ETV Bharat / bharat

Omicron cases in India : বিগত ২৪ ঘণ্টাত দিল্লীত ৬৩ জন অ'মিক্ৰণত আক্ৰান্ত

author img

By

Published : Dec 27, 2021, 2:11 PM IST

ক্ৰমান্বয়ে অধিক ভয়াৱহ ৰূপ লৈছে কৰ'ণাৰ শক্তিশালী ভেৰিয়েণ্ট অ'মিক্ৰণে(Omicron infection in India) । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত মুঠ অ'মিক্ৰণ আক্ৰান্তৰ সংখ্যা ৫৭৮ জনলৈ বৃদ্ধি গৈছে । দেওবাৰৰ দিনটোত ১৫৬ জনৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি ।

Omicron cases in India
ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৫৭৮ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : দেশত মাত্ৰ এটা দিনত ১৫৬ গৰাকী লোক সংক্ৰমিত হৈছে অ'মিক্ৰণৰ দ্বাৰা(Fresh cases of Omicron in India) । ইয়াৰ ভিতৰত ৰাজধানী দিল্লীতে ৬৩ জন লোক অ'মিক্ৰণত আক্ৰান্ত হৈছে । এটা দিনত হোৱা সংক্ৰমণৰ ভিতৰত দেওবাৰৰ দিনটোতে সৰ্বাধিক সংক্ৰমণ হৈছে । সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে(Covid update in India) ।

ভাৰতত মুঠ অ'মিক্ৰণ আক্ৰান্তৰ সংখ্যা ৫৭৮ জনলৈ বৃ্দ্ধি পাইছে । মন্ত্ৰালয়ে জনোৱা মতে, এতিয়ালৈকে সংক্ৰমিত হোৱা ৫৭৮ জন লোকৰ ভিতৰত ১৫১ জন আৰোগ্য হৈছে । দেশৰ ১৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ধৰি মুঠ ৫৭৮ টা ঘটনা পোহৰলৈ আহিছে । মুঠ আক্ৰান্তৰ ভিতৰত দিল্লীতে আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ।

ৰাজধানী চহৰখনত ১৪২ জন লোক অ'মিক্ৰণৰ কবলত পৰিছে । আনহাতে, মহাৰাষ্ট্ৰত ১৪১ টা, কেৰালাত ৫৭ টা, গুজৰাটত ৪৯ টা, ৰাজস্থানত ৪৩ টা আৰু তেলেংগানাত ৪১ টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ।

ইফালে, ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা দিল্লীত নৈশ সান্ধ্য আইন বলৱৎ কৰা হ'ব(Night curfew to be implemented in Delhi) । ভাৰতত এদিনত ৬,৫৩১ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৩,৪৭৯৩,৩৩৩ জন(India's COVID-19 tally) । বৰ্তমান দেশত ৭৫,৮৪১ জন সক্ৰিয় ক'ভিড ৰোগী আছে । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত মহামাৰীৰে যুঁজি ৩১৫ জনে প্ৰাণ হেৰুৱাইছে ।

বৰ্তমাানলৈকে দেশত ৪,৭৯,৯৯৭ জন ক'ভিড ৰোগীৰ মৃত্যু হৈছে । আনহাতে, কৰ'ণাৰ দৈনিক আক্ৰান্তৰ সংখ্যা যোৱা ৬০ দিন ধৰি ১৫ হাজাৰতকৈ কম হৈ আছে । সক্ৰিয় আক্ৰান্তৰ ঘটনা মুঠ সংক্ৰমণৰ ০.২২ শতাংশলৈ হ্ৰাস পাইছে আৰু এয়া ২০২০ চনৰ মাৰ্চ মাহৰ পিছত সৰ্বনিম্ন হাৰ । আনহাতে, ৰাষ্ট্ৰীয় ক'ভিড-১৯ আৰোগ্যৰ হাৰ ৯৮.৪০ শতাংশ ।

লগতে পঢ়ক: Covid-19 vaccine for teenagers : ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক ক’ভেক্সিন প্ৰদানৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.