ETV Bharat / bharat

Chandrayaan-3 soft-landing: জোনবাইৰ বুকুত ইতিহাস ৰচিবলৈ সাজু ভাৰত; দেশবাসী হ’ব বিৰল মুহূৰ্তৰ সাক্ষী - Space scientists of India

আজি সন্ধিয়া চন্দ্ৰযান-৩ লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ৷ এই ঐতিহাসিক মুহূৰ্তটোৰ বাবে সকলো ভাৰতীয়ই সাজু হৈছে । বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে ঐতিহাসিক অৱতৰণৰ লাইভ টেলিকাষ্ট কৰাৰ সময়তে প্লেনেটেৰিয়ামসমূহে চন্দ্ৰ অভিযানৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদানৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে ।

historic Chandrayaan-3 touchdown on Moon
Chandrayaan-3 soft-landing
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 8:53 AM IST

Updated : Aug 23, 2023, 11:01 AM IST

নিউজ ডেস্ক, 23 আগষ্ট: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে চন্দ্ৰযান-৩ৰ চফ্ট-লেণ্ডিঙৰ Live টেলিকাষ্টৰ সুবিধা আগবঢ়াইছে আৰু বুধবাৰে সন্ধিয়া ৫.২০ বজাৰ পৰা এই টেলিকাষ্ট আৰম্ভ হ’ব । দেশৰ এই চন্দ্ৰ অভিযানৰ সফলতালৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে । ইছৰোৰ চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ বাবে নিৰ্ধাৰিত সময়ত এই ঐতিহাসিক দৃশ্য উপভোগৰ বাবে সমগ্ৰ দেশৰ প্লেনেটেৰিয়াম, শিক্ষানুষ্ঠান আৰু বিভিন্ন সংগঠনে প্ৰস্তুতি চলাইছে ।

বিদ্যালয়-মহাবিদ্যালয়সমূহে এই ঐতিহাসিক অৱতৰণৰ লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰিছে । বিজ্ঞানী আৰু শিক্ষকসকলে অন্তৰ্দৃষ্টিসম্পন্ন উপস্থাপন আগবঢ়াব আৰু ভাৰতৰ মহাকাশ ইতিহাসত এই গুৰুত্বপূৰ্ণ পৰিঘটনাৰ তাৎপৰ্যৰ বিষয়ে ব্যাখ্যা কৰিব ।

দিল্লীৰ ইন্দিৰা গান্ধী প্লেনেটেৰিয়ামৰ উদ্যোগত, আজি ইয়াৰ চৌহদত চন্দ্ৰযান-৩ সম্পৰ্কীয় এক কৰ্মশালাৰ আয়োজন কৰা হ’ব । পুৱা ১০:৩০ বজাৰ পৰা ১২:৩০ বজালৈ প্লেনেটেৰিয়ামৰ চৌহদত অনুষ্ঠিত হ’ব এই কৰ্মশালা । এই কৰ্মশালাত ৰিম’ট চেন্সিং এণ্ড এপ্লিকেচন চেণ্টাৰৰ বিজ্ঞানী ড৹ অনিৰুদ্ধ উনিয়ালে চন্দ্ৰৰ ওপৰত এক অন্তৰ্দৃষ্টিসম্পন্ন বক্তৃতা প্ৰদান কৰিব ৷ লগতে ইয়াৰ গঠনৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি আগবঢ়াব ।

তদুপৰি ইন্দিৰা গান্ধী প্লেনেটেৰিয়ামে চন্দ্ৰযান-৩ সম্পৰ্কীয় তথ্য প্ৰদান কৰিব আৰু এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব । চন্দ্ৰযান-৩ অৱতৰণৰ সময়ত প্লেনেটেৰিয়ামে লাইভ সম্প্ৰচাৰো চলাব ৷ যাৰ ফলত সাধাৰণ জনতাই ইয়াত নিয়োজিত হোৱাৰ এক অনন্য সুযোগ লাভ কৰিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: ISRO Chandrayaan3 Mission : ২৩ তাৰিখে অৱতৰণ কৰিব নোৱাৰিলে বিকল্প কি ? চন্দ্ৰযান-৩ অৱতৰণৰ ইছৰোৰ অন্য পৰিকল্পনা

বুধবাৰে বিয়লি ৫:২০ বজাৰ পৰা আৰম্ভ হ’ব লেণ্ডিং অপাৰেচনৰ লাইভ টেলিকাষ্ট । ইছৰোৰ ৱেবছাইট, ইয়াৰ ইউটিউব চেনেল, ফেচবুক, আৰু ৰাজহুৱা সম্প্ৰচাৰক ডিডি নেচনেল টিভিত ২৩ আগষ্ট, ২০২৩ তাৰিখে বিয়লি ৫:২৭ বজাৰ পৰা লেণ্ডিঙৰ লাইভ একচন উপলব্ধ হ’ব । তাৰ পিছত এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ চতুৰ্থখন দেশ হ’ব ভাৰত ৷ আমেৰিকা, ৰাছিয়া, আৰু চীনৰ পিচত ভাৰতেই হ’ব বিশ্বৰ একমাত্ৰ দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব ।

Last Updated : Aug 23, 2023, 11:01 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.