ETV Bharat / bharat

বৰ্ণ বৈষম্য দূৰীকৰণৰ বাবে পদক্ষেপ লৈছে জ’ বাইডেনে - মাৰ্কিন যুক্তৰাষ্ট্ৰ

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্ণবাদৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ৷ মঙলবাৰে স্বাক্ষৰ কৰিছে 4 টাকৈ কাৰ্যকৰী পদক্ষেপত ৷

Biden signs executive orders aimed at racial equity

author img

By

Published : Jan 27, 2021, 8:12 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 27 জানুৱাৰী : মাৰ্কিন যুক্তৰাষ্ট্ৰত বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আৰু বিভিন্ন বৰ্ণৰ মাজত সমতা স্থাপনৰ বাবে চাৰিটাকৈ কাৰ্যকৰী পদক্ষেপত স্বাক্ষৰ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰি, দেশখনত পদ্ধতিগতভাৱে বৰ্ণবাদ নিৰ্মূলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ গৃহ আৰু নগৰ উন্নয়ন বিভাগক নিৰ্দেশ প্ৰদান কৰি বাইডেনে এখন স্মাৰক পত্ৰত স্বাক্ষৰ কৰিছে ৷

বাইডেনে কয় যে, ‘‘মই কালিলৈকে এই বৰ্ণবাদ শেষ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ ৷ কিন্তু মই আপোনালোকক কথা দিছোঁ যে, আমি হোৱাইট হাউচৰ প্ৰত্যেকটো শাখাত পদ্ধতিগতভাৱে বৰ্ণবাদ নিৰ্মূলৰ বাবে অগ্ৰসৰ হৈছোঁ ৷ এই প্ৰচেষ্টাৰ অংশ হৈ পৰিছে ফেডাৰেল চৰকাৰ ৷’’ ইয়াৰ বাইডেনে উল্লেখ কৰে যে, ‘‘দৈনন্দিন কৰণীয় খিনিৰ ক্ষেত্ৰতো আমি ন্য়ায় আৰু সমতাৰ বজায় ৰাখিব লাগে ৷’’

আন এক কাৰ্যকৰী পদক্ষেপ হৈছে জনগোষ্ঠীয় চৰকাৰৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত ফেডাৰেল চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰা ৷ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে সকলো সংস্থাক বৰ্ণবাদ, এছিয়ান-আমেৰিকান আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ যিসকল লোক আমেৰিকাত আছে তেওঁলোকৰ প্ৰতি জেন’ফ’বিয়া আৰু অসহিষ্ণুতাৰ বিৰুদ্ধাচাৰণ কৰিবলৈ নিৰ্দেশ দিছে ৷

বাইডেনে ইয়াৰ লগতে ব্যক্তিগতভাৱে পৰিচালিত কাৰাগাৰসমূহৰ ব্যৱহাৰ নোহাৱা কৰিবৰ বাবেও নিৰ্দেশ জাৰী কৰিছে ৷ তাৰোপৰি ব্যক্তিগত কাৰাগাৰ সমূহৰ সৈতে কোনো চুক্তি নৱীকৰণ নকৰিবৰ বাবেও বাইডেনে ন্যায় বিভাগক নিৰ্দেশ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : বৃদ্ধা মাতৃক শ্মশানৰ সন্মুখত পেলাই থৈ গ‘ল কুলাংগাৰ পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.