ETV Bharat / bharat

নীতিশ কুমাৰৰ দুৰ্গত মাৰঘাট: মণিপুৰত গেৰুৱা হ’ল জেডিইউৰ পাঁচ বিধায়ক

author img

By

Published : Sep 3, 2022, 3:51 PM IST

উত্তৰ-পূৱত নীতিশ কুমাৰৰ মুখথেকেছা (Big jolt for Nitish Kumar)৷ নীতিশ কুমাৰৰ জেডিইউৰ সৈতে বিজেপিৰ সম্পর্কত ফাট মেলাৰ পিছতে এইবাৰ মণিপুৰৰ ৰাজনৈতিক পটভূমিত আউল লগা পৰিলক্ষিত হৈছে ৷ উত্তৰ-পূৱৰ নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউনাইটেড)ৰ মণিপুৰৰ সাতজন বিধায়কৰ ভিতৰত পাঁচজনে বিজেপিৰ যোগদান কৰে (5 JDU MLA joined in BJP)৷

গেৰুৱা হ’ল জেডিইউৰ পাঁচ বিধায়ক
গেৰুৱা হ’ল জেডিইউৰ পাঁচ বিধায়ক

নেশ্যনেল ডেস্ক, 3 ছেপ্টেম্বৰ: মণিপুৰৰ ৰাজনীতিত নাটকীয় মোৰ ৷ উত্তৰ-পূৱত নীতিশ কুমাৰৰ মুখথেকেচা (Big jolt for Nitish Kumar)৷ নীতিশ কুমাৰৰ জেডিইউৰ সৈতে বিজেপিৰ সম্পর্কত ফাট মেলাৰ পিছতে এইবাৰ মণিপুৰৰ ৰাজনৈতিক পটভূমিত আউল লগা পৰিলক্ষিত হৈছে ৷

নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউনাইটেড)ৰ মণিপুৰৰ সাতজন বিধায়কৰ ভিতৰত পাঁচজনে বিজেপিৰ যোগদান কৰে (5 JDU MLA joined in BJP)৷ ইয়াৰ পূৰ্বে জেডিইউৰ প্ৰায়সংখ্যক বিধায়কে দলত্যাগ কৰি অৰুণাচল প্ৰদেশত বিজেপিত যোগদান কৰিছিল ৷ মণিপুৰ বিধানসভা সচিবালয়ৰ (Manipur Legislative Assembly Secretariat) এক বিবৃতি অনুসৰি শুকুৰবাৰে জেডিইউৰ পাঁচজন বিধায়ক জয়কিষাণ সিং, এন গুৰচাংলুৰ চানেট, মোঃ আচাব উদ্দিন, থাংজাম অৰুণ কুমাৰ আৰু এল এম খাউতে বিজেপিত যোগদান কৰে ৷

উল্লেখ্য যে ২০২২ চনৰ ২৫ আগষ্টত অৰুণাচল প্ৰদেশৰ একমাত্ৰ জেডিইউ বিধায়কজনে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত বিজেপিত যোগদান কৰে । অৰুণাচল প্ৰদেশৰ জেডিইউৰ একমাত্ৰ বিধায়ক টেচি কাচোৱেও বিজেপিত যোগদান কৰিছিল ৷ জেডিইউৰ 9 জন কৰ্পোৰেটৰৰ ভিতৰত 8 জনে বিজেপিত যোগদান কৰিছে, এতিয়া মুঠ বিজেপি কৰ্পোৰেটৰৰ সংখ্যা ২০ জনৰ ভিতৰত ১৮ জন ৷ তদুপৰি, জেডিইউৰ 18 জন জিলা পৰিষদৰ সদস্যৰ (জেডপিএম) ভিতৰত 17 জনে বিজেপিত যোগদান কৰিছে ৷

ইয়াৰ উপৰিও, জেডিইউৰ 119 জন গাঁও পঞ্চায়ত সদস্যৰ (জিপিএম) ভিতৰত, 100 ৰো অধিক লোকে বিজেপিত যোগদান কৰিছিল ৷ ২০২০ চনত বিজেপি-জেডি(ইউ)য়ে মিত্ৰজোঁটত নিৰ্বাচনত যুঁজিছিল আৰু নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ সৈতে চৰকাৰ গঠন কৰিছিল ৷ কিন্তু শেহতীয়াকৈ নীতিশ কুমাৰে এই মিত্ৰজোঁট ভংগ কৰি 'মহাজোট' চৰকাৰ গঠন কৰিবলৈ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰে ৷

লগতে পঢ়ক: খেলুৱৈৰ শ্ৰেষ্ঠ প্ৰদৰ্শনক সদায় স্মৰণ কৰিব লাগে: মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.