ETV Bharat / bharat

ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰিবলৈ এতিয়াও বাকী আছে : হোৱাইট হাউচ - ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণক লৈ ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ ব্যাপক চৰ্চা চলিছে ৷ কিন্তু আমেৰিকাৰ বাণিজ্যিক বিভাগৰ প্ৰতিনিধি ৰবাৰ্ট লাইটহেইজাৰ যিয়ে ভাৰত-আমেৰিকাৰ বাণিজ্য়িক চুক্তিৰ মধ্যস্থতাকাৰী আছিল, তেওঁ ট্ৰাম্পৰ এই ভ্ৰমণত সংগ নিদিয়ে ৷ ইয়াৰ পূৰ্বেও এইগৰাকী বিষয়াই তেওঁৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী বাতিল কৰিছিল ৷

ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰিবলৈ এতিয়াও বাকী আছে : হোৱাইট হাউচ

author img

By

Published : Feb 22, 2020, 7:19 PM IST

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : আমেৰিকাই শুকুৰবাৰে কয় যে, ৰাষ্ট্ৰপতি ডলান্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি সম্পাদন কৰাৰ সম্ভাৱনীয়তা নাছিল যদিও ভাৰতৰ নিৰ্দিষ্ট সাধাৰণ প্ৰণালীসমূহ আঁতৰাই দিয়াটো চিন্তনীয় বিষয় হিচাপে দেখা দিছে ৷

"বাণিজ্যিক চুক্তি আঁতৰাই দিয়াত আমাৰ বাবে চিন্তাৰ কাৰণ হিচাপে দেখা দিয়া বিষয়টো হৈছে ভাৰতৰ জিএছপি (Generalized System of Preferences) ৷ আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে বিভিন্ন খণ্ডৰ বাবে থকা অধিগ্ৰহণযোগ্য আৰু ন্যায়সংগত দিশসমূহ ব্যৰ্থ হোৱাটোৱে মুল কাৰণ ৷" এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়াই এই কথা উল্লেখ কৰে ৷

অহা 24 আৰু 25 ফেব্ৰুৱাৰীত ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজতে বহুলানি বাণিজ্যিক চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে ৷ এইক্ষেত্ৰত সকলো দিশ চোৱাচিতা কৰা আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি ৰবাৰ্ট লাইটহেইজাৰে ট্ৰাম্পৰ সৈতে ভ্ৰমণ নকৰে আৰু তেওঁ ইয়াৰ পূৰ্বেও এইদৰে ভাৰত ভ্ৰমণ বাতিল কৰিছিল ৷

এই বিষয়ত জ্যেষ্ঠ প্ৰশাসনিক বিষয়াগৰাকীয়ে "আমি আমাৰ ভাৰতীয় সহযোগীসকলৰ সৈতে কথা পাতি আছো আৰু এইক্ষেত্ৰত আহি পৰা বাধাসমূহ চিনাক্ত কৰিবলৈ কথা পাতিছো ৷ ইউএছটিআৰৰ দ্বাৰা পৰিচালিত আমাৰ বাণিজ্যিক দলটোৱে বিগত কেইবাসপ্তাহ ধৰি ভাৰতীয় দলৰ সৈতে কথা পাতি আছে ৷ এই আলোচনা চলি থাকিব ৷" বুলি উল্লেখ কৰে ৷

ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰিবলৈ এতিয়াও বাকী আছে : হোৱাইট হাউচ
ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি চূড়ান্ত কৰিবলৈ এতিয়াও বাকী আছে : হোৱাইট হাউচ

"ভাৰত-আৰু আমেৰিকাৰ বিত্তীয় আৰু বাণিজ্যিক সম্পৰ্ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু মই ভাবো, আমেৰিকাৰ বজাৰ দখল কৰাটো ভাৰতৰ বাবেও সমানে জটিল ৷ আমি বিছাৰো যে ইয়াত সামঞ্জস্য থাকিব লাগে ৷ আমি বহুটো বিষয়ত চিন্তা কৰিছো কিন্তু আমি এতিয়াও তাত সোমাব পৰা নাই ৷" এটা প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে এইদৰে কয় ৷ তেওঁ লগতে কয় যে, "উচ্চ ক্ষমতাসম্পন্ন আমেৰিকান প্ৰতিনিধিৰ দলটোৱে এই বিষয়ত ভ্ৰমণৰ পিচতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনা অব্যাহত ৰাখিব ৷ বিগত সপ্তাহত ভাৰতৰ ফালৰ পৰা বহুটো ঘোষণা কৰা হৈছে যদিও আমাৰ ফালৰ পৰা এতিয়াও তাক লৈ নিশ্চিতি প্ৰদান কৰা হোৱা নাই ৷ শেহতীয়াকৈ মেড ইন ইণ্ডিয়াৰ অধীনত কৰা ঘোষণাসমূহক আমি অধিক গুৰুত্ব প্ৰদান কৰিছো ৷ আমি লক্ষ্য কৰিছো বাধাসমূহ আঁতৰাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে আৰু ইয়াক নেতৃস্থানীয় দিশৰ পৰা অধিক লক্ষ্য কৰা হৈছে ৷ হওঁক বা নহওঁক বাণিজ্যিক চুক্তিক লৈ ঘোষণা কৰা হ'ব একমাত্ৰ ভাৰতীয়সকলৰ সষ্টমতাৰ ওপৰত ৷ য'ত বহুটো বাণিজ্যিক চুক্তিৰ কথা কোৱা হৈছে, তাৰ ভিতৰত বিভিন্ন খণ্ডত আমি বিনিয়োগ কৰিবলৈ সাজু আছো ৷"

"ভাৰতৰ বাবে মেড ইন ইণ্ডিয়া যিদৰে অধিক গুৰুত্বপূৰ্ণ ঠিক একেদৰেই আমেৰিকাৰ বাবেও সমানে গুৰুত্বপূৰ্ণ ৷ ভাৰতৰ শেহতীয়া বাজেটত আমেৰিকাৰ সপক্ষে বহুটো ঘোষণা কৰা হৈছে ৷ আমি এইক্ষেত্ৰত ই-কমাৰ্চ আৰু ডিজিটেল ট্ৰেডত অধিক গুৰুত্ব দিম ৷ ইয়াৰ বাবে আমি সাংঘাটিক ধৰণে বাধা প্ৰদান কৰা খণ্ডসমূহ বিছাৰি উলিয়াবলৈ চেষ্টা কৰি আছো ৷" শেষত বিষয়াগৰাকীয়ে এইদৰে উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.