ETV Bharat / bharat

মিত্ৰজোঁট 'ইণ্ডিয়া'ক লৈ অসন্তুষ্ট নহয় নীতিশ কুমাৰ - INDIA Alliance PM Candidate

Bihar CM Nitish Kumar: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে স্পষ্ট কৰি দিলে যে তেওঁ বিৰোধী মিত্ৰজোঁটক লৈ অসন্তুষ্ট নহয় (Nitish Kumar on INDIA)। সংবাদ মাধ্যমৰ খবৰ মিছা বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে । কোনো পদক লৈও তেওঁৰ নাই ইচ্ছা ।

Bihar CM Nitish Kumar
মিত্ৰজোঁট 'ইণ্ডিয়া'ক লৈ অসন্তুষ্ট নহয় নীতিশ কুমাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 4:59 PM IST

মিত্ৰজোঁট 'ইণ্ডিয়া'ক লৈ অসন্তুষ্ট নহয় নীতিশ কুমাৰ

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : দিল্লীত মিত্ৰজোঁট 'ইণ্ডিয়া' ৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছৰে পৰা ৰাজনৈতিক মহলত আলোচনা চলি আহিছে যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অসন্তুষ্ট হৈ আছে । যাৰ বাবে তেওঁ বৈঠকৰ পিচত যুটীয়া সংবাদমেলতো উপস্থিত নাছিল । অৱশ্যে, বিহাৰৰ মুখ্যমন্ত্ৰীয়ে নিজেই এই সকলো খবৰ মিছা বুলি দাবী কৰিছে । পাটনাত সাংবাদিকৰ সন্মুখত নীতিশ কুমাৰে দাবী কৰিছে যে তেওঁৰ মিত্ৰজোঁট 'ইণ্ডিয়া'কলৈ কোনো অসন্তুষ্টি নাই । তেওঁ মিত্ৰতাৰ ওপৰত একেবাৰে সন্তুষ্ট ।

  • #WATCH पटना (बिहार): मुख्यमंत्री नीतीश कुमार और उपमुख्यमंत्री तेजस्वी यादव ने पूर्व प्रधानमंत्री और भारत रत्न अटल बिहारी वाजपेयी को उनकी 99वीं जयंती पर पुष्पांजलि अर्पित की।

    उन्होंने कहा, "जब से मैं MP रहा हूं तब मेरा संबंध उनके साथ रहा है। जब उनकी सरकार बनी तब उन्होंने मुझे… pic.twitter.com/0RRTIgT5qA

    — ANI_HindiNews (@AHindinews) December 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নীতিশ কুমাৰে সংবাদ মাধ্যমক কয়, "মোৰ অসন্তুষ্টিৰ বিষয়ে বহুতো বাতৰি প্ৰচাৰ হৈছে, যিটো সম্পূৰ্ণ মিছা । মই কিয় খং কৰিম ? মই সদায় চেষ্টা কৰি আহিছো যে ২০২৪ চনত বিজেপিক পৰাস্ত কৰিবলৈ সকলো বিৰোধী দল একত্ৰিত হ'ব লাগে । মই সদায় কৈ আহিছো যে মোৰ কোনো ইচ্ছা নাই, কেৱল সকলোৱে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লাগে আৰু সকলোবোৰ সোনকালে হোৱা উচিত ।"

প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বা আহ্বায়ক নোহোৱাৰ বাবে তেওঁৰ অসন্তুষ্টিৰ বাতৰি খাৰিজ কৰি নীতিশ কুমাৰে কয় যে তেওঁৰ কেতিয়াও কোনো পদৰ বাবে ইচ্ছা নাছিল । যি দায়িত্ব দিয়ে সেয়া ল'বলৈও প্ৰস্তুত নীতিশ কুমাৰ । তেওঁ মাত্ৰ সকলোৱে একেলগে নিৰ্বাচনত যুঁজ দিয়াটো বিচাৰে । সোনকালেই আসনৰ ভাগ বাটোৱাৰাৰ ওপৰত কাম কৰাটোও তেওঁ বিচাৰে বুলি সংবাদ মাধ্যমক জনাইছে ।

একে সময়তে সাংবাদিকে তেওঁৰ দল জনতা দল ইউনাইটেডৰ বিভক্তৰ বিষয়ে প্ৰশ্ন কৰিছিল । এই প্ৰশ্নৰ উত্তৰত নীতিশ কুমাৰে কয় যে এইটো এটা অপ্ৰয়োজনীয় কথা । তেওঁৰ দল সম্পূৰ্ণৰূপে ঐক্যবদ্ধ আৰু দলে আগন্তুক নিৰ্বাচনৰ বাবে কাম কৰি আছে বুলি তেওঁ দাবী কৰে । তেওঁৰ দল কোনে ভাঙিব পাৰে বুলিও প্ৰশ্ন কৰে নীতিশ কুমাৰে ।

লগতে পঢ়ক :আজি নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ, ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী মোহন যাদৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.