নেশ্যনেল ডেস্ক, 19 জুলাই: এটা যুগৰ অৱসান ৷ 'কিচি নজৰ কো তেৰা ইণ্টেজাৰ আজ ভী হ্যেয়' গজলৰ স্ৰষ্টা কিংবদন্তী গায়ক ভূপিন্দৰ সিঙৰ দেহাৱসান (Singer Bhupinder Singh passes away) ৷ সোমবাৰে 82 বছৰ বয়সত মুম্বাইৰ এখন হাস্পতালত বিয়লি 7.45 বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীন গায়কগৰাকীয়ে (Bhupinder Singh dies at 82) ৷
মলাশয়ৰ ৰোগৰ বাবে যোৱা 10 দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল সিং ৷ তাৰ পিছতে তেওঁৰ শৰীৰত কৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল ৷ সোমবাৰে পুৱা তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল ৷ হাস্পতালতে হৃদৰোগতো আক্ৰান্ত হৈছিল সিং ৷
ভূপিন্দৰ সিঙৰ পত্নী মিতালী সিঙে সংবাদমাধ্যমক জনায় যে মঙলবাৰে গায়কজনৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হ'ব ৷ ভূপিন্দৰ সিঙে 'দিল ধুণ্ডতা হে', 'এক অকেলা ইজ শাহেৰ মে', 'বিটি না বিতাই ৰাইনা', 'হুজুৰ ইছ কাদাৰ ভি না ইত্ৰা কে চলিয়ে', 'নাম গুম জায়েগা', আৰু 'বাদলো চে কাত কাত কে' আদিৰ দৰে কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল ৷
পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰিছিল ভূপিন্দৰ সিঙে ৷ তেওঁ গীটাৰ আৰু ভায়োলিন শিকিছিল ৷ তেওঁ কিশোৰ কুমাৰ আৰু মহম্মদ ৰফিৰ সৈতে কেইবাটাও গীতত কণ্ঠদান কৰিছিল ৷
লগতে পঢ়ক: সুস্মিতা সেনক ডেট কৰি আছে ললিত মোডীয়ে; শীঘ্ৰেই অৰ্ধাংগিনী বনাব প্ৰাক্তন বিশ্ব সুন্দৰী গৰাকীক