ETV Bharat / bharat

ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ; বিশ্বৰ মৰ্মান্তিক ঔদ্যোগিক দুৰ্ঘটনাৰ সজল স্মৃতি - Union Carbide

৩৯ বছৰ অতিক্ৰম কৰিলে । কিন্তু সেই দুৰ্বিষহ স্মৃতি এতিয়াও সজীৱ হৈ আছে দেশবাসীৰ মনত । লগতে শেল হৈ বিন্ধি আছে এতিয়াও জীৱিত ভুক্তভোগীৰ হৃদয়ত । বিশ্বৰ আটাইতকৈ ডাঙৰ ঔদ্যোগিক দুৰ্যোগ ভূপাল গেছ ট্ৰেজেডীয়ে ২ ডিচেম্বৰত ৩৯ বছৰ অতিক্ৰম কৰিলে । কিন্তু সেই আঘাতত জৰ্জৰিত বহুতো লোক 39 বছৰৰ পাছতো আৰোগ্য হোৱা নাই ।

39 years of Bhopal Gas Tragedy
ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 11:55 AM IST

নিউজ ডেস্ক, ২ ডিচেম্বৰ : ভূপাল গেছ ট্ৰেজেডীয়ে ২ ডিচেম্বৰত ৩৯ বছৰ অতিক্ৰম কৰিলে । এই গেছ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছিল হাজাৰ হাজাৰ লোকৰ । কিন্তু তাতোকৈ ডাঙৰ কথা, তেওঁলোকৰ প্ৰজন্মৰ পিছত প্ৰজন্ম এতিয়াও এই বিষাক্ত গেছৰ প্ৰভাৱত ভুগি আছে । চৰকাৰে সাহায্যৰ মলম লগাবলৈ চেষ্টা কৰিছে, কিন্তু সেয়া এতিয়াও উপযুক্ত নহয় বুলি প্ৰমাণিত হৈছে ।

আনকি ভয়ংকৰ গেছ দুৰ্ঘটনা সংঘটিত ঠাইখনত এতিয়াও বিষাক্ত আৱৰ্জনা পৰি আছে । চৰকাৰৰ সকলো দাবী সত্ত্বেও এই বিষাক্ত আৱৰ্জনা এতিয়াও আঁতৰা নাই । এই দুৰ্বিষহ জীৱনৰ সৈতে যুঁজি যুঁজি বহু লোকে ইতিমধ্যে ধৰা এৰি গুচি গৈছে । কিন্তু দোষীসকলক শাস্তি দিবলৈ এতিয়াও বিচাৰ ব্যৱস্থা অপাৰগ । ৩৯ বছৰ ধৰি গোচৰটো আদালততে ওলমি আছে ।

বিশ্বৰ সৰ্ববৃহৎ ঔদ্যোগিক দুৰ্ঘটনা ভূপাল গেছ ট্ৰেজেডীত 15,000-ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল । ১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰৰ মাজনিশা এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । দুৰ্ঘটনাটোৱে চহৰখনক মৃত্যু উপত্যকাত পৰিণত কৰিছিল । ঘটনাৰ পটভূমি এনেধৰণৰ । 1969 চনত ইউনিয়ন কাৰ্বাইডে ভূপালত এটা ইউচিআইএল কাৰখানা প্ৰতিষ্ঠা কৰিছিল । তাত মিথাইল আইছ'চায়েনাইডৰ পৰা কীটনাশক উৎপাদন আৰম্ভ হৈছিল । আনহাতে, ১৯৭৯ চনত মিথাইল আইছ'চায়েনাইড উৎপাদনৰ বাবে তাত এটা নতুন কাৰখানা খোলা হৈছিল ।

কিন্তু বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ নিৰাপত্তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাছিল । যাৰ ফলাফল ২ আৰু ৩ ডিচেম্বৰৰ নিশা আহে । কাৰখানাৰ এ ৬১০ নম্বৰ টেংকীত পানী ৰখা হৈছিল । মিথাইল আইছ'চায়েনাইডত পানী যোগ দিয়াৰ ফলত টেংকীৰ ভিতৰৰ তাপমাত্ৰা বৃদ্ধি হয় । তাৰ পিছত বিষাক্ত গেছ বায়ুমণ্ডলত বিয়পি পৰে ।

দাবী কৰা অনুসৰি, প্ৰায় ৪৫ মিনিটৰ ভিতৰত প্ৰায় ৩০ মেট্ৰিক টন গেছ নিৰ্গত হয় । এই গেছ সমগ্ৰ চহৰখনৰ বায়ুমণ্ডলত বিয়পি পৰে আৰু ইয়াৰ লগে লগে চহৰখনত মৃত্যু সমদল আৰম্ভ হয় । এই গেছৰ প্ৰভাৱত ১৫,০০০ ৰো অধিক লোকৰ মৃত্যু হয় । কিন্তু এই প্ৰক্ৰিয়াটো বন্ধ হোৱা নাছিল । যিসকলে এই দুৰ্ঘটনাত বাচি গৈছিল, তেওঁলোকে কিন্তু এই গেছৰ প্ৰভাৱৰ পৰা বাচিব নোৱাৰিলে । চিৰজীৱনৰ বাবে বহু লোক পংগু হৈ পৰে আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম বিকলাংগতাৰ বলি হৈ আহিছে ।

অৱশ্যে যদিও এই বিষাক্ত গেছৰ প্ৰভাৱত মৃত্যু হোৱা লোকসকলৰ চৰকাৰী সংখ্যা এতিয়াও উপলব্ধ নহয়, বিভিন্ন উৎসৰ পৰা বিভিন্ন মতামতৰ বাবে এই সংখ্যাত ভিন্নতা আছে । ইয়াৰ পূৰ্বে চৰকাৰীভাৱে মৃত্যুৰ সংখ্যা ২,২৫৯ গৰাকী বুলি জনা গৈছিল । কিন্তু মধ্যপ্ৰদেশৰ তদানীন্তন চৰকাৰে ৩,৭৮৭ গৰাকী বুলি নিশ্চিত কৰিছিল । আন এক অনুমান অনুসৰি, এই দুৰ্ঘটনাত ৮০০০ লোকৰ মৃত্যু হয় কেৱল দুটা সপ্তাহতে । আনহাতে, গেছ নিৰ্গমন সম্পৰ্কীয় ৰোগত আক্ৰান্ত হৈ আন 8000 লোকৰ মৃত্যু হয় ।

কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিশ্বৰ আটাইতকৈ ডাঙৰ ঔদ্যোগিক ট্ৰেজেডী ভূপাল গেছ ট্ৰেজেডীয়ে দিয়া আঘাতৰ ৩৯ বছৰ পাছতো ইয়াৰ ফল এতিয়াও ভুগি আছে । বিষাক্ত গেছৰ সন্মুখীন হোৱা ভুক্তভোগী আৰু তেওঁলোকৰ প্ৰজন্মৰ পিছত প্ৰজন্মই শাৰীৰিক সমস্যাৰ সন্মুখীন হৈ আহিছে । কিন্তু তথাপিও ভুক্তভোগীসকলে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে । গেছ ট্ৰেজেডীৰ বাবে দায়বদ্ধ ইউনিয়ন কাৰ্বাইড আজিলৈকে আদালতত হাজিৰ হোৱা নাই ।

আবেদনকাৰী ভূপাল গ্ৰুপ ফৰ ইনফৰ্মেচন এণ্ড একচনৰ সতীনাথ সাৰংগীয়ে কয় যে ইমান বছৰৰ পাছতো এই ক্ষেত্ৰত চৰকাৰে কেৱল যুক্তি আৰু প্ৰমাণ উপস্থাপন কৰিছে । কিন্তু ভুক্তভোগীয়ে ন্যায়ৰ বাবে এতিয়াও অপেক্ষা কৰি আছে । অৱশ্যে ইউনিয়ন কাৰ্বাইডৰ সভাপতি আৰু সেই সময়ৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাৰেন এণ্ডাৰছনৰ ইতিমধ্যে মৃত্যু হৈছে ।

লগতে পঢ়ক :ডুবাইত জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.