ETV Bharat / bharat

বিশ্ব সাক্ষৰতা দিৱস : 85.9 শতাংশৰে ভাৰতৰ ভিতৰতে পঞ্চম স্থানত অসম

author img

By

Published : Sep 8, 2020, 8:45 PM IST

সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে বিশ্ব সাক্ষৰতা দিৱস ৷ এই দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা সাক্ষৰ ৰাজ্যৰ তালিকাত পঞ্চম স্থানত উপনীত হৈছে অসম ৷ 96.2 শতাংশৰে তালিকাৰ প্ৰথম স্থানত আছে কেৰালা ৷ আনহাতে 66.4 শতাংশৰে তালিকাৰ অন্তিম স্থানত আছে অন্ধ্ৰপ্ৰদেশ ৷

বিশ্ব সাক্ষৰতা দিৱস
বিশ্ব সাক্ষৰতা দিৱস

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ : ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাই 1966 চনৰ পৰাই আজিৰ দিনটো অৰ্থাৎ 8 ছেপ্টেম্বৰৰ দিনটো বিশ্ব সাক্ষৰতা দিৱস হিচাপে পালন কৰি আহিছে ৷ আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীসমূহক ব্যক্তিপ্ৰধান, জনগোষ্ঠী আৰু সমাজৰ সাক্ষৰতাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰাবলৈ এই দিনটো আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ বহনক্ষম উন্নয়নৰ এক প্ৰধান লক্ষ্য হৈছে সাক্ষৰতা, আৰু ইয়াক ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য 2030ৰ ভিতৰত স্থান প্ৰদান কৰা হৈছে আৰু 2015 চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ নেতাসকলে ইয়াক কাৰ্যক্ষম কৰাৰ লগতে সাৰ্বজনীন শিক্ষাৰে সকলোকে সাঙুৰি লোৱাৰ বাবে মত প্ৰকাশ কৰিছে ৷ বহনক্ষম উন্নয়ন লক্ষ্যৰ চতুৰ্থটো হৈছে সাক্ষৰতা আৰু ইয়াৰ দ্বাৰা শিক্ষকসকলৰ ভূমিকাৰ লগতে শিক্ষাগ্ৰহণৰ কাৰ্যকৰী নীতি,প্ৰক্ৰিয়া,প্ৰশাসন আৰু অন্যান্য দিশসমূহ সামগ্ৰিকভাৱে সাঙুৰি লোৱাৰ বাবে চেষ্টা কৰা হৈছে ৷

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্য্যালয়ে আজি প্ৰকাশ কৰা সাক্ষৰতাৰ তালিকাত দেশৰ ভিতৰতে পঞ্চম স্থানত আছে অসম ৷ 2017 চনৰ জুন মাহৰ পৰা 2018 চনৰ জুলাই মাহৰ ভিতৰত ৰাষ্ট্ৰীয় নমুনা জৰীপৰ দ্বাৰা ৰাজ্যসমূহৰ সাক্ষৰতাৰ হাৰ প্ৰকাশ কৰা হয় ৷ তালিকাত 96.2 শতাংশৰে প্ৰথম স্থানত থাকে কেৰালা, 88.7 শতাংশৰে দ্বিতীয় স্থানত থাকে দিল্লী, 87.6 শতাংশৰে তৃতীয় স্থানত থাকে উত্তৰাখণ্ড, 86.6 শতাংশৰে চতুৰ্থ স্থানত থাকে হিমাচল প্ৰদেশ আৰু 85.9 শতাংশৰে পঞ্চম স্থানত আছে অসম ৷

তালিকাত অন্যান্য স্থানত থকা ৰাজ্যসমূহ হৈছে বিহাৰ (70.9%), তেলেংগানা (72.8%), উত্তৰ প্ৰদেশ (73%), মধ্য প্ৰদেশ (73.7%), ৰাজস্থান (69.7%) আৰু অন্ধ্ৰ প্ৰদেশ (66.4%) ৷ এই অধ্যয়নৰ দ্বাৰা সমগ্ৰ দেশৰে সাক্ষৰতাৰ হাৰ সামগ্ৰিকভাৱে 77.7 শতাংশ হয় ৷ দেশৰ চহৰাঞ্চলত সাক্ষৰতাৰ হাৰ হৈছে 87.7 শতাংশ আৰু গ্ৰামাঞ্চলত সাক্ষৰতাৰ হাৰ হৈছে 77.7 শতাংশ ৷ সমগ্ৰ দেশতে পুৰুষৰ সাক্ষৰতাৰ হাৰ 84.7 শতাংশ হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 70.3 শতাংশ ৷ এই জৰীপত মহিলাসকলৰ তুলনাত পুৰুষৰ সাক্ষৰতাৰ হাৰ অধিক হিচাপে দেখা গৈছে ৷ কেৰালাত মহিলাৰ 95.2 শতাংশ সাক্ষৰতাৰ হাৰৰ তুলনাত পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে সৰ্বাধিক 97.4 শতাংশ ৷ এই জৰীপ 15-29 বৰ্ষৰ লোকৰ মাজত কৰা হৈছিল আৰু ইয়াৰে গ্ৰামাঞ্চলৰ 24 শতাংশ আৰু চহৰাঞ্চলৰ 56 শতাংশই কম্পিউটাৰ চলাব জানে ৷ গ্ৰামাঞ্চলৰ 4 শতাংশ আৰু চহৰাঞ্চলৰ 23 শতাংশ গৃহতে কম্পিউটাৰ আছে ৷ 2011 চনৰ জৰীপত ভাৰতৰ সাক্ষৰতাৰ হাৰ আছিল 74.04 শতাংশ আৰু তালিকাৰ প্ৰথম পাঁচখন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চল আছিল ক্ৰমে, কেৰালা (93.91 শতাংশ), লক্ষদ্বীপ (92.28 শতাংশ), মিজোৰাম (91.58 শতাংশ), ত্ৰিপুৰা (87.75 শতাংশ) আৰু গোৱা (87.40 শতাংশ) ৷ ভাৰতত এতিয়াও 313 মিলিয়ন নিৰক্ষৰ লোক আছে আৰু ইয়াৰে 59 শতাংশই মহিলা ৷ বৰ্তমানে দেশত 186 মিলিয়ন মহিলা আছে যিয়ে পঢ়িব আৰু লিখিব নাজানে ৷ সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে 1988 চনত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান আৰম্ভ কৰাৰ লগতে প্ৰাপ্তবয়স্কৰ বাবে শিক্ষা সাঙুৰি লোৱা হৈছিল ৷ 1995 চনৰ মধ্যাহ্ন ভোজন আঁচনি, 2001 চনৰ সৰ্বশিক্ষা আঁচনি আৰু 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন তথা শেহতীয়াকৈ গ্ৰহণ কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অন্যতম ৷

সাক্ষৰতাৰ লগত সংযুক্ত হৈ পৰাৰ লগতে বৰ্তমানৰ এই মহামাৰীৰ সময়ত ৰাষ্ট্ৰসংঘই সাক্ষৰতাৰ দিশটোত অধিক গুৰুত্ব আৰোপ কৰিছে ৷ সমগ্ৰ বিশ্বত সাক্ষৰতাৰ প্ৰসাৰৰ বাবে 1946 চনৰ পৰাই ইউনেস্কই এইক্ষেত্ৰত অধিক সক্ৰিয়তাৰে কাম কৰি আহিছে ৷ শিক্ষাৰ দ্বাৰা সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰাৰ লগতে প্ৰতিগৰাকী ব্যক্তিক শিক্ষাৰে সাঙুৰি লোৱাৰ বাবে চেষ্টা কৰা হৈছে ৷ এগৰাকী সাক্ষৰ ব্যক্তিয়ে শিক্ষাৰ দ্বাৰা সমাজৰ লগতে নিজৰ সামগ্ৰিক উন্নয়ন সাধন কৰিবলৈ সক্ষম হয় ৷ এনে অৱস্থাত সাক্ষৰতাই বৃহৎ হাৰে শ্ৰমৰ বজাৰত আত্মনিয়োগ কৰাৰ লগতে শিশু আৰু পৰিয়ালৰ স্বাস্থ্য তথা পুষ্টি, দৰিদ্ৰতা আৰু জীৱনৰ প্ৰতি অধিক সুবিধাৰ সৃষ্টি কৰিছে ৷ লিখা-পঢ়াৰ উপৰিও বৰ্তমানে সাক্ষৰতাক এক বুজাবুজি, চিনাক্তকৰণ, সৃষ্টিশীলতা আৰু যোগাযোগ; যাক ডিজিটেলভাৱে আৰু তথ্যগতভাৱে আহৰণ কৰাৰ বাবে চেষ্টা চলোৱা হৈছে ৷

সমগ্ৰ বিশ্বতে আজিৰ দিনত প্ৰায় 750 মিলিয়ন যুৱ আৰু প্ৰাপ্তবয়স্ক আছে যিয়ে লিখিব আৰু পঢ়িব নাজানে আৰু 250 মিলিয়ন শিশুৱে শিক্ষাগ্ৰহণ তথা সাক্ষৰ হোৱাৰ প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷ যাৰ বাবে ৰাষ্ট্ৰসংঘই বহনক্ষম উন্নয়ন লক্ষ্যৰ দ্বাৰা সমগ্ৰ বিশ্বতে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈ থকা এইসকলৰ বাবে সাৰ্বজনীন স্তৰত শিক্ষাগ্ৰহণ সুচল কৰি তোলাৰ বাবে প্ৰচেষ্টা হাতত লৈছে ৷ আজিৰ দিনত সমগ্ৰ বিশ্বত প্ৰায় 773 মিলিয়ন যুৱ আৰু প্ৰাপ্তবয়স্কই সাধাৰণ সাক্ষৰতাৰ পৰা বঞ্চিত হৈ থকাৰ লগতে 617 মিলিয়ন শিশু আৰু প্ৰাপ্তবয়স্কই পঢ়িব নজনাৰ লগতে গণিতশাস্ত্ৰৰ ক্ষেত্ৰত পিছপৰি আছে ৷ আনহাতে এই মহামাৰীৰ সময়ত বিশ্বৰ 190 খনৰো অধিক দেশত বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ লগতে 1.6 বিলিয়ন শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত যতি পৰাৰ লগতে 63 মিলিয়ন প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ জীৱন প্ৰভাৱিত কৰিছে ৷ এই সমস্যা দুৰ কৰিবলৈ প্ৰতিখন চৰকাৰ আৰু শিক্ষাবিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ইয়াৰ পৰা বেছিসংখ্যক শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈছে ৷

1965 চনৰ 7 নৱেম্বৰত ৰাষ্ট্ৰসংঘই 8 ছেপ্টেম্বৰক আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 1966 চনৰ 8 ছেপ্টেম্বৰত ইয়াক প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল ৷ ৰাষ্ট্ৰসংঘৰ হাতত থকা তথ্য অনুসৰি, সমগ্ৰ বিশ্বৰ প্ৰায় 84 শতাংশ লোকেই সাক্ষৰ হোৱাৰ লগতে আজিৰ দিনত 250 মিলিয়ন শিশুৱে লিখিব তথা পঢ়িব নাজানে ৷ বিশ্বৰ 775 মিলিয়ন নিৰক্ষৰ প্ৰাপ্তবয়স্কৰ প্ৰায় এক-তৃতীয়াংশ দহখন দেশ; ভাৰত, চীন, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া, ইথিঅপিয়া, ইজিপ্ট, ব্ৰাজিল, ইন্দোনেছিয়া আৰু কংগোত আছে ৷ ইউনেস্কৰ গ্লোৱেন মনিটৰিং ৰিপৰ্ট অন ইডুকেশ্বন ফৰ অল কাউন্ট্ৰিছৰ তালিকাত বিশ্বৰ ভিতৰতে কমসংখ্যক সাক্ষৰতা থকা দেশকেইখন হৈছে ক্ৰমে; বাৰ্কিনা ফাছো (12.8 শতাংশ), নিগাৰ (12.8 শতাংশ) আৰু মালি (19 শতাংশ) ৷ ৰাষ্ট্ৰসংঘৰ পৰ্যালোচনা অনুসৰি, প্ৰতি পাঁচগৰাকী প্ৰাপ্তবয়স্কৰ ভিতৰত এগৰাকী নিৰক্ষৰ আৰু 75 মিলিয়ন শিশুৱে বিদ্যালয়লৈ নাযায় তথা বিদ্যালয়ৰ পৰা বৰ্জিত ৷

লগতে পঢ়ক : স্বাক্ষৰতাৰ হাৰ : শীৰ্ষ স্থান অক্ষুণ্ণ কেৰালাৰ, পঞ্চমত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.