ETV Bharat / bharat

ভাৰতৰ প্ৰথমগৰাকী সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ - সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ

জয়া খান, দেশৰ প্ৰথমগৰাকী সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ হিচাপে পৰিগনিত হৈছে ৷ টেলিমেডিচিন বিষয়ত ৰাইজক তথ্য প্ৰদান কৰিব জয়া খানে ৷ কেন্দ্ৰীয় কমিউনিকেশ্বন, ইলেকট্ৰনিকছ এণ্ড ইনফৰমেশ্বন টেকন'লজি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে টুইটাৰযোগে প্ৰকাশ কৰিছে এই তথ্য ৷

ভাৰতৰ প্ৰথমগৰাকী সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ

author img

By

Published : Jul 4, 2020, 10:33 PM IST

নিউজ ডেস্ক, 4 জুলাই : দেশৰ প্ৰথমগৰাকী সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ হিচাপে গুজৰাটৰ বডোদৰা জিলাৰ বাসিন্দা জয়া খানৰ নাম ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৷ গুজৰাটৰ এটা কমন ছাৰ্ভিচ চেন্টাৰত কৰ্মৰত জয়া খান হৈছে দেশৰ প্ৰথমগৰাকী সমলিংগ ব্যক্তি যিয়ে এইদৰে কেন্দ্ৰটোত গ্ৰাহক তথা ৰাইজক টেলিমেডিচিন সন্দৰ্ভত তথ্য প্ৰদান কৰিব ৷

  • Zoya Khan is India's first transgender operator of Common Service Centre from Vadodara district of Gujarat. She has started CSC work with Tele medicine consultation. Her vision is to support transgender community in making them digitally literate & give them better opportunities. pic.twitter.com/L0P9fnF2JT

    — Ravi Shankar Prasad (@rsprasad) July 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই সুবিধাৰ দ্বাৰা ৰোগীসকলে ওচৰত থকা কমন চেন্টাৰৰ পৰা ৰোগ সন্দৰ্ভত বিভিন্ন দিহা-পৰামৰ্শ লাভ কৰে, ভিডিঅ' কনফাৰেন্সৰ সহযোগত ৷ ইয়াৰ দ্বাৰা দেশৰ সমলিংগ সকলৰ উন্নয়নৰ বাবে চৰকাৰে উঠোৱা খোজৰ এয়া এক বাস্তৱিক উদাহৰণ বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ সমলিংগৰ ব্যক্তিসকলক ডিজিটেলি স্বাক্ষৰ কৰি তুলি চৰকাৰে অনাগত দিনটো তেওঁলোকৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি উল্লেখ কৰে কেন্দ্ৰীয় কমিউনিকেশ্বন, ইলেকট্ৰনিকছ এণ্ড ইনফৰমেশ্বন টেকন'লজি মন্ত্ৰীগৰাকীয়ে ৷

ভাৰতৰ প্ৰথমগৰাকী সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ
সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ জয়া খান

উল্লেখ্য যে, কমন ছাৰ্ভিচ চেন্টাৰ হৈছে দেশৰ ডিজিটেল ইণ্ডিয়া প্ৰকল্পৰ এক অন্যতম কাৰ্যসূচী ৷ সমগ্ৰ দেশতে ইয়াৰ নেটৱৰ্ক আছে আৰু ইয়াৰ দ্বাৰা আঞ্চলিক, ভৌগলিক, ভাষিক আৰু সাংস্কৃতিক ভিন্নতাৰ মাজতো এক দেশ এক ভাৰত হিচাপে চৰকাৰে সকলোৱে সেৱা কৰিবলৈ লোৱা অন্যতম কাৰ্যসূচী ৷

লগতে পঢ়কঃ চপোৰ আক্ৰমণত নিহতৰ বাসগৃহত উপস্থিত আইজিপি বিজয় কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.