ETV Bharat / bharat

টিএমচি কৰ্মীৰ হিংসাৰ বিৰুদ্ধে দেশজুৰি ধৰ্ণা ঘোষণা বিজেপিৰ

শাসকীয় তৃণমূল কংগ্ৰেছৰ পৃষ্ঠ পোষকতাত সংঘটিত হিংসাত্মক ঘটনাৰ বুজ ল'বলৈ বিজেপি সভাপতি জে পি নাড্ডা ৪ মে'ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পশ্চিম বংগত উপস্থিত থাকিব ৷

author img

By

Published : May 4, 2021, 10:19 AM IST

টিএমচি কৰ্মীৰ হিংসাৰ বিৰুদ্ধে দেশজুৰি ধৰ্ণা ঘোষণা বিজেপিৰ
টিএমচি কৰ্মীৰ হিংসাৰ বিৰুদ্ধে দেশজুৰি ধৰ্ণা ঘোষণা বিজেপিৰ

নেশ্যনেল ডেস্ক, 4 মে’: মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগলৈ আহিব বিজেপি সভাপতি জে পি নাড্ডা ৷ শাসকীয় তৃণমূল কংগ্ৰেছ (টিএমচি) চৰকাৰে ৰাজ্যখনত দলীয় কৰ্মীসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পশ্চিম বংগত উপস্থিত হ’ব বিজেপি সভাপতি গৰাকী ৷

বিজেপি সভাপতি জে পি নাড্ডাই হিংসাৰ দ্বাৰা ক্ষতিগ্ৰস্ত বিজেপি কৰ্মীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালক বৰ্গকো সাক্ষাৎ কৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব বুলি জানিব পৰা গৈছে ৷ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে বিজেপি সভাপতি গৰাকীয়ে ৷

উল্লেখ্য যে, পশ্চিম বংগৰ নিৰ্বাচনৰ ফলাফলৰ ২৪ ঘণ্টাৰ ভিতৰত, বহুতো বিজেপি কৰ্মীক হত্যা কৰাৰ লগতে বহু কাৰ্যকৰ্তাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰো অভিযোগ উত্থাপন কৰিছে বিজেপিৰ সভাপতি গৰাকীয়ে । আনকি নিৰ্বাচনৰ ফলাফলৰ অন্তত মমতা বেনাৰ্জীৰ পৰাজয় আৰু তৃণমূল কংগ্ৰেছৰ বিজয়ৰ পিছতেই টিএমচিৰ কিছু উদণ্ড লোকে হিংসা আৰু তেজৰে বিজয় উদযাপন কৰিবলৈ আৰম্ভ কৰে । এই ঘটনাক তীব্ৰভাৱে বিজেপিয়ে গৰিহণা প্ৰকাশ কৰিছে ৷

বিজেপি সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দলটোৱে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত টিএমচি কৰ্মীসকলৰ দ্বাৰা সংঘটিত ব্যাপক হিংসাৰ বিৰুদ্ধে ৫ মে'ত দেশজুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ বিজেপিৰ সকলো সাংগঠনিক মণ্ডলত সকলো ক’ভিড প্ৰট’কল মানি ৰূপায়ন কৰিব এই প্ৰতিবাদী কাৰ্যসূচী ৷

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে সদ্য সমাপ্ত পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ২১৩ খন আসন লাভ কৰিছিল । ভাৰতীয় জনতা পাৰ্টীয়ে ২৯৪ খন আসনৰ ৰাজ্যিক বিধানসভাত ৭৭ খন আসন লাভ কৰিছিল । অৱশ্যে, ক’ভিড মহামাৰীৰ ফলত প্ৰাৰ্থীৰ মৃত্যুৰ বাবে মুৰ্শিদাবাদৰ দুখন আসনৰ নিৰ্বাচন স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক: অজেয় নহয় নৰেন্দ্ৰ মোডী-অমিত শ্বাহ: শিৱসেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.