নেশ্যনেল ডেস্ক,২২ মে': লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে অধিক জোৰ দিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Nitish Kumar support for Opposition Unity)। যাৰ বাবে একপ্ৰকাৰ দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । দুদিন ধৰি দিল্লীত থাকি বহু বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰিছে নীতিশ কুমাৰে (Nitish Kumar in Delhi)। ভ্ৰমণৰ প্ৰথম দিনাই তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে ।
আনহাতে আজি দ্বিতীয় দিনা তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিব । তেওঁৰ সৈতে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱো উপস্থিত থাকিব । দুয়োগৰাকী নেতাই পাটনাত প্ৰস্তাৱিত বিৰোধী দলসমূহৰ বৈঠকৰ তাৰিখ আলোচনা কৰিব বুলি আশা কৰা হৈছে (Bihar CM to meet Congress President)।
দেওবাৰে নীতিশ কুমাৰে অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে (Nitish Kumar met Delhi CM)। উপ মুখ্যমন্ত্ৰীয়ে তেজস্বী যাদৱ, লালন সিং আৰু সঞ্জয় ঝাৰ সৈতে নীতিশ কুমাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত কেজৰিৱালত সাক্ষাৎ কৰে আৰু দীৰ্ঘ সময় ধৰি কথা পাতে । পাছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি নীতিশে কয় যে অধিক সংখ্যক বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ'ব লাগে যাতে সংবিধান ৰক্ষা কৰিব পৰা যায় ।
দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) অধ্যাদেশ ২০২৩ (National Capital Territory of Delhi Amendment Ordinance, 2023) জাৰি কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক সমালোচনা কৰি কুমাৰে কয় যে তেওঁ এই বিষয়ত কেজৰিৱালৰ সৈতে আছে ।
বিধেয়ক সম্পৰ্কে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি অৰবিন্দ কেজৰিৱালে কয় যে তেওঁ মঙলবাৰে মমতা বেনাৰ্জীৰ সৈতে এখন বৈঠকত মিলিত হ'ব । তাৰ পাছত তেওঁ দেশৰ সকলো বিৰোধী দলৰ সভাপতিসকলক সাক্ষাতৰ বাবে যাব । তেওঁ ইতিমধ্যে নীতিশ কুমাৰক সকলো পক্ষৰ সৈতে কথা পাতিবলৈ অনুৰোধ জনাইছে । যেতিয়াই এই বিধেয়কখন ৰাজ্যসভা লৈ আহিব, তেওঁ ইয়াক প্ৰতিহত কৰিবলৈ সমৰ্থনৰ বাবে সকলোৰে সৈতে কথা পাতিব । ইয়াৰ বাবে কেজৰিৱালে সকলো ৰাজ্যলৈ যাব আৰু নেতাসকলক লগ কৰিব বুলিও কয় ।
ইফালে নীতিশ কুমাৰে যোৱা কেইমাহমান ধৰি বিৰোধী ঐক্য গঠনৰ বাবে নিৰন্তৰ চেষ্টা কৰি আছে । এই সন্দৰ্ভত তেওঁ দিল্লী, কলকাতা, লক্ষ্ণৌ, ভুৱনেশ্বৰ, মুম্বাই আৰু ৰাঁচী আদি অঞ্চল ভ্ৰমণ কৰিছে আৰু মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, সীতাৰাম য়েচুৰী, ডি ৰাজা, মমতা বেনাৰ্জী, অখিলেশ যাদৱ, নবীন পাটনায়ক, উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ আৰু হেমন্ত সোৰেনৰ দৰে বিৰোধী নেতাসকলক সাক্ষাৎ কৰিছে ।
নবীন পাটনায়কক বাদ দি সকলো নেতাই বিৰোধী ঐক্য গঠন কৰিবলৈ ইতিবাচক মনোভাৱ দেখুৱাইছে । একে সময়তে, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাও পাটনালৈ আহি নীতিশক সাক্ষাৎ কৰিছে ।
লগতে পঢ়ক :Nitish Kumar Meets Kejriwal : নিৰ্বাচনী ৰণনীতি ! কেজৰিৱালক সাক্ষাৎ নীতিশ কুমাৰৰ