ETV Bharat / bharat

অনিল আম্বানীলৈ চমন জাৰি ইডিৰঃ ইয়েছ বেংক

author img

By

Published : Mar 16, 2020, 1:43 PM IST

Updated : Mar 16, 2020, 2:08 PM IST

টকাৰ লেনদেন সন্দৰ্ভত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীসহ ইয়েছ বেংকৰ প্ৰৱৰ্তক ৰাণা কাপুৰ আৰু আন কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধে সোমবাৰে ইডিৰ চমন জাৰি ৷ উল্লেখ্য যে,মনি লণ্ডাৰিং এক্টৰ অধীনত জমাকৃত ধন সন্দৰ্ভত আম্বানীৰ মন্তব্য ৰেকৰ্ড কৰা হ’ব ৷

অনিল আম্বানীলৈ চমন জাৰি ইডিৰঃ ইয়েছ বেংক
অনিল আম্বানীলৈ চমন জাৰি ইডিৰঃ ইয়েছ বেংক

নিউজ ডেস্ক, 16 মাৰ্চঃ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীইয়েছ বেংকৰ প্ৰৱৰ্তক ৰাণা কাপুৰ আৰু অন্য কেইগৰাকীমান ব্যক্তিৰ সৈতে থকা টকাৰ লেনদেনৰ বিৰুদ্ধে সোমবাৰে ইডিয়ে চমন জাৰি কৰে ৷ এই কথা ইডিৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে ৷

কৰ্মকৰ্তাই জনোৱা মতে,প্ৰৱৰ্তন নিৰ্দেশালয়ে আম্বানীক সোমবাৰে কাৰ্যালয়লৈ গৈ পদচ্যুত কৰাৰ নিৰ্দেশ জাৰি কৰিছিল ৷ তেওঁৰ ৰিলায়েন্স কোম্পানীটো বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ কোম্পানীসমূহৰ ভিতৰত এটা,যিটো কোম্পানীয়ে সংকটগ্ৰস্ত বেংকসমূহৰ পৰা ঋণ লোৱাৰ পিছত সেই বেংকসমূহে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয় ৷ ইডিৰ কৰ্মকৰ্তাই কয় যে,আম্বানীয়ে কিছু ব্যক্তিগত সমস্যাৰ অজুহাত দেখুৱাই কাৰ্যালয়ত উপস্থিত হ’বৰ বাবে সময়ৰ আবেদন কৰে আৰু পিছলৈ তেওঁ নতুন তাৰিখ এটাৰ আবেদন কৰিব বুলি জানিবলৈ দিয়ে ৷

সূত্ৰই জনোৱা মতে,আম্বানীৰ কোম্পানীয়ে এন.পি.এলৈ ৰূপান্তৰিত হ’বলগীয়া বেংকসমূহৰ পৰা প্ৰায় 1,800 কোটি টকাৰ ঋণ লৈছিল ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 6 মাৰ্চ তাৰিখে এক সংবাদ মাধ্যমযোগে কয় যে,অনিল আম্বানী গ্ৰুপ,এছেল,আই.এল.এফ.এছ,ডি.এইচ.এফ.এল আৰু ভোডাফোনৰ সৈতে ইয়েছ বেংকৰ যোগাযোগ সুকীয়া আছিল ৷ ডাঙৰ ডাঙৰ কোম্পানী যিবোৰে বেলেগাৰ্ড বেংকৰ পৰা বৃহৎ সংখ্যক ঋণ লৈছিল,পিছলৈ সেই বেংকৰ আৰ্থিক অৱস্থা সংকটজনক হৈ পৰে ৷ এই সন্দৰ্ভত তদন্ত কৰিবলৈ আম্বানীক মাতি পঠোৱা হয় ৷ এই কথা ইডিৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে ৷

ইফালে চলিত মাহৰ আৰম্ভণিতে ইয়েছ বেংকৰ প্ৰৱৰ্তক ৰাণা কাপুৰক কেন্দ্ৰীয় তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান তেওঁক ইডিৰ জিম্মাত ৰখা হৈছে ৷ ৰাণা কাপুৰ,তেওঁৰ পৰিয়াল আৰু অন্য লোকৰ ওপৰত ইডিয়ে 4,300 কোটি টকাৰ ‘অপৰাধ প্ৰৱণতা’ৰ ভিত্তিত টকা লেনদেনৰ অভিযোগ দাখিল কৰে ৷ তেওঁলোকে লোৱা ঋণৰ বাবে বাবেই বেংকসমূহ এন.পি.এলৈ ৰূপান্তৰিত হ’বলগীয়া হয় ৷

লগতে পঢ়কঃ ঘাতক ৰূপী খুড়া : অন্ কেমেৰা হত্যাকাণ্ডৰ হু-বহু ভাষ্য !

Last Updated : Mar 16, 2020, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.