ETV Bharat / bharat

Nitish Kumar PM bid : নীতিশ কুমাৰৰ 'না'ৰ মাজতো 'হা' লুকাই আছে; বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন মাঝি

নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী হোৱাৰ কোনো আকাংক্ষাক নাকচ কৰাৰ ক্ষেত্ৰত আছে এক গোপন ইচ্ছা । হিন্দুস্তানী আৱাম মৰ্চাৰ (এইচএএম) নেতা জিতন ৰাম মাঝিয়ে কয় । তেওঁ বিহাৰৰ এজন মন্ত্ৰীয়ে শেহতীয়াকৈ কৰা মন্তব্যৰ কথা উল্লেখ কৰি এই মন্তব্য কৰে যে হিন্দী বলয়ৰ লোকসকলে 'নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী বুলি আলোচনা কৰি আছে' ।

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 3:13 PM IST

Nitish Kumar PM bid
Nitish Kumar PM bid

নিউজ ডেস্ক, ২৯ আগষ্ট : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়া ব্লকৰ পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'বলৈ চেষ্টা কৰাৰ জল্পনা-কল্পনাৰ মাজতে এই ক্ষেত্ৰত ৰগৰ কৰি হিন্দুস্তানী আৱাম মৰ্চাৰ (এইচএএম) নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঝিয়ে কয় যে নীতিশ কুমাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো আকাংক্ষা নাই বুলি কোৱাৰ ক্ষেত্ৰতো এক গোপন ইচ্ছা আছে ।

বিহাৰৰ মন্ত্ৰী তথা জেডি(ইউ)ৰ নেতা শ্ৰৱণ কুমাৰে শেহতীয়াকৈ দিয়া মন্তব্যৰ সন্দৰ্ভত তেওঁ কয় যে হিন্দী বলয়ৰ লোকসকলে 'নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী বুলি আলোচনা কৰি আছে' । মাঝিয়ে কয় যে শ্ৰৱণ কুমাৰে যি কৈ আছে, সেয়া নীতিশ কুমাৰে কোৱা বুলি বিবেচনা কৰক ।

"তেওঁক (নীতিশ কুমাৰ) বেংগালুৰুত এক স্পষ্ট পথ দেখুওৱা হৈছিল । সেয়েহে তেওঁ ঘূৰি আহিছিল । মুম্বাইত কি হয় চাওঁ আহক । নীতিশ কুমাৰে কৈছে যে তেওঁ উচ্চাকাংক্ষী নহয় । 'না মে হাঁ হে ইয়ে' । বিহাৰৰ মন্ত্ৰী শ্ৰৱণ কুমাৰে যদি কিবা কৈছে, তেন্তে সেয়া নীতিশ কুমাৰে কোৱা কথা বুলি বিবেচনা কৰক । যদি তেওঁৰ (প্ৰধানমন্ত্ৰী হোৱাৰ) ইচ্ছা নাছিল, তেন্তে তেওঁ ইমান কিয় ঘূৰি ফুৰিলেহেঁতেন ?" জিতন ৰামে কয় ।

অৱশ্যে প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষাৰ পৰা নিজকে আঁতৰাই ৰখা নীতিশ কুমাৰে সোমবাৰে পুনৰ এবাৰ ইণ্ডিয়া ব্লকৰ ৰাষ্ট্ৰীয় আহ্বায়কৰ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনাৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰে । তেওঁ কয়, "মই একো হ'ব নিবিচাৰোঁ ।" তেওঁ লগতে কয় যে তেওঁৰ তেনে কোনো ইচ্ছা নাই আৰু আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো ৰাজনৈতিক দলক একত্ৰিত কৰিব বিচাৰে ।

আনহাতে, যদি প্ৰস্তাৱ দিয়া হয় তেন্তে তেওঁ আহ্বায়কৰ ভূমিকা গ্ৰহণ কৰিব নেকি বুলি এএনআয়ে সোধাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, "মই একো হ'ব নিবিচাৰোঁ । মই আপোনালোকক এইটো বাৰে বাৰে কৈ আহিছোঁ । মোৰ তেনে কোনো ইচ্ছা নাই । মই কেৱল সকলোকে একত্ৰিত কৰিব বিচাৰোঁ ।"

উল্লেখ্য যে ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত এক বৈঠকত মিলিত হ'বলৈ গৈ আছে । বৈঠকত মিত্ৰশক্তিৰ মাজত আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনা আৰম্ভ কৰাৰ লগতে মিত্ৰজোঁটৰ আহ্বায়কৰ নাম ঘোষণাৰ ক্ষেত্ৰত এক সম্ভাৱ্য সিদ্ধান্ত ল'ব পাৰে ।

লগতে পঢ়ক :Jharkhand accident: কেইবাজনো লোকক মহতিয়াই নিলে এখন বাহনে, থিতাতে নিহত ৩ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.