ETV Bharat / bharat

ভাৰতৰ 80 খন চহৰত অত্যাৱশ্যকীয় ঘৰুৱা সামগ্ৰী যোগান জমেটোৰ - কৰ'ণা ভাইৰাছ

দেশৰ 80 খন চহৰত খাদ্য় সামগ্ৰী যোগান জমেটোৰ ৷ এই সময়ছোৱাত বিভিন্ন সেৱা আগবঢ়োৱাৰ কথা ঘোষণা জমেটোৰ ৷

ভাৰতৰ 80 খন চহৰত অত্যাৱশ্যকীয় ঘৰুৱা সামগ্ৰী যোগান
জমেটোৰ সেৱা মুকলি
author img

By

Published : Apr 7, 2020, 11:13 PM IST

নেশ্যনেল ডেস্ক, 7 এপ্ৰিল : ভাৰতৰ 80 খন চহৰত অত্যাৱশ্যকীয় ঘৰুৱা সামগ্ৰীৰ যোগান ধৰে জমেটোয়ে ৷ ইয়াৰোপৰি, অষ্ট্ৰেলিয়া আৰু পৰ্টুগালৰ ৰেষ্টুৰেন্ট ব্যৱসায়ক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে দুই দেশতো খাদ্য যোগান ধৰিব জমেটোয়ে ৷ মঙলবাৰে এই কথা জানিবলৈ দিয়ে জমেটোৰ মুখ্য কাৰ্যবাহী বিষয়া দিপীন্দৰ গোয়েলে ৷

চলিত মাহৰ পৰা Zomato Gold subscription ৰ জৰিয়তে সকলো ৰেষ্টুৰেন্ট কৰ্মীসকলক সমৰ্থন আগবঢ়োৱা হ'ব আৰু এই সেৱাগ্ৰহণ কৰাসকলে অন্য এটা বছৰৰ অতিৰিক্ত সেৱা উপভোগ কৰাৰ সুবিধা লাভ কৰিব ৷

গোয়েলে এক বিবৃতিত উল্লেখ কৰে, "ভাৰত আৰু ছৌদি আৰৱত এই সেৱা আৰম্ভ কৰা হৈছে আৰু কিছুদিনৰ ভিতৰত অন্য কিছু দেশতো আৰম্ভ কৰা হ'ব ৷"

গোয়েলে কয়, "সমগ্ৰ বিশ্ব থমকি ৰ'ল, আৰু দূৰ্ভাগ্যবশতঃ ৰেষ্টুৰেন্ট ব্যৱসায়ক বেয়াকৈ প্ৰভাৱিত কৰিলে ৷ এই সময়ছোৱাত আমি ব্যৱসায়ৰ উত্থান কৰিবলৈ চেষ্টা কৰাৰ লগতে পৰাপক্ষত সকলোকে সমৰ্থন কৰি আগবাঢ়ি যাব লাগিব ৷"

খাদ্য বিতৰণৰ এই প্লেটফৰ্মটোৱে Zomato Gold membership থকা সকলো গ্ৰাহকলৈ দুমাহৰ বাবে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ এই সুবিধা ভাৰতৰ উপৰি ছৌদি আৰৱ, অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ, লেবানন, তুৰ্কী, নিউজিলেণ্ড, পৰ্টুগাল আৰু কাটাৰে লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.