ETV Bharat / bharat

বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙৰ পদত্যাগ - Bihar Agriculture Minister resigns

বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙে পদত্যাগ কৰিছে (Bihar Agriculture Minister resigns)। সুধাকৰৰ পিতৃ তথা আৰজেডিৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙে নিশ্চিত কৰিছে যে কৃষি মন্ত্ৰীয়ে কৃষকসকলৰ বাবে মাত মাতি আহিছে । আগন্তুক দিনটো মাত মাতি যাব ।

Bihar
বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙৰ পদত্যাগ
author img

By

Published : Oct 2, 2022, 6:20 PM IST

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে (Bihar Agriculture Minister Sudhakar Singh resigns)। আৰজেডিৰ ৰাজ্যিক সভাপতি তথা সুধাকৰ সিঙৰ পিতৃ জগদানন্দ সিঙে এই কথা নিশ্চিত কৰিছে । তেওঁ কয় যে কৃষি মন্ত্ৰীয়ে কৃষক, জোৱান আৰু যুৱকসকলৰ স্বাৰ্থত পদত্যাগ পত্ৰ প্ৰদান কৰিছে । তেওঁ স্পষ্টকৈ কৈছে যে মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ অধিকাৰৰ বাবে যুঁজ অব্যাহত ৰাখিব ।

জগদানন্দ সিঙে সংবাদমাধ্যমৰ সন্মুখত কয় যে আজি গান্ধী জয়ন্তী আৰু শাস্ত্ৰীজীৰ জন্ম জয়ন্তী । দুয়োগৰাকী নেতাই সদায় কৃষকসকলৰ কথা চিন্তা কৰিছিল । বিহাৰৰ কৃষি মন্ত্ৰীগৰাকীয়েও সদায় কৃষকসকলৰ পক্ষত থাকি মাত মাতি আহিছে (RJD president reaction on Sudhakar Singh resigns)। কিন্তু ৰাজ্যখনৰ কৃষকসকলে আজিলৈ ন্যায় পোৱা নাই ।

কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ আজি সঠিক পথ নাই । ইয়াৰ বাবে কৃষি মন্ত্ৰীগৰাকী মৰ্মাহত হৈছে বুলি ৰাষ্ট্ৰীয় জনতা দলৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙে উল্লেখ কৰে ।

বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙৰ পদত্যাগ

আচলতে চৰকাৰ গঠনৰ পাছৰে পৰা নিজৰ বিভিন্ন ধৰণৰ মন্তব্যৰে চৰ্চাত আছে সুধাকৰ সিং (Sudhakar Singh was in controversy)। শেহতীয়াকৈ কাইমুৰত অনুষ্ঠিত এক বৈঠকত মন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁৰ বিভাগৰ বিষয়াসকল চোৰ আৰু মন্ত্ৰীসকল চোৰৰ চৰ্দাৰ ।

সুধাকৰ সিঙে নীতিশ চৰকাৰৰ কৃষি ৰোডমেপক লৈও প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ কৈছিল যে, কৃষি বিভাগত যথেষ্ট অনিয়ম আছে । তেনেদৰে অনিয়মৰ মাজেৰেই বিভাগটোৰ বিষয়াসকলে কৃষকসকলৰ হৈ কাম কৰি আছে বুলিও তেওঁ অভিযোগ কৰিছিল । কেৱল এয়াই নহয় কৃষকসকলক প্ৰতিবাদ অব্যাহত ৰাখিবলৈও তেওঁ আহ্বান জনাইছিল । তেওঁৰ নিজৰে বিভাগত বিভিন্ন দুৰ্নীতিৰো অভিযোগ কৰিছিল মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.