ETV Bharat / bharat

Bhojpuri Film Actress Viral Video : নিৰ্বাচনী প্ৰচাৰৰ পৰা পলাল অভিনেত্ৰী অক্ষৰা সিং !

author img

By

Published : Dec 26, 2022, 10:02 PM IST

Updated : Dec 26, 2022, 10:48 PM IST

বেতিয়াৰ পৰা অক্ষৰা সিঙৰ ভিডিঅ' (Viral video of Akshara Singh) ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । স্কুটীৰ পিছফালে বহি থকা অক্ষৰাই নিজকে লুকুৱাই ভিৰৰ পৰা পলাই আহিছে । নীলা ৰঙৰ চুট পিন্ধা অক্ষৰাই ইমান খৰখেদাকৈ আহিছিল যে তেওঁৰ চকুত ছানগ্লাছ পিন্ধিছিল, কিন্তু ভৰিত একো পিন্ধিবকে পৰা নাছিল ।

Bihar
Bihar
নিৰ্বাচনী প্ৰচাৰৰ পৰা পলাল ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিং !

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : ভোজপুৰী অভিনেত্ৰী অক্ষৰা সিঙে নিৰ্বাচনী প্ৰচাৰৰ বাবে বেতিয়াত গৈ উপস্থিত হৈছিল (Akshara Singh Bettiah in Election Campaign) । কিন্তু তেওঁ য'ত প্ৰচাৰ চলাই আছিল তাত ইমানে জনসমাগম হয় যে তাৰকাগৰাকীয়ে স্কুটী এখনৰ পিছত উঠি পলাবলগা অৱস্থাৰ সৃষ্টি হয় । পলোৱাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে আনকি চেণ্ডেল পিন্ধাৰো সুযোগ পোৱা নাছিল ।

তাৰে ভিডিঅ'টো বৰ্তমান সামাজিক মাধ্যমত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে (Viral video of Akshara Singh) । ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে অক্ষৰা সিঙে স্কুটীৰ পিছফালে বহি আছে আৰু মেয়ৰ প্ৰাৰ্থী গৰিমা দেৱী চিকাৰিয়াৰ স্বামী ৰোহিত চিকাৰিয়াই স্কুটীখন চলাই আছে । অক্ষৰা সিঙে মুখ ঢাকি স্কুটীৰ পিছফালে বহিছিল যাতে কোনেও তেওঁক দেখা নাপায় ।

উল্লেখ্য, চহৰখনত এটা ৰোড শ্ব' কৰাৰ পিছত অক্ষৰাৰ কনভয় পোখৰ ভিন্দা গাঁৱত উপস্থিত হৈছিলগৈ । নিৰ্ধাৰিত সময় শেষ হোৱাৰ পিছত তেওঁ গাড়ীৰ পৰা নামি আহে । কিন্তু তেওঁ গাড়ীৰ পৰা নামি অহাৰ লগে লগে অনুৰাগীৰ বিশাল সমাগম হয় (Bhojpuri Film Actress Viral Video) । অনুৰাগীসকলে অক্ষৰা সিঙক এপলক চোৱাৰ হেঁপাহত আৰু ছেলফি উঠিবলৈ হেতা-ওপৰা লাগে ।

ইফালে পৰিস্থিতিৰ গুৰুতৰ দেখি প্ৰাৰ্থীগৰাকীৰ স্বামীয়ে অক্ষৰা সিঙক স্কুটী এখনত বহিবলৈ কয় আৰু তেওঁক ভিৰৰ পৰা বচাবলৈ বেগাই স্কুটী চলাবলৈ আৰম্ভ কৰে । অৱশ্যে অনুৰাগীসকলে তেতিয়াও হাৰমনা নাছিল আৰু স্কুটীৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিছিল । তাৰ মাজতে কেনেবাকৈ প্ৰাৰ্থীগৰাকীৰ স্বামীয়ে অক্ষৰা সিঙক ৰক্ষা কৰে আৰু তেওঁক বেতিয়াত উপস্থিত কৰায় ।

উল্লেখ্য, বেতিয়াত পৌৰ নিগমৰ নিৰ্বাচন (Municipal elections in Bettiah) অহা ২৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব । তাত অক্ষৰা সিঙে মেয়ৰ প্ৰাৰ্থী গৰিমা দেৱী চিকাৰিয়াৰ হৈ প্ৰচাৰ চলাবলৈ বেতিয়ালৈ আহিছিল । বেতিয়াত তেওঁ গৰিমাৰ সমৰ্থনত এটা ৰোড শ্ব' অনুষ্ঠিত কৰিছিল । তাৰ পিছতে উক্ত অনাহূত ঘটনা সংঘটিত হয় । কিন্তু প্ৰচাৰৰ পিছত প্ৰাৰ্থীগৰাকীৰ স্বামী ৰোহিত চিকাৰিয়া আৰু ভোজপুৰী চিনে তাৰকা অক্ষৰা সিঙৰ উক্ত অৱস্থাৰ ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

লগতে পঢ়ক :আৰএন কুপাৰ হাস্পতালৰ কৰ্মচাৰীৰ দাবী "সুশান্ত সিঙক হত্যা কৰা হৈছিল; হাস্পতাল কৰ্তৃপক্ষই সত্য লুকুৱাই ৰাখিছে"

Last Updated : Dec 26, 2022, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.