নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী : তেলেংগনাত অনুষ্ঠিত হোৱা ১৯ সংখ্যক বায়োএছিয়া সন্মিলনৰ (BioAsia conference 2022) শুকুৰবাৰে সামৰণি পৰে । ৭০ খনৰ দেশৰ প্ৰায় ৩৭,৫০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই সন্মিলনত । এই সন্মিলনৰ আলোচনা চক্ৰৰ মূল বিষয়বস্তু আছিল দুবছৰীয়া ক'ভিড পৰিস্থিতি, মহামাৰীয়ে প্ৰদান কৰা গোপন সুযোগ আৰু ইয়াৰ পৰা ল'বলগীয়া শিক্ষা ।সন্মিলনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আলোচনাৰ প্ৰথম বিষয়বস্তু আছিল 'ফাৰ্মা আৰু বায়োফাৰ্মা খণ্ডত উদ্ভাৱনৰ প্ৰত্যাহ্বান' । তাৰ পাছত শুকুৰবাৰে কৰা আলোচনাৰ বিষয় আছিল 'ঔষধ গৱেষণা আৰু বিকাশ '।
ইয়াত বিশেষকৈ আন্তৰ্জাতিক নেতৃত্বৰ ওচৰলৈ কেনেকৈ যাব পাৰি, এপিআই উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱা, ঔষধৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়া, মহামাৰীৰ সময়ত সৰ্বশ্ৰেষ্ঠ পদ্ধতি অনুসৰণ কৰা, ভাৰতীয় জেনেৰিক কোম্পানীবোৰক অনুজ্ঞা পত্ৰ দিয়া আৰু যোগান প্ৰক্ৰিয়া আদিৰ বিষয়ে আলোচনা কৰা হয় ।
এই আলোচনাবোৰৰ পাছত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা ৰখা হয় । বিষয়বোৰ ক্ৰমে মহামাৰীৰ পিছৰ সময়ছোৱাত নিয়ন্ত্ৰণ, ক'ভিডৰ সময়ত নতুনক আদৰণি, জনসাধাৰণৰ বাবে সুৰক্ষিত, কাৰ্যকৰী আৰু উচ্চ মানদণ্ডৰ ঔষধৰ উপলব্ধতা, মহামাৰীৰ পিছৰ সময়ছোৱা, উদ্যোগটোত পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু নীতিৰ পৰিৱৰ্তন আদি ।
বায়োএছিয়া সন্মিলনৰ সামৰণি অনুষ্ঠানত এফএবিএ বিশেষ বঁটা-২০২২ (FABA Special Awards-2022) বায়'লজিকেল ই'ৰ পৰিচালন সঞ্চালক মহিমা দাতলাক প্ৰদান কৰা হয় লগতে এফএবিএ জীৱনজোৰা সাধনা বঁটা (FABA Lifetime Achievement Award) বায়োটেক এছ'চিয়েশ্যনৰ পৃষ্ঠপোষক বি.পি. আচাৰ্যক প্ৰদান কৰা হয় ।
সন্মিলনত উপস্থিত থাকি তেলেংগনাৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মুখ্য সচিব জয়েশ ৰঞ্জনে কয় যে এই সন্মিলনত কেইবাজনো আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নেতাই অংশগ্ৰহণ কৰিছে । মুখ্য সচিবৰ মতে তেওঁলোকে কেৱল তেওঁলোকৰ মতামতসমূহ আলোচনা কৰাই নহয় এই ক্ষেত্ৰখনৰ পথ প্ৰদৰ্শনো কৰিছে ।
লগতে পঢ়ক :Russia Ukraine war:ভাৰতীয়ক উদ্ধাৰৰ বাবে ৰোমানিয়া আৰু হাংগেৰীলৈ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান