ETV Bharat / bharat

লক্ ডাউন অবিহনে ভাৰতত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলেহেতেন ৮ লাখঃ স্বাস্থ্য বিভাগ - কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্য়াণ বিভাগ

বৰ্তমান সময়ত লক্ ডাউন, কন্টেইনমেণ্ট মেজাৰ আৰু সামাজিক দূৰত্ব এই তিনিটা হৈছে COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধান অস্ত্ৰ ভাৰতৰ । লক্ ডাউন আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা অবিহনে ভাৰতত ১৫ এপ্ৰিল লৈকে ৪১ শতাংশ বৃদ্ধি হাৰত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হ'ল হয় প্ৰায় ৮.২ লাখ ।

লক্ ডাউন ইত্যাদি অবিহনে আক্ৰান্তৰ সংখ্যা ৮ লাখতকৈ অধিক হ'ল হৈ ভাৰততঃ স্বাস্থ্য বিভাগ

author img

By

Published : Apr 12, 2020, 12:10 PM IST

Updated : Apr 13, 2020, 10:25 AM IST

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ সময় উপযোগী সিদ্ধান্তই কিছু পৰিমাণে ৰক্ষা কৰিবলৈ সক্ষম হৈছে ভাৰতক । অৱশ্যে এতিয়াও বৰ্তি আছে COVID-১৯ সংক্ৰমণ বৃদ্ধি হোৱাৰ ভয়াৱহতা ।

শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্য়াণ বিভাগৰ এক পৰ্যালোচনাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য় । লক্ ডাউন আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা অবিহনে ৪১ শতাংশ বৃদ্ধি হাৰত ভাৰতত ১৫ এপ্ৰিল লৈকে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলেহেনেত প্ৰায় ৮.২ লাখ । এই কথা উল্লেখ কৰিছে স্বাস্থ্য় মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে । বৰ্তমান সময়ত লক্ ডাউন, কন্টেইনমেণ্ট মেজাৰ আৰু সামাজিক দূৰত্ব এই তিনিটাই হৈছে COVID-১৯ ৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ ভাৰতৰ ।

বিষয়াগৰাকীয়ে লগতে কয়, এই পৰিসংখ্যাই COVID-১৯ বৃদ্ধি হাৰ পৰ্যালোচনা কৰিছে । য'ত পোৱা গৈছে লক্ ডাউন ইত্যাদি অবিহনে ১৫ এপ্ৰিললৈ প্ৰায় ৮.২ লাখ লোক আক্ৰান্ত হোৱাৰ সম্ভৱনাৰ কথা । বিশ্লষণত লগতে কোৱা হৈছে ১৫ এপ্ৰিললৈ লক্ ডাউন অবিহনে ১.২ লাখ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিল হয় । যদিহে কেৱল ৰক্ষণশীল কৌশল অৱলম্বন কৰা হ'ল হয় ।

২৫ মাৰ্চৰ পাচৰে পৰা লক্ ডাউন, নিয়ন্ত্ৰণ ৰণনীতি, সামাজিক দূৰত্ব মানি চলাৰ ফলত বৰ্তমানলৈকে ভাৰতত ৭,৪৪৭ টা ঘটনা পঞ্জীকৃত হৈছে । বৰ্তমান ইয়াৰ বৃদ্ধিৰ হাৰ হৈছে ৩.৫ ৰ পৰা ৫ শতাংশ । আগৰৱালে কয়, যদি ১০০ শতাংশ লক্ ডাউন, সামাজিক দূৰত্ব, নিয়ন্ত্ৰণ নীতি কাৰ্যকৰী হয় তেন্তে ভাৰত এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সফল হ'ব ।

শনিবাৰ পৰ্যন্ত ভাৰতত ৭৫২৯ আক্ৰান্তৰ সংখ্য়া পোৱা গৈছিল । ইয়াৰে ৬৬৩৪ টা আছিল সক্ৰিয় । ৬৫২ গৰাকী লোকক আৰোগ্য় কৰাৰ বিপৰীতে ২৪২ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই ভাইৰাছত ।

Last Updated : Apr 13, 2020, 10:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.