ETV Bharat / bharat

চীনৰ আগ্ৰাসনৰ ফলত চিন্তাৰ উদ্বেগ ভাৰতত

author img

By

Published : May 31, 2020, 2:25 PM IST

কৰ'ণা ভাইৰাছৰ উৎপত্তিস্থল বুলি বিভিন্ন দেশে অভিযোগ উত্থাপন কৰাৰ ফলত বৰ্তমান চীনে বিশ্বতে স্থান হেৰুওৱাৰ উপক্ৰম হৈছে ৷ সৰ্বকালৰ অন্তিম স্থানত উপনীত হৈছে চীন ৷ বিদেশী উদ্যোগ সমূহেও দেশখন ত্যাগ কৰিছে ৷ বেইজিঙৰ বৈশ্বিক পৰিচয় সলনি হৈ পৰাৰ ফলত ইয়াৰ বিৰুদ্ধে যুঁজিবৰ বাবে সম পৰ্যায়ৰ দেশসমূহৰ সৈতে ফেৰ পাতি লোৱাতো চীনৰ চৰিত্ৰ ৷

ভাৰত-চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত দুয়ো দেশৰ সৈন্য মোতায়েন
চীনৰ আগ্ৰাসনৰ ফলত চিন্তাৰ উদ্বেগ ভাৰতত

নেশ্যনেল ডেস্ক, 31 মে': ভাৰত-চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত (Line of Control) দুয়ো দেশৰ সৈন্য মোতায়েন কৰাৰ এয়া চতুৰ্থ সপ্তাহ ৷ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, চীনে 4,000 টোপ আৰু বৃহৎ অস্ত্ৰ-শস্ত্ৰ সীমান্তত বাহাল কৰিছে ৷ বেইজিঙৰ তৰফৰ পৰা এনেদৰে যুদ্ধৰ আগজাননী প্ৰদান নকৰা হ'লে এনেদৰে দুই পক্ষৰ সৈন্য মোতায়েন কৰাৰ প্ৰয়োজন নহ'লহেঁতেন ৷ দ্বিপাক্ষিক বুজাবুজিত আয়োজন কৰা য়ুহান আৰু মহাবলিপুৰম অনানুষ্ঠানিক সন্মিলনৰ কি হ'ল? এতিয়া কিয় ? এই বিষয়ে কিছু জানো আহক ৷

কৰ'ণা ভাইৰাছৰ উৎপত্তিস্থল বুলি বিভিন্ন দেশে অভিযোগ উত্থাপন কৰাৰ ফলত বৰ্তমান চীনে বিশ্বতে স্থান হেৰুওৱাৰ উপক্ৰম হৈছে ৷ সৰ্বকালৰ অন্তিম স্থানত উপনীত হৈছে চীন ৷ বিদেশী উদ্যোগ সমূহেও দেশখন ত্যাগ কৰিছে ৷ বেইজিঙৰ বৈশ্বিক পৰিচয় সলনি হৈ পৰাৰ ফলত ইয়াৰ বিৰুদ্ধে যুঁজিবৰ বাবে সম পৰ্যায়ৰ দেশসমূহৰ সৈতে ফেৰ পাতি লোৱাতো চীনৰ চৰিত্ৰ ৷

ভেটো ক্ষমতাসম্পন্ন বেইজিঙে কৰ'ণা ভাইৰাছ মহামাৰীৰ প্ৰভাৱ সম্পৰ্কত আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদক বাধা প্ৰদান কৰে ৷ কিন্তু, 120 খন দেশৰ সমৰ্থনত বিশ্ব স্বাস্থ্য সংস্থাক এখন EU ৰ খচৰা প্ৰদান কৰা হয় ৷ উপায়বিহীন হৈ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এই ক্ষেত্ৰত সমৰ্থন জনাবলৈ ভুৱা সন্মতি প্ৰদান কৰিব লগা হয় ৷ তেওঁ সেই কাম কৰিলে যি কাম কৰাত চীন পাকৈত ৷ শেহতীয়াকৈ আফ্ৰিকাত স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ 2 বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চীনে ৷

বৈশ্বিক নেতৃত্ব লাভৰ বাবে চীন আৰু আমেৰিকাৰ মাজত প্ৰতিদ্বন্দিতা অব্যাহত আছে ৷ কৰ'ণা ভাইৰাছৰ উদ্ভৱ চীনৰ পৰা হোৱা বুলি সকলোৱে বিশ্বাস কৰাৰ ফলত চীন আমেৰিকাৰ তুলনাত পিছপৰি ৰৈছে ৷ চীনৰ নেতৃবিন্দও বৰ্তমান চিন্তিত আৰু আমেৰিকাইও চীনৰ পৰা ট্ৰিলিয়ন ডলাৰৰ ক্ষতিপূৰণ বিচাৰিছে ৷ এই সম্পৰ্কত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে খৰ্গহস্ত হৈ কয়, "আমেৰিকাত এক ৰাজনৈতিক ভাইৰাছ বিয়পি আছে আৰু চীনক আক্ৰমণ কৰাৰ সকলো সুবিধা গ্ৰহণ কৰিছে ৷"

এনে পৰিস্থিতিত অন্যান্য দেশসমূহে আন্তৰাষ্ট্ৰীয় সমূদায়ৰ সৈতে সম্পৰ্ক বৃদ্ধিৰ চেষ্টা কৰিছে ৷ ইয়াৰ পৰিৱৰ্তে চীনে দক্ষিণ চীন সাগৰত আক্ৰমণাত্মক মনোভাৱ গ্ৰহণ কৰিছে আৰু এক নতুন প্ৰতিৰক্ষা আইন প্ৰৱৰ্তন কৰি টাইৱানক ভয় প্ৰদান কৰাৰ লগতে হংকঙৰ স্বতন্ত্ৰতা খৰ্ব কৰাৰ চেষ্টা কৰিছে ৷

ভাৰত-চীন সীমান্তত হঠাৎ সৈন্য মোতায়েন কৰা হৈছে ৷ এনে ধৰণৰ 400-500 সৈন্য মোতায়েন প্ৰতি বছৰে হয় যদিও অতি সোনকালে মীমাংসা কৰা হয় ৷ কিন্তু, 2017 চনত ডকলাম মালভূমিত এনে এক পৰিস্থিতি মীমাংসা কৰিবৰ বাবে 72 দিনৰ প্ৰয়োজন হৈছিল ৷ তেতিয়াৰ সৈতে বৰ্তমানৰ প্ৰাৰ্থক্য হৈছে সময়, স্কেল, মিলিটাৰী শক্তি আৰু প্ৰেৰণা ৷ বৰ্তমান চাৰি ঠাইত এনেদৰে সৈন্য মোতায়েন কৰা হৈছে - গলৱান উপত্যকাৰ ওচৰত তিনিটা আৰু লাডাখৰ পাংগং টিছোৰ ওচৰত চতুৰ্থটো ৷

ভাৰতক ভিতিগ্ৰস্ত কৰাৰ চীনৰ বহু কাৰণ আছে ৷ প্ৰথম, কৰ'ণা ভাইৰাছৰ ফলত প্ৰভাৱাম্বিত হোৱা শক্তিশালী নেতাৰ প্ৰতিচ্ছবি খনৰ পুনৰ উত্থান কৰিব বিচাৰিছে ৰাষ্ট্ৰপতি ঝি জিনপিঙে ৷ দ্বিতীয়তে, বিশ্বৰ সকলো দেশ চীন কেন্দ্ৰিক হোৱাটো চীনে বিচাৰে যিহেতু এই ক্ষেত্ৰত উন্নয়নশীল দেশ হিচাপে ভাৰতৰো বহু সম্ভাৱনা আছে ৷ তৃতীয়তে, চীনে এই কথা জানে যে, বৰ্তমান ভাৰতক কৰ'ণা ভাইৰাছে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ৷ চতুৰ্থতে, বিশ্বৰ পৰা লাভ কৰা সমালোচনাৰ পাচতো চীন চিন্তিত নহয় বুলি প্ৰমাণ কৰিব বিচাৰে ৷ পঞ্চমতে, চীনে দেখুৱাব বিচাৰে যে, চীনৰ বিৰুদ্ধে থিয় দিলে ইয়াৰ পৰিণাম ভয়াবহ হ'ব ৷ ষষ্ঠতে, চীনে কেৱল ভাৰতৰে নহয়, আন্তৰাষ্ট্ৰীয় সমূদায়ে কেনেদৰে এই সমস্যাৰ সমাধান কৰে সেয়া পৰীক্ষণ কৰিব বিচাৰে ৷

ৰাষ্ট্ৰপতি জিনপিঙে এক দুঃসাহসিক পন্থা অৱলম্বন কৰা যেন পৰিলক্ষিত হৈছে ৷ আনহাতে, এই ক্ষেত্ৰত চীনৰ সংবাদ মাধ্যমে ভাৰতকহে আক্ৰমণাত্মক বুলি প্ৰমাণিত কৰিব বিচাৰিছে ৷ এতিয়া এয়াই আশা কৰা হৈছে যে, দুয়ো পক্ষই এই সমস্যাক শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ সক্ষম হ'ব ৷ কিন্তু, এয়া সত্য যে, ভাৰত এক গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.