থাপনৰ কৰা স্বীকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.