ETV Bharat / bharat

ভাৰতৰ মিডিয়া সম্পূৰ্ণ স্বতন্ত্ৰ : বিশ্ব প্ৰেছ দিৱসত প্ৰকাশ জাভাড়কাৰৰ মন্তব্য

আজি বিশ্ব প্ৰেছ স্বতন্ত্ৰতা দিৱস ৷ প্ৰকাশ জাভাড়কাৰৰ শুভেচ্ছা প্ৰেৰণ ৷

author img

By

Published : May 3, 2020, 6:17 PM IST

Updated : May 3, 2020, 7:50 PM IST

ভাৰতৰ মিডিয়া সম্পূৰ্ণ স্বতন্ত্ৰ
বিশ্ব প্ৰেছ দিৱসত প্ৰকাশ জাভাড়েকাৰৰ মন্তব্য

নেশ্যনেল ডেস্ক, 3 মে' : ভাৰতৰ মিডিয়াই দেশত সম্পূৰ্ণ স্বতন্ত্ৰতা উপভোগ কৰিছে বুলি মন্তব্য কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাড়কাৰে কয় যে, দেশৰ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা বিনষ্ট কৰাৰ চেষ্টা কৰা যিকোনো জৰীপ অথবা দায়ীসকলক বিচাৰি উলিওৱা হ'ব ৷

বিশ্ব প্ৰেছ স্বতন্ত্ৰতা দিৱসৰ এই শুভ ক্ষণত জাভাড়কাৰে কয় যে, সকলোকে তথ্য আৰু জ্ঞান প্ৰদান কৰাৰ মিডিয়াৰ হাতত শক্তি আছে ৷

তেওঁ টুইটাৰৰ জৰিয়তে কয়, "ভাৰতীয় মিডিয়াই সম্পূৰ্ণ স্বতন্ত্ৰতা লাভ কৰিছে ৷ দেশৰ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা বিনষ্ট কৰাৰ চেষ্টা কৰা যিকোনো জৰীপ অথবা দায়ীসকলক আমি বিচাৰি উলিয়াম ৷"

  • Media has the power to inform and enlighten people. Media in India enjoy absolute freedom. We will expose, sooner than later, those surveys that tend to portray bad picture about "Freedom of Press" in India.#WorldPressFreedomDay

    — Prakash Javadekar (@PrakashJavdekar) May 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, যোৱা মাহত প্ৰকাশিত প্ৰেছ স্বতন্ত্ৰতা সূচীৰ 180 খন দেশৰ তালিকাত ভাৰতে দুটা স্থান অৱনমিত হৈ 142 সংখ্য়ক স্থানত ৰৈছে ৷

আনহাতে, বিশ্ব প্ৰেছ স্বতন্ত্ৰতা দিৱসৰ দিনা দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে মন্তব্য কৰে যে, বিজেপিয়ে গণতন্তৰ চতুৰ্থ স্তম্ভটো ধংস কৰাৰ চেষ্টা চলাইছে ৷

কংগ্ৰেছৰ অ'ফিচিয়েল টুইটাৰৰ পৰা কোৱা হয়, "World Press Freedom Index ত ভাৰতে দুটা স্থান হেৰুৱাই 142 সংখ্যক স্থানত ৰৈছে ৷ আজিৰ দিনটোত আমি মনত ৰখা উচিত যে, বিজেপিয়ে গণতন্তৰ চতুৰ্থ স্তম্ভটো ধংস কৰাৰ চেষ্টা কৰিছে আৰু এয়া আমি হ'বলৈ দিয়াটো অনুচিত ৷"

  • India slipped two places in World Press Freedom Index to 142. As we commemorate #WorldPressFreedomDay, we must remember that the BJP is hell bent on destroying this fourth pillar of democracy and we shouldn't let that happen.

    To all the journalists we would say, Daro Mat. pic.twitter.com/JThPf1gTUI

    — Congress (@INCIndia) May 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে কংগ্ৰেছে কয়, "সকলো সাংবাদিকক আমি ক'ব বিচাৰো যে, আপোনালোকে ভয় নকৰিব ৷"

বিজেপিৰ সভাপতি জে. পি. নাড্ডাই কয়, "প্ৰেছ হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৷ বিচাৰ-বিবেচনা প্ৰকাশ কৰা আৰু সচেতনতা সৃষ্টি কৰাত প্ৰেছে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে ৷ COVID-19 ৰ এই জটিল সময়ছোৱাতো নিজৰ প্ৰাণক তুচ্ছ কৰি দেশৰ সেৱাত ব্ৰতী হোৱা সকলো সাংবাদিকক মই অভিবাদন জনাইছো ৷"

  • Press is the 4th pillar of our democracy & plays a great role in the nation by shaping opinions and creating awareness. On this #WorldPressDay, I salute our media persons for risking their lives to make public aware of various aspects of COVID-19.

    — Jagat Prakash Nadda (@JPNadda) May 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 1993 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব প্ৰেছ স্বতন্ত্ৰতা দিৱস আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বজুৰি 3 মে'ৰ দিনটো বিশ্ব প্ৰেছ স্বতন্ত্ৰতা দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

Last Updated : May 3, 2020, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.