ETV Bharat / bharat

Bihar rape case : বিহাৰৰ বেগুচৰাইত নাবালিকাক ধৰ্ষণ সুৰাপায়ীৰ

author img

By

Published : Mar 9, 2023, 2:12 PM IST

হোলীৰ আনন্দ উল্লাহৰ মাজতে বিহাৰত চাঞ্চল্যকৰ ঘটনা । বিদ্যালয়ত খেলি নাবালিকাক ধৰ্ষণ সুৰাপায়ীৰ (Drunk man rapes minor girl in Bihar)। ধৰ্ষণৰ কবলৰ পৰা পলায়ন চেষ্টা কৰা কিশোৰী আঘাতপ্ৰাপ্ত । গ্ৰেপ্তাৰ অভিযুক্ত ধৰ্ষণকাৰী ।

Drunk man rapes minor girl in Bihar
বিহাৰৰ বেগুচৰাইত নাবালিকাক ধৰ্ষণ সুৰাপায়ীৰ

নেশ্যনেল ডেস্ক,৯ মাৰ্চ : বিহাৰত পুনৰ ধৰ্ষণৰ বলি হ'ল নাবালিকা (Bihar rape case)। বিদ্যালয়ৰ চৌহদত খেলি থকা নাবালিকাক ধৰ্ষণ সুৰাপায়ী ব্যক্তিৰ । এগৰাকী নাবালিকাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হয় । নাবালিকা কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে বিহাৰৰ বেগুচৰাই জিলাত সংঘটিত হৈছে এই যৌন নিৰ্যাতনৰ ঘটনা । বিদ্যালয় চৌহদত খেলি থকা দুই নাবালিকাক ধৰ্ষণৰ চেষ্টা কৰে ছোটু মাহাটো নামৰ এজন লোকে (Minor girl rape in Bihar)। চাহেবপুৰ কমল অঞ্চলৰ এখন গাঁৱত কিশোৰী দুগৰাকীয়ে বিদ্যালয় চৌহদত খেলি আছিল । তেতিয়াই সুৰাপায়ী ছোটু মাহাটোৱে বিদ্যালয় চৌহদত উপস্থিত হয় । খেলি থকা কিশোৰী দুগৰাকীক মাহাটোৱে আক্ৰমণৰ চেষ্টা কৰে ।

এগৰাকী কিশোৰী মাহাটোৰ কামনাৰ বলি হয় যদিও আন এগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । কিন্তু পলায়ন কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ কিশোৰীগৰাকী আঘাতপ্ৰাপ্ত হয় । ভুক্তভোগীৰ পৰিয়ালে জনোৱা মতে কিশোৰী দুগৰাকীয়ে খেলি থকাৰ সময়তে মাতাল ছোটু মাহাটোৱে তেওঁলোকক আক্ৰমণৰ চেষ্টা কৰে ।

সুৰাপায়ী মাহাটোক দেখি প্ৰথমে দুয়োগৰাকী কিশোৰীয়ে পলায়নৰ চেষ্টা কৰে । তাৰ পাছত তেওঁলোকে স্কুলৰ শৌচালয়ত লুকাই থাকে । কিন্তু, অভিযুক্ত মাহাটোৱে শৌচালয়ৰ চাল ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু এগৰাকী কিশোৰীক ধৰ্ষণ কৰে (Begusarai minor girl rape case)। পৰিয়ালৰ লোকে জনোৱা মতে আন এগৰাকী কিশোৰী সুযোগ বুজি অভিযুক্তৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও দুৰ্ঘটনাত পতিত হৈ মুখত আঘাতপ্ৰাপ্ত হয় কিশোৰীগৰাকী ।

স্থানীয় একাংশ লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে জনোৱা মতে দুয়োগৰাকী কিশোৰীৰ ভিতৰত এগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে ঘটনাৰ অভিযুক্ত মাহাটোকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :Murder in Nazira: নাজিৰাৰ ৰঙাজানত হোলীৰ আনন্দৰ মাজতে হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.