ETV Bharat / bharat

আজৱ: এজোপা গছেৰেই সৃষ্টি এখন অৰণ্য সদৃশ উদ্যানৰ

পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাজু গছজোপা ৷ যিয়ে অকলেই সৃষ্টি কৰিছে এখন অৰণ্য সদৃশ উদ্যানৰ ৷ কিন্তু ক'ত আছে এই বৃহৎ গছজোপা ?

author img

By

Published : Jul 22, 2020, 6:09 PM IST

এজোপা গছেৰেই সৃষ্টি এখন সৰু অৰণ্য
এজোপা গছেৰেই সৃষ্টি এখন সৰু অৰণ্য

নেশ্যনেল ডেস্ক, 22 জুলাই: এটাই এশৰ সমান বুলি যাক কোৱা হয় ৷ একেডাল গছেৰেই আবৃত্ত এখন অৰণ্য ৷ এইয়াও সম্ভৱ জানো ?

সচৰাচৰ এনে হোৱাটো অসম্ভৱ যদিও,ব্ৰাজিলৰ পিৰাংগি কাজু উদ্যানৰ কাজু বাদামৰ গছডালেই হ'ল ইয়াৰ এক জলন্ত উদাহৰণ ৷ প্ৰকৃতিৰ যেন এক আশ্বৰ্যকৰ সৃষ্টি ৷

পেলেৰ দেশৰ ৰিঅ' গ্ৰেণ্ড ডো নৰ্টে প্ৰদেশ ৷ সেই দেশৰ ৰাজধানী নাতালৰ পৰা দক্ষিণে 20 মিনিটৰ পথ অতিক্ৰম কৰিলেই সমুদ্ৰৰ তীৰ পোৱা যায় ৷ সেই সমুদ্ৰ তীৰতে আছে এখন উদ্ভিদ উদ্যান ৷ সেই উদ্যানৰ নাম পিৰাংগি কাজু উদ্যান ৷ যি প্ৰকৃততে এডাল কাজু গছেৰেই সমৃদ্ধ এখন বৃহৎ অৰণ্য ৷ আনকি সেই স্থানত প্ৰবেশ কৰা কোনো লোকৰে অনুভৱ নহয় যে,সেই অৰণ্য মাথো এডাল গছেৰেই সৃষ্ট ৷ দুখন ফুটবল খেলপথাৰৰ আকাৰৰ হ'ব পিৰাংগি কাজু উদ্যান ৷ সংখ্যা হিচাপত 2 একৰ ভূমিত বিস্তৃত হৈ আছে সেই কাজু উদ্যান ৷

কোনো কোনো লোকে কয় এই গছৰ বয়স শতস্ৰাধিক বছৰ ৷ কোনো লোকৰ মত,1888 চনত ৰোপণ কৰা হৈছিল এই গছজোপা ৷ যদি তেনে হয় তেন্তে 142 বছৰীয়া এই কাজু গছজোপাই এটি অসাধাৰণ,অনবদ্য প্ৰাকৃতিক তথা জৈৱ বৈচিত্ৰতাৰ উদাহৰণ বহন কৰিছে ৷ প্ৰতি বছৰেই বহু পৰিমাণৰ কাজুও উৎপাদিত হয় এই উদ্যানত ৷

লগতে পঢ়ক: অমৰনাথ যাত্ৰা সন্দৰ্ভত অনুষ্ঠিত বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.