ETV Bharat / bharat

অৱন্তিপুৰা এনকাউন্টাৰত প্ৰাণ গ'ল জাকিৰ মুছাৰ উত্তৰসূৰী সহিতে তিনিজনৰ - জাকিৰ মুছাৰ উত্তৰসূৰী সহিতে তিনিজনত হত্যা শেহতীয়া বাতৰি

জাকিৰ মুছাৰ উত্তৰসূৰী আব্দুল হামিদ লেলহাৰি সহিতে তিনিজনক অৱন্তিপুৰা এনকাউন্টাৰত হত্যা কৰাৰ তথ্য প্ৰদান কৰিছে সুৰক্ষা বাহিনীয়ে ৷ বহুকেইটা কূটাঘাতমূলক কাণ্ডৰ সৈতে জড়িত আছিল মৃত তিনি সন্ত্ৰাসবাদী ৷

অৱন্তিপুৰা এনকাউন্টাৰ
author img

By

Published : Oct 23, 2019, 1:58 PM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: অল কায়দাৰ সৈতে জড়িত অনছাৰ গজৱত উল হিন্দৰ সেনাধ্যক্ষ তথা জাকিৰ মুছাৰ উত্তৰসূৰী আব্দুল হামিদ লেলহাৰি সহিতে তিনিজনক অৱন্তিপুৰা এনকাউন্টাৰত হত্যা কৰাৰ তথ্য প্ৰদান কৰিছে সুৰক্ষা বাহিনীয়ে ৷ উল্লেখ্য যে,সুৰক্ষা বাহিনীয়ে জাকিৰ মুছাক হত্যা কৰাৰ পাচতে এই বছৰৰে জুন মাহত গজৱত উল হিন্দৰ নতুন সেনাধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছিল আব্দুল হামিদ লেলহাৰিক ৷

এই সম্পৰ্কত জম্মু-কাশ্মীৰ আৰক্ষীয়ে মন্তব্য কৰে,"বহুকেইটা কূটাঘাতমূলক কাণ্ডৰ সৈতে জড়িত নবিদ তাক,হামিদ লোন ওৰফে হামিদ লেলহাৰি আৰু জুনেইদ ভাটক হত্যা কৰা হৈছে ৷ তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে গোচৰ ৰুজু কৰা হৈছে ৷"

উল্লেখ্য যে,আৰক্ষী বিভাগে মঙলবাৰে বিয়লি সময়ত প্ৰকাশ কৰিছিল যে,তিনিজনকৈ জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে ৷ পুলৱামাত আগষ্টৰ 29 তাৰিখে দুই গুজ্জৰ ভাতৃক হত্যা কৰাৰ সৈতে জড়িত আছিল ইয়াৰে দুজন সন্ত্ৰাসবাদী ৷ গজৱত উল হিন্দৰ তেতিয়াৰ সেনাধ্যক্ষ জাকিৰ মুছাক সুৰক্ষা বাহিনীয়ে এই বছৰৰে মে' মাহত হত্যা কৰিছিল ৷

লগতে চাওকঃমোডীক ভাবুকি দি হাঁহিয়াতৰ পাত্ৰ পাক গায়িকা

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.