ETV Bharat / bharat

তিনিদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত অনুষ্ঠিত Bhart ko jaano শীৰ্ষক অনুষ্ঠান - তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন ভাৰতক জানক শীৰ্ষক অনুষ্ঠান

সোমবাৰৰ পৰা ত্ৰিপুৰাৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে 'Bhart ko jaano' শীৰ্ষক অনুষ্ঠান (Bhart ko jaano Programme organised in Tripura) । তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই উৎসৱৰ অন্ত পৰিব ২৯ ডিচেম্বৰত । দেশৰ নানাৰঙী কৃষ্টি-সংস্কৃতিৰ জৰিয়তে দেশবাসীক একতাৰ বান্ধোনেৰে বান্ধিবলৈ এই প্ৰয়াস কৰা হৈছে ।

Bhart ko jaano
ত্ৰিপুৰাত অনুষ্ঠিত হৈছে 'Bhart ko jaano' শীৰ্ষক উৎসৱ
author img

By

Published : Dec 27, 2021, 1:46 PM IST

আগৰতলা, ২৭ ডিচেম্বৰ : ডিমাপুৰৰ উত্তৰ-পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ আৰু ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ত্ৰিপুৰাত আজিৰে পৰা "ভাৰতক জানক" শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Bhart ko jaano Programme organised in Tripura) । এই কাৰ্যসূচীৰ অধিনতে ত্ৰিপুৰাৰ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব । ২৯ ডিচেম্বৰত এই অনুষ্ঠানৰ সামৰণি পৰিব ।

অনুষ্ঠানটিৰ বিষয়বস্তু হৈছে "ৰাষ্ট্ৰীয় সাংস্কৃতিক বিনিময় কাৰ্যসূচী" । গ্ৰাম্য আৰু নগৰ অঞ্চল উভয়তে লোক নৃত্য আৰু জনজাতীয় নৃত্যৰ অনুষ্ঠান আয়োজন কৰা হ'ব । দেশৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু সংস্কৃতিৰ জৰিয়তে ৰাষ্ট্ৰক একত্ৰীকৰণৰ মনোভাৱৰ প্ৰচাৰৰ বাবে এনে অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

Bhart ko jaano
ত্ৰিপুৰাত অনুষ্ঠিত হৈছে 'Bhart ko jaano' শীৰ্ষক উৎসৱ

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ত্ৰিপুৰাৰ উদয়পুৰ, জিৰানিয়া আৰু আগৰতলাত বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে । উত্তৰ-পূৱ মণ্ডল সাংস্কৃতিক কেন্দ্ৰই সংবাদ বিবৃতিযোগে এই কথা জানিবলৈ দিছে ।

ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰৰ ৰাজশ্ৰী কলাক্ষেত্ৰত উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হ'ব । দ্বিতীয় দিনাৰ অনুষ্ঠান পশ্চিম জিলাৰ জিৰাণিয়াৰ অগ্নিবীণা হলত আৰু তৃতীয় দিন অনুষ্ঠান পশ্চিম আনন্দ নগৰৰ ড৹ বি আৰ আম্বেদকাৰ ইংৰাজী মডেল বিদ্যালয়ৰ কমিউনিটি হলত অনুষ্ঠিত হ'ব ।

অৰুণাচল প্ৰদেশ, অসম, ঝাৰখণ্ড, মণিপুৰ, ওড়িশা আৰু ত্ৰিপুৰাৰ স্থানীয় সাংস্কৃতিক দল তথা লোক শিল্পীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । শিল্পীসকলে তেওঁলোকৰ নিজ নিজ লোক নৃত্য আৰু গীতৰ লগতে আন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিব । অৰুণাচল প্ৰদেশৰ শিল্পীয়ে ৰিখমপদ আৰু জুজু জাজা নৃত্য, অসমৰ শিল্পীয়ে বিহু নৃত্য, ঝাৰখণ্ডৰ চেৰাইকেলা ছাউ নৃত্য, মণিপুৰৰ থাং-টা আৰু পুং চোলাম, ওড়িশাৰ শিল্পীয়ে ঘুদ্কা সম্বলপুৰী নৃত্য প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক: Repeal of AFSPA : নাগালেণ্ডত প্ৰত্যাহাৰ হ’ব নেকি AFSPA ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.