ETV Bharat / bharat

গান্ধী পৰিয়ালৰ সুৰক্ষা বাতিলঃ যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল নতুন দিল্লী - ছোনিয়া গান্ধীৰ বাবে থকা SPG সুৰক্ষা

গান্ধী পৰিয়ালৰ শীৰ্ষ নেতাৰ বাবে থকা কটকটীয়া সুৰক্ষা ঘেৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ ইতিমধ্যেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বাবে থকা সুৰক্ষা ঘেৰা আঁতৰাই দিয়াৰ পিচত এইবাৰ ছোনিয়া গান্ধী,ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বাবে থকা SPG সুৰক্ষা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ-মন্ত্ৰালয়ে ৷ যাৰ বাবে বুধবাৰে নতুন দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷

যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল নতুন দিল্লী
author img

By

Published : Nov 20, 2019, 5:19 PM IST

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰঃ কংগ্ৰেছৰ শীৰ্ষনেতাৰ বাবে থকা বিশেষ সুৰক্ষা গোট (Special Protection Group) চমুকৈ SPG সুৰক্ষা ঘেৰাক লৈ লোকসভাত কংগ্ৰেছৰ প্ৰতিবাদৰ পিচতেই বুধবাৰেও প্ৰতিবাদ অব্যাহত আছে ৷ বুধবাৰে যুৱ কংগ্ৰেছে সৰ্বভাৰতীয় পৰ্যায়ত সংসদ ভৱন ঘেৰাও কাৰ্যসূচীৰে নতুন দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী আৰু ছোনিয়া গান্ধীৰ বাবে থকা SPG সুৰক্ষা আঁতৰাই দিয়াৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছীয়ে ৷

যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল নতুন দিল্লী

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিচতেই মঙলবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ দলে লোকসভাত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ দলটোৰ শীৰ্ষ নেতৃত্বক প্ৰদান কৰি অহা কটকটীয়া নিৰাপত্তা ঘেৰা বাতিল কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছে ৷ ইয়াৰ এদিনৰ পিচতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷ যুৱ কংগ্ৰেছৰ নেতাৰ অভিযোগ অনুসৰি,গান্ধী পৰিয়ালৰ সৈতে বিজেপিয়ে অসন্মান প্ৰদৰ্শন কৰিছে ৷ যিটো পৰিয়ালৰ দুজনকৈ শীৰ্ষ নেতা সন্ত্ৰাসবাদীৰ হাতত নিধন হৈছে সেইটো পৰিয়ালৰ পৰা সুৰক্ষা ঘেৰা আঁতৰাই দিয়াটো মুঠেই সন্তোষজনক নহয় বুলি কয় যুৱ কংগ্ৰেছীসকলে ৷ আনহাতে গান্ধী পৰিয়ালক গৃহমন্ত্ৰী অমিত শ্বাহে হত্যাৰ অভিসন্ধি কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃ সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব এন আৰ চিঃ অমিত শ্বাহ

Intro:Body:

গান্ধী পৰিয়ালৰ সুৰক্ষা বাতিলঃ যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল নতুন দিল্লী

গান্ধী পৰিয়ালৰ শীৰ্ষ নেতাৰ বাবে থকা কটকটীয়া সুৰক্ষা ঘেৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ ইতিমধ্যেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বাবে থকা সুৰক্ষা ঘেৰা আঁতৰাই দিয়াৰ পিচত এইবাৰ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বাবে থকা SPG সুৰক্ষা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহ-মন্ত্ৰালয়ে ৷ যাৰ বাবে বুধবাৰে নতুন দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷  

নেশ্বনেল ডেস্ক, 20 নৱেম্বৰঃ কংগ্ৰেছৰ শীৰ্ষনেতাৰ বাবে থকা বিশেষ সুৰক্ষা গোট (Special Protection Group) চমুকৈ SPG সুৰক্ষা ঘেৰাক লৈ লোকসভাত কংগ্ৰেছৰ প্ৰতিবাদৰ পিচতেই বুধবাৰেও প্ৰতিবাদ অব্যাহত আছে ৷ বুধবাৰে যুৱ কংগ্ৰেছে সৰ্বভাৰতীয় পৰ্যায়ত সংসদ ভৱন ঘেৰাও কাৰ্যসূচীৰে নতুন দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ছোনিয়া গান্ধীৰ বাবে থকা SPG সুৰক্ষা আঁতৰাই দিয়াৰ বাবেই এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছীয়ে ৷ 

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিচতেই মঙলবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ দলে লোকসভাত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ দলটোৰ শীৰ্ষ নেতৃত্বক প্ৰদান কৰি অহা কটকটীয়া নিৰাপত্তা ঘেৰা বাতিল কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছে ৷ ইয়াৰ এদিনৰ পিচতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷ যুৱ কংগ্ৰেছী নেতাৰ অভিযোগ অনুসৰি, গান্ধী পৰিয়ালৰ সৈতে বিজেপিয়ে অসন্মানীয় ব্যৱহাৰ কৰিছে ৷ যিটো পৰিয়ালৰ দুজনকৈ শীৰ্ষ নেতা সন্ত্ৰাসবাদীৰ হাতত নিধন হৈছে সেইটো পৰিয়ালৰ পৰা সুৰক্ষা ঘেৰা আঁতৰাই দিয়াটো মুঠেই সন্তোষজনক নহয় বুলি কয় যুৱ কংগ্ৰেছীসকলে ৷ আনহাতে গান্ধী পৰিয়ালক গৃহমন্ত্ৰী অমিত শ্বাহে হত্যাৰ অভিসন্ধি কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.