নেশ্যনেল ডেস্ক, 18 এপ্ৰিল : বিশ্বব্যাপী 18 এপ্ৰিল তাৰিখে পালন কৰা বিশ্ব ঐতিহ্য দিৱসে জনসাধাৰণক ঐতিহ্যপূৰ্ণ সম্পদসমূহৰ গুৰুত্ব প্ৰদান আৰু সংৰক্ষণ কৰাত উৎসাহ যোগায় ৷ এই সম্পদসমূহ যাতে বিশ্ব ঐতিহ্যবাহী স্থানৰ স্থিতিত আকৰ্ষণীয় হৈ ৰয় তাৰ ওপৰত গুৰুত্ব দিয়ে ৷
ইয়াৰোপৰি,প্ৰতিবছৰে 19 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে ‘বিশ্ব ঐতিহ্য দিৱস’ পালন কৰা হয় ৷

বিশ্ব ঐতিহ্য দিৱস,2020ৰ মূলমন্ত্ৰ :
‘ঐতিহ্যৰ অনুভৱ’, ‘অংশীদাৰিত্বৰ সংস্কৃতি’ আৰু ‘অংশীদাৰিত্বৰ দায়িত্ব’ হৈছে
এই বৰ্ষৰ বিশ্ব ঐতিহ্য দিৱসৰ মূলমন্ত্ৰ ৷ বিশ্বব্যাপী স্বাস্থ্য ভিত্তিক বিশ্ব ঐক্যতাৰ মানদণ্ড বৃদ্ধিত এই মূলমন্ত্ৰই সহায় কৰিব ৷
বিশ্ব ঐতিহ্য দিৱসৰ ইতিহাস :
1982 চনত পোনপ্ৰথমে স্মাৰক আৰু স্থানৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদ (ICOMOS) য়ে UNESCOৰ সাধাৰণ সভাত 18 এপ্ৰিল তাৰিখটো বিশ্ব ঐতিহ্য দিৱস হিচাপে ঘোষণা কৰিছিল ৷ বিশ্বৰ ঐতিহ্যপূৰ্ণ স্মাৰক,সাংস্কৃতিক ঐতিহ্যসমূহৰ গুৰুত্ব আৰু সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি এই দিৱসৰ ঘোষণা কৰিছিল ৷
1964 চনৰ আন্তঃৰাষ্ট্ৰীয় চনদৰূপে খ্যাত ভেনিচ চনদৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি স্মাৰক আৰু স্থানৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদ (ICOMOS) গঠন কৰা হৈছিল ৷
বিশ্ব ঐতিহ্য স্থান :
UNESCOয়ে ‘আন্তঃৰাষ্ট্ৰীয় দিশত মহত্বপূৰ্ণ প্ৰাকৃতিক অথবা মানৱসৃষ্ট সম্পদসমূহক বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰিছে ৷
ঐতিহ্যৰ সংৰক্ষণ :
কোনো এটা সম্পদ বিশ্ব ঐতিহ্য স্থানত মূল্যাংকণ কৰাত ICOMOS আৰু UNESCOই দায়িত্ব গ্ৰহণ কৰে ৷ মূল্যাংকণ কৰিবলৈ বছৰত এবাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয় ৷ বনাঞ্চল ক্ষেত্ৰ,পৰ্বত ক্ষেত্ৰ,হ্ৰদমৰুভূমি,স্মৃতিস্তম্ভ,অট্টালিকা আৰু চহৰ আদি স্থানসমূহৰ ওপৰত ভিত্তি কৰিহে এই বিশ্ব ঐতিহ্যৰ সংৰক্ষণ কৰা হয় ৷
1972 চনৰ 16 নৱেম্বৰত UNESCO সাধাৰণ পৰিষদে চুইডেনৰ ষ্টকহোমত মানৱ পৰিৱেশ সম্পৰ্কীয় জাতিসংঘৰ সন্মিলনৰ দ্বাৰা সন্মত হোৱা 1968 চনৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ প্ৰস্তাৱ অনুসৰি বিশ্বৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য সম্পৰ্কীয় সন্মিলনৰ অনুমোদন দিয়ে ৷1977 চনত বিশ্ব ঐতিহ্য সমিতিৰ সভা অনুষ্ঠিত হৈছিল ৷
ভাৰতবৰ্ষৰ ঐতিহ্যবাহী স্থানসমূহ :
বিশ্বৰ ঐতিহ্যবাহী স্থান সংৰক্ষণত ভাৰতৰ স্থান ষষ্ঠ ৷
1983 চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ 4 টা ঐতিহাসিক স্থানক UNESCOয়ে ‘বিশ্ব ঐতিহ্যবাহী স্থান’ হিচাপে ঘোষণা কৰে- তাজমহল,আগ্ৰা ফ’ৰ্ট, অজন্তা আৰু ইলোৰা গুহা এই চাৰিটা ঐতিহাসিক স্থানে ভাৰতৰ ঐতিহাসিক স্থান হিচাপে স্বীকৃতি লাভ কৰে ৷ সম্প্ৰতি ভাৰতবৰ্ষৰ 35 টা স্থান বিশ্ব ঐতিহ্যবাহী স্থানত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই 35 টা স্থানৰ ভিতৰত 27 টা স্থান সাংস্কৃতিক,7 টা স্থান প্ৰাকৃতিক আৰু 1 টা সংমিশ্ৰিত শ্ৰেণীত বিভাজিত হৈছে ৷
ভাৰতৰ কেইটামান বিখ্যাত বিশ্ব ঐতিহ্যবাহী স্থান ক্ৰমে:
1. নালন্দা বিশ্ববিদ্যালয় (বিহাৰ)
2. অজন্তা-ইলোৰা গুহা (মহাৰাষ্ট্ৰ)
3. খাজুৰাহো মন্দিৰ (মধ্যপ্ৰদেশ)
4. যন্তৰ-মন্তৰ (দিল্লী)
5. জুটলা মিনাৰ (গুজৰাট)
6. মহাবাট মকবাৰা (গুজৰাট)
7. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (অসম)
8. সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান (পশ্চিম হিমালয়)
9. নন্দা দেৱী আৰু ভেলী অৱ ফ্লাৱাৰছ ৰাষ্ট্ৰীয় উদ্যান (উত্তৰাখণ্ড)
10. ক’নাৰ্ক মন্দিৰ (উৰিষ্যা)
11. তাজমহল (আগ্ৰা)
12. চোলা মন্দিৰ (তামিলনাডু)
13. বুধগয়া (বিহাৰ)
14. ৰেড ফ’ৰ্ট (দিল্লী)
15. কুম্ভ মেলা (হৰিদ্বাৰ, উজ্জ্বয়িনী, এলাহাবাদ আৰু নাছিক)
16. চাৰমিনাৰ (হায়দৰাবাদ)
17. কুটুব মিনাৰ (দিল্লী) ইত্যাদি৷
এই স্থানসমূহ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ক্ষেত্ৰৰ ভিত্তিত বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ৷
ভাৰতবৰ্ষৰ কেইটামান পুনঃসংস্থাপিত ঐতিহ্যবাহী স্থান :
1.শ্ৰী ৰংগানাথস্বামী মন্দিৰ (তামিলনাডু)
2. বাইকুল্লা খ্ৰীষ্ট চাৰ্চ (মহাৰাষ্ট্ৰ)
3. ৰয়েল অ’পেৰা হাউছ (মহাৰাষ্ট্ৰ)
4. ব’ম’নজী হ’ৰমৰ্জী ৱাডিয়া ফাউণ্টেইন এণ্ড ক্ল’ক টাৱাৰ (মুম্বাই)
5. গেটৱেজ অৱ গ’হাদ ফ’ৰ্ট (মধ্যপ্ৰদেশ)
6. ৱেলিংটন ফাউণ্টেইন (মুম্বাই)
ভাৰতৰ কিছুসংখ্যক স্থান বিশ্ব ঐতিহ্যবাহী স্থানৰ পৰা বঞ্চিত হোৱাৰ মুখ্য কাৰণসমূহ : সু-সংহত পৰিকল্পনাৰ অভাৱ,অবৈধ দখল,প্ৰদূষণ,পৰ্যটকৰ বাবে সুব্যৱস্থাৰ অভাৱ ইত্যাদি ৷
লগতে পঢ়ক : ক’ভিড-১৯ৰ পাছত বিশ্বত কি পৰিৱৰ্তন হ’ব ?