নেশ্বনেল ডেস্ক, 24 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশব্যাপী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আইনখনৰ বিৰোধিতা কৰিছে বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই ৷ বিজেপিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি জগত প্ৰকাশ নড্ডাৰ নাগৰিকত্ব সংশোধনী আইনক লৈ কলকাতাত উলিওৱা ৰেলীৰ পিচতেই আইনখনৰ মুকলি বিৰোধিতা কৰিছে পশ্চিমবংগ বিজেপিৰ উপ-সভাপতি চন্দ্ৰ কুমাৰ বসুৱে ৷
-
If #CAA2019 is not related to any religion why are we stating - Hindu,Sikh,Boudha, Christians, Parsis & Jains only! Why not include #Muslims as well? Let's be transparent
— Chandra Kumar Bose (@Chandrabosebjp) December 23, 2019 " class="align-text-top noRightClick twitterSection" data="
">If #CAA2019 is not related to any religion why are we stating - Hindu,Sikh,Boudha, Christians, Parsis & Jains only! Why not include #Muslims as well? Let's be transparent
— Chandra Kumar Bose (@Chandrabosebjp) December 23, 2019If #CAA2019 is not related to any religion why are we stating - Hindu,Sikh,Boudha, Christians, Parsis & Jains only! Why not include #Muslims as well? Let's be transparent
— Chandra Kumar Bose (@Chandrabosebjp) December 23, 2019
টুইটাৰযোগে আইনখনৰ বিৰোধিতা কৰি এলানি টুইট কৰে পশ্চিমবংগ বিজেপিৰ উপ-সভাপতিগৰাকীয়ে ৷ ভাৰতবৰ্ষ সকলো ধৰ্ম আৰু জনগোষ্ঠীৰ বাবেই মুকলি বুলি কোৱাৰ লগতে এই আইনখনৰ বিৰোধিতা কৰে চন্দ্ৰ কুমাৰ বসুৱে ৷ তেওঁ টুইটটোত কয়, "যদি নাগৰিকত্ব সংশোধনী আইন 2019 কোনো ধৰ্মৰ সৈতে জড়িত নহয়, তেন্তে হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টিয়ান পাৰ্চী আৰু জৈনৰ কথা কিয় কোৱা হৈছে ? মুছলমানসকলক কিয় অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷ বিষয়টো স্পষ্ট হ'ব লাগে ৷
-
Don't equate India or compare it with any other nation- as it's a nation Open to all religions and communities
— Chandra Kumar Bose (@Chandrabosebjp) December 23, 2019 " class="align-text-top noRightClick twitterSection" data="
">Don't equate India or compare it with any other nation- as it's a nation Open to all religions and communities
— Chandra Kumar Bose (@Chandrabosebjp) December 23, 2019Don't equate India or compare it with any other nation- as it's a nation Open to all religions and communities
— Chandra Kumar Bose (@Chandrabosebjp) December 23, 2019
ইয়াৰ পূৰ্বে বিজেপিৰ মিত্ৰজোঁট শিৰোমনি আকালি দলেও নাগৰিকত্ব সংশোধনী আইনত মুছলমানক অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি, 2014চনৰ 31 ডিচেম্বৰৰ পূৰ্বে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, জৈন, পাৰ্চী, বৌদ্ধ আৰু খ্ৰীষ্টিয়ানসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ৷